মই মাটিৰ মানুহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, October 31, 2026

মই মাটিৰ মানুহ

 


মই মাটিৰ মানুহ


                            মেজং বাবুল মেদক 


মই মাটিৰ মানুহ, মাটিয়েই মোৰ চিনাকি,

ঘামৰ টোপালত লিখোঁ জীৱনৰ কাহিনী।

ধূলি-বালিৰ বাটেৰে খোজ দিওঁ নীৰৱে,

সপোন সাঁচি ৰাখোঁ হৃদয়ৰ গভীৰতাত।


দুখ আহিলেও ভাঙি নপৰোঁ কেতিয়াও মই,

সংগ্ৰামৰ বাটেৰে গঢ়োঁ নতুন আশা।

সৰল জীৱন, সৰল মন,

সেয়াই মোৰ জীৱনৰ পৰিচয়।


মাটিৰ গোন্ধত লুকাই আছে

জীৱনৰ গান।

সত্য, শ্ৰম আৰু ভালপোৱাৰে,

উজলাই তোলোঁ এই ধুনীয়া পৃথিৱীখন।


মই মাটিৰ মানুহ,

অহংকাৰ নহয় 

এয়া মোৰ অলংকাৰ।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages