কাঠ-ফুলা
✍️টম মেদক
বৃদ্ধাশ্ৰমলৈ নেযাওঁ বুলি উচুপি উঠিল বুঢ়াই
আৰু বোৱাৰী- পুত্ৰক কাকূতিমিনতি কৰিবলৈ ধৰিলে
কাঠ-ফুলাৰ দৰে বাঢ়িছে বৃদ্ধাশ্ৰম
কাষৰ কোঠালিত শুই থকা ডাঙৰ নাতিনীৰ ককা ককা বুলি চিঞৰত
চক্ খাই সাৰ পোৱা বুঢ়াই
ক’লে – নাই নাই একো হোৱা নাই
শুই থাকা
কি যে সপোনবোৰ দেখোঁ নহয়’ বুলি নিজকে সান্ত্বনা দিলে তথাপি
বুঢ়াই গা’ বেয়া যেন অনুভৱ কৰিলে
মহানগৰীত
ঢোঁৰাকাউৰীৰ কৰ্কশ মাত বঢ়াই বেলি উঠে
পুৱাই ভগা- ছিগা হৈ পৰি ৰোৱা হাতৰ বেলিটোত
এতিয়াও দুটোপাল মেঘ লাগি আছে
ভগা-ছিগা পৃথিৱীখন কিনি ফুৰা মানুহজনৰ
শৰীৰৰ ঘাম
সেই দুটোপাল বৰষুণত মিলি গৈছে
আজি বিধবা এগৰাকীৰ মন আকাশ
যেতিয়া প্ৰেমৰ চম্পাফুল বিচাৰি
ভিন্ন ৰঙী স্মৃতিৰ সৰাপাতবোৰক দুষ্ট ল’ৰাটো হৈ ফাগুনে লঠিয়ায়
ঠিক তেতিয়াই ডাউকৰ নিৰ্জনতা লৈ দুপৰীয়াটো বাৰীৰ ঢাপৰ পৰা ওলাই আহে
অস্থিৰ মনটো যেনিতেনি বৈ যায়
পুত্ৰ বোৱাৰী মনত কৌতূহল
জহৰাৰ জহাই ফুৰাৰ কাল
এই ঘৰৰ মাটি বিল্ডাৰ্ছক
কেতিয়াও দিব নোৱাৰিবা
এইয়া মোৰ শেষ কথা
ওপৰৰ এইষাৰ কথা বুঢ়াই আজিও ক’লে পুত্ৰবোৱাৰীয়ে মান্তি হ’বনে
No comments:
Post a Comment