মিচিং সমাজত ৰৃগব,ৰৃগচেং, দাগলৃগ লৃগনাম আৰু বৰ্তমান
তুলাদৈ পায়েং টাইদ
মিচিং সমাজত আহুখেতিয়ে প্ৰধান আছিল। খেতিৰ অবিহনে জীবিকাৰ অন্য উপায় নাছিল। সেই কাৰণে তেঁওলোকৰ খেতিয়ে পৰম্পৰাগত ভাৱে অতীতৰ পৰা চলি আহিছে। ভাত তেঁওলোকৰ প্ৰধান আহাৰ আৰু আপং হল তাৰ অবিছেদ্দ্য সংগ। আপং অবিহনে মিচিং সমাজৰ সামাজিক অনুষ্ঠান, উৎসৱ-পাৰ্বন, অতিথি আপ্যায়ন একোৱেই সম্ভৱ নহয়।মিচিং সমাজত জাহ-জলপানৰ ব্যৱহাৰ নাছিল। আপং পানীয়ক মিচিং সকলে আহাৰ হিচাপে গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল। গতিকে মিচিং সকলে খেতিৰ বাবে বছৰৰ সৰহখিনি সময় কঠোৰ পৰিশ্ৰম কৰি ধান উৎপাদন কৰিছিল। সেই হিচাবত তেতিয়াৰ দিনত সাৰুৱা মাটিৰ পৰিমানো আজিৰ তুলনাত বহুত বেছি আছিল আৰু এই মতে উৎপাদনৰ হাৰো যথেষ্ট পৰিমাণত পাবলৈ সক্ষম হৈছিল। আজিৰ পৰা প্ৰায় কিছু আগলৈ মিচিং সমাজত ধান কিনা বেচা কৰাৰ বিশেষ পৰম্পৰাই নাছিল। সদ্যহতে মিচিং সম্ভ্ৰান্ত পৰিয়ালসকলৰ কমেও দুটাকৈ ধান ভঁৰাল থকা দেখিবলৈ পোৱা গৈছিল। মিচিং সমাজ যিয়েটো নৈ পৰীয়া সমাজ। আহুখেতি কৰা মানেই বতৰৰ লগত ফেৰ মাৰি চলিব লগীয়া হয়। আহু খেতিক মিচিং সকলে "গুনি আৰৃগ" বুলি কোৱা হয়। গুনি আৰৃগ বা আহু খেতি পুহ, মাহৰ পৰা ফাগুন মাহ এই তিনি মাহৰ ভিতৰত কৰা হয়। পুহ মাহত সিঁচা আহু ধান জেটৰ পহিলাত, মাঘত সিঁছিলে জেটৰ প্ৰায় পোন্ধৰ দিনৰ ভিতৰত আৰু ফাগুন মাহত সিঁছিলে আহাৰত কাটিব পৰা হয়। সত্তৰ দশক মানত মিচিং সমাজৰ বসতিস্হলত জন বসতি ঘন নাছিল। এই দিন বিলাকত মানুহে উৱৰা মাটি বিচাৰি নতুন নতুন ঠাইত হাবি জংগল ভাঙি, সেইবোৰ আহু খেতিৰ উপযোগি কৰি তুলিছিল। মিচিং সমাজত যৌথ পৰিয়াল থকাতো পৰম্পৰাগতই আছিল বুলি কব লাগিব। সেই হিচাবত কেইবাঠাইটো কিছু সৰহ পৰিমানে ধাননি পথাৰ থাকে। তেনেস্হলত আহু ধানৰ বন নিৰোৱাৰ পৰা ধৰি ধান কাটি চপোৱালৈকে বৰ ব্যস্ত হৈ পৰে।
No comments:
Post a Comment