সুখ
স্বৰ্ণা সোনোৱাল
শিৱসাগৰ
আজি জিয়াৰ বহুত আনন্দ লাগিছে,তিনি বছৰ বয়সতে দেউতাকৰ মৰমৰ পৰা বঞ্চিত কৰি লৈ অনা সন্তান টোৱে আজি তাইক সমাজৰ আগত পুনৰ বাৰ প্ৰতিস্থা কৰি দিলে।সমাজত এখন ঘৰৰ পৰা ঘূৰি অহা ছোৱালী বোৰ যেন এখন সমাজৰ বুজা,তেনে ব্যৱহাৰ কৰে মানুহ বোৰে।তেনে এখন সমাজত তাই মানুহৰ কথা আওকাণ কৰি জীৱন যুদ্ধত অৱতীৰ্ণ হৈছিল।মানুহ জনৰ ঘৰৰ পৰা পিন্ধি থকা শাৰী খনৰ বাবে একোৱে লৈ অহা নাছিল তাই।কি কৰিম কি নকৰিম ভাবি থাকোতেই তাই হাতত এখন কেছী আৰু এটা মেচিন তুলি দিছিল মাকে।নিজৰ মতে ওলাই যোৱা ছোৱালী হাতত কেঁচুৱা লৈ ঘূৰি আহিলে কি অবস্তা হয় তাক হয়তো মাকে অনুভৱ কৰিছিল।তায়ো হাৰ মনা নাছিল জীৱনত।সেই কেছী খনকে সাৰথি কৰি লৰাটোক মানুহ কৰাৰ দায়িত্ব ললে।আজি তায়ে সন্তানে ওচৰৰ কলেজ খনৰ ইংৰাজী বিষয়ৰ অধ্যাপক হিচাবে নিযুক্তি পাইছে।তাই পাৰ হৈ অহা দিনবোৰলৈ মনত পেলাই ভগবানকে ধন্যবাদ দিলে প্ৰভু তুমি যি কৰা সদায় ভালে কৰা।মোৰ ওপৰত দিয়া তোমাৰ কষ্ট খিনিও নিশ্চয় কিবা ভালৰ বাবেই আছিল।সেইখন ঘৰত সি থকা হলে বেকাৰ দেউতাকৰ দৰেই ধোদৰ পচলা হ'ল হেতেন।বাহিৰত মা মাকৈ ডাঙৰকৈ মতা মাতত হঠাৎ জিয়াই নিজৰ মনোজগতৰ পৰা বাহিৰলৈ ওলাই আহি চকু কেইটা মোহাৰি আগফালে ওলাই গল।
No comments:
Post a Comment