শিশু প্ৰতিভা আৰু সাঁথৰ!
জাতিৰাম কামান
সাঁথৰ, প্ৰহেলিকা, ৰহস্য আদিবোৰ সমাৰ্থক শব্দ। এই শব্দবোৰৰ মাজতেই লুকাই আছে জটিল প্ৰশ্ন আৰু ইয়াৰ উত্তৰ। আচলতে এই বিশ্ব ব্ৰহ্মাণ্ড বা মহাজগতখনেই এটা বিৰাট সাঁথৰ! এই ৰহস্যঘন সৃষ্টিৰ আঁত বিচাৰি বৈজ্ঞানিক সকলে অহৰহ যুঁজি যুঁজি ন ন তথ্য আৰু তত্ত্ব আৱিস্কাৰ কৰিয়েই আছে, সাঁথৰ ভাঙিয়েই আছে। তথাপি এই অনাদি-অনন্ত সৃষ্টিৰ সৃষ্টি ৰহস্য বা সাঁথৰ ভাঙিব পৰা নাই আৰু নোৱাৰেও।তথাপি বিজ্ঞানে সেই সাঁথৰ ভাঙিবলৈ যাওঁতে ন ন ৰহস্য আৱিস্কৃত হৈ আছে, নতুন নতুন তথ্য উদঘাটন হৈছে, বহু তত্ত্বৰ জন্ম হৈছে। সৃষ্টিৰ অন্যতম ৰহস্য হল মানুহৰ মগজুটো।সৃষ্টি ৰহস্যৰ এই জটিল মগজুৰ দ্বাৰা জটিল প্ৰশ্নবোৰ উত্থাপন হয় আৰু উত্তৰো বিচাৰি পোৱা যায় সেই জটিল মগজুৰ দ্বাৰা। কাজেই, মানুহৰ মগজুক জটিলতম ৰহস্যঘন সৃষ্টি বুলিব পাৰি।
শিশু অৱস্থাৰ পৰাই ক্ৰমান্বয়ে মগজুৰ বিকাশ সাধন হবলৈ ধৰে। শিশু অৱস্থাতেই তড়িৎ গতিত মগজু বিকশিত হয়। কিছুমান শিশুৰ মগজুৱে সিমানেই বিদ্যুৎ বেগে ক্ৰিয়া কৰিবলৈ ধৰে যে তেনে শিশুবিলাকে বহু অসাধ্য সাধন কৰিব পাৰে, বহু জটিল প্ৰশ্নৰ উত্তৰ নিমিষতে দিব পাৰে, জটিল সমস্যাবোৰ থোৰতে সমাধা কৰিব পাৰে, টিলিকতে সাঁথৰ ভঙাৰ সামৰ্থ্য ৰাখে। তেনে শিশুক ইংৰাজীত Child Prodigy বোলা হয়। চাইল্ড প্ৰডিজী হল অসাধাৰণ প্ৰতিভাধৰ শিশু। তেনে প্ৰতিভাশালী শিশু বিশ্বৰ অনেক ঠাইত সময়ে সময়ে আৱিৰ্ভাৱ হোৱা পৰিলক্ষিত হয়। অৱশ্যে তেনে শিশু প্ৰতিভা বৰ বিৰল। কোটিৰ ঘৰত এজনহে ওলায়।
সাঁথৰ বা Riddle হল প্ৰহেলিকা! জটিল প্ৰশ্ন বা উত্তৰ। ই আচলতে বুদ্ধিৰ খেল। Riddle ক Conundrum বুলিও কোৱা হয়।
সাঁথৰ বা riddle এ মনোৰঞ্জনৰ জৰিয়তে জ্ঞান,চিন্তাশক্তি আৰু বুদ্ধিমত্তা বঢ়াত সহায় কৰে।
প্ৰতিভাশালী শিশু আৰু সাঁথৰৰ মাজত এটা এৰাব নোৱৰা সম্পৰ্ক আছে। কাৰণ প্ৰতিভাধৰ শিশুৱে বহু জটিল সাঁথৰ ভাঙিব পৰা সামৰ্থ্য ৰাখে। অসম্ভৱকো সম্ভৱ কৰাৰ দক্ষতা আৰু প্ৰতিভা থকা শিশু আমাৰ মাজতেই লুকাই থাকে।
সাম্প্ৰতিক কালৰ আমাৰ দেশত তেনে কেইগৰাকীমান বিৰল প্ৰতিভাধৰ শিশু আছে যেনে_চেছ খেলৰ চেম্পিয়ন বাৰ বছৰীয়া অভিমন্যু মিশ্ৰ,তাতকৈ কম বয়সৰ ন বছৰীয়া বোধানা শিৱনন্দন, কম্প্যুটাৰ, বিজ্ঞান আৰু অংকৰ যথাক্ৰমে সুবৰ্ণ বাৰী, কৌটিল্য কাটাৰিয়া আৰু গীতাঞ্জলী ৰাও।
বহু চাইল্ড প্ৰডিজী আছে যিসকল বেলেগ বেলেগ বিষয়ত অসম্ভৱ ধৰণে এক্সপাৰ্ট।কোনোবাজন হয়তু গনিতৰ প্ৰব্লেম তৎক্ষণাৎ সমাধান কৰিছে, কাৰোবাৰ আক' ভূগোলৰ জ্ঞান নখ দৰ্পনত, কোনোবাজন অভিধানখনেই মুখস্ত কৰি পেলাইছে, আন কোনােবাই আকৌ অসাধাৰণ ক্ৰীড়া কৌশল কৰাত পাৰ্গত। মুঠতে শিশুত প্ৰতিভাৰ অভাৱ নাই।
কিছুদিন আগতে ফেচবুকত অকনমানি চাইনিজ ছোৱালী এজনীয়ে ৰুব্যিক ক্যুব (Rubik's cube)নিমিষতে solve কৰা দেখিলো। হাঁহিমুখে আঙুলি বুলাই, ধেমালি ধুমুলা কৰি তাই অতি সহজে এক্কেবাৰে কম সময়ৰ ভিতৰত ৰুবিক কিউব মিলাই দিয়ে। তাই ১১.৮৪২ চেকেণ্ডত, মানে মাত্ৰ দহ এঘাৰ চেকেণ্ডৰ ব্যৱধানত ৰুবিক কিউবটো মিলাই সজাই দিব পাৰে। অৱশ্যে টিওডৰ ঝাজদাৰ বোলা পোলেণ্ডৰ শিশু এগৰাকীয়ে মাত্ৰ ২.৭৬ চেকেণ্ডত ৰুবিক কিউব solve কৰি বিশ্ব ৰেকৰ্ড কৰি থৈছে।
সেই ৰুবিক কিউবকে আজি দুসপ্তাহ ধৰি দিনে ৰাতিয়ে চেষ্টা কৰিও এটা শাৰীও মিলাবগৈ পৰা নাই। Youtube ত দিয়া ভিন ভিন ফৰ্মূলাবোৰ চাই follow কৰি মিলাই আছোহে আছো কিন্তু মিলাব হলে পৰা নাই।মিলাৰ নামেই নলয়।মুঠতে প্ৰতিভা আৰু দক্ষতাৰ নামত আমাৰ মূৰত গোবৰ, মানে শূন্য!
শিশুৰ প্ৰতিভা বিকাশৰ কাৰণে পিতৃ মাতৃ, পৰিয়াল পৰিজনৰ দায়িত্ব আৰু কৰ্তব্যতোটো আছেই, তাৰ লগতে দেশ তথা চৰকাৰৰ অগ্ৰণী ভূমিকাৰো প্ৰয়োজনীয়তা অনেক পৰিমাণে আছে। চীনদেশত শিশু কালৰে পৰাই চৰকাৰী পৃষ্ঠ পোষকতাত দক্ষতা আৰু প্ৰতিভা বিকাশৰ বিভিন্ন প্ৰশিক্ষণ দিয়া হয়। জাপানত আৰু এখোপ চ’ৰা। জাপানৰ স্কুলসমূহত শিশুসকলক কামত লগোৱা হয়। শ্ৰেনীকোঠা সমূহ শিশুসকলে নিজে নিজেই চাফ চিকুণ কৰিব লগা হয়। জাপানৰ পঢ়াশালী সমূহত কোনো চুইপাৰ, পিয়ন-চকীদাৰ, ৰান্ধনী আদি ৰখা নহয়। ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ চৌহদ নিজে নিজে পৰিস্কাৰ কৰাৰ লগতে প্ৰয়োজনীয় বাকী কামবোৰকো তাহাঁতৰ দ্বাৰাই কৰোৱা হয়।
আমাৰ দেশতো তেনেদৰে প্ৰাথমিক বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালীক কামৰ প্ৰতি ধাউতি বঢ়ালে ভৱিষ্যতে স্বাৱলম্বী আৰু আত্মনিৰ্ভৰ হোৱাত অৰিহণা যোগাব। আগতে স্কুলসমূহত কৰ্ম অভিজ্ঞতা বুলি এটা বিষয় পাঠদানত অন্তৰ্ভুক্ত কৰা হৈছিল। আজিকালি আছেনে নাই নাজানো কিন্তু কৰ্ম অভিজ্ঞতা চাবজেক্টটো অকল মাৰ্ক বা নম্বৰ লাভৰ বাবেহে কৰা হোৱা যেন লাগিছিল কাৰণ, কৰ্ম অভিজ্ঞতাৰ নামত ব্যাপকভাৱে কৰ্ম আচঁনি প্ৰস্তুত কৰা হোৱা নাছিল আৰু কামতো বিশেষভাৱে লগোৱা হোৱা নাছিল। স্কুলত কৰ্ম অভিজ্ঞতা বা work experience বুলি অকল subject এটা দি পাল মৰা কাম কৰিলেই শিশু তথা ছাত্ৰ ছাত্ৰীক বুনিয়াদী পৰ্য্যায়ত কৰ্মৰ প্ৰতি ধাউতি যোগোৱাব পৰা নাযায়। তাৰবাবে সমগ্ৰ দেশত, শিক্ষাক্ষেত্ৰত এটা বৈপ্লৱিক পৰিৱৰ্তন আনিব লাগিব। আমেৰিকান শিক্ষা পদ্ধতিয়েই বোলক বা চীন-জাপান আৰ্হিৰ প্ৰায়োগিক অথবা ব্যৱহাৰিক শিক্ষাই নহওক কিয়,ভাৰতবৰ্ষত শিক্ষাৰ ক্ষেত্ৰখনত সামগ্ৰিকভাৱে প্ৰায়োগিক শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ প্ৰয়োজন আছে। তেনে বিধিসন্মত প্ৰায়োগিক শিক্ষানীতিয়েহে শিক্ষাখণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিব আৰু সেই বৈপ্লৱিক পৰিৱৰ্তনেই ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ বাবে নতুন যুগৰ সূচনা কৰিব আৰু দেশ আপুনা আপুনি আত্মনিৰ্ভৰশীলৰ দিশে গতি কৰিব। ছাত্ৰ ছাত্ৰীৰ ব্যৱহাৰিক শিক্ষাৰ আমূল পৰিৱৰ্তন সাধিলেহে দেশৰ প্ৰগতি ত্বৰান্বিত হোৱাত উদগনি যোগাব।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৬


No comments:
Post a Comment