বিস্তৃৰ্ন পাৰলৈ আহিছিল তেওঁ অসংখ্যজনৰ বাবে জয়গান গাবলৈ
জাতিৰাম কমান
তেওঁ অাহিছিল ৰূপহী অসমলৈ এক নতুন যুগৰ সূচনা কৰিবলৈ...বৃহত্তৰ অসমক সুধাকন্ঠেৰে একতাৰ এনাজৰীৰে চিৰকাল বান্ধি ৰাখিবলৈ..অকল অসমৰ জাতি জনজাতিয়েই নহয় বৰঞ্চ সীমাৰ পৰিধি ভাঙি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সাতভনীৰ বাবে আছিল হিয়াৰ আমঠু....শ্ৰদ্ধাৰ ভূপেন হাজৰিকা।কাৰোবাৰ বাবে মৰমৰ ভুপেনদা,কাৰোবাৰ বাবে চেনেহৰ ভূপেন মামা আৰু আন কাৰোবাৰ বাবে হয়তু হিয়াৰ গোপন কোণত সজাই ৰখা স্নেহৰ আপোনজন!সেইজনা সংগীতসূৰ্য্য ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ আঠ চেপ্তেম্বৰৰ আজিৰ এই পুণ্যতিথিত, নীলকান্ত হাজৰিকাৰ ঔৰষত আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ গৰ্ভত।ভূপেন আছিল পিতৃ-মাতৃৰ জ্যেষ্ঠসন্তান।
ল'ৰালি কালতেই সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আশীষধন্য হৈ ভূপেন হাজৰিকাৰ সংগীত জীৱন আৰম্ভ হয়।
তেওঁ অসম সন্তান হিচাপে অসমক অত্যন্ত ভাল পাইছিল...ভাল পোৱা বাবেই তেওঁ গাইছে...
"অসম আমাৰ ৰূপহী গুণৰো নাই শেষ
ভাৰতৰে পূৰ্বদিশৰ সূৰ্য্য উঠা দেশ...
অনেক দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও এনে ৰূপৰ সমাবেশ থকা দেশ এখন নাপাব বুলি সুধাকন্ঠই কৈছে।
তেওঁ অকল ৰূপহী বুলিয়েই কোৱা নাই,সমৃদ্ধিশালী অসমক লৈ তেওঁ গৌৰৱো কৰিছিল ! যদিও তাতেই সান্ত্বনা নলভি নিজক চিনি পাবলৈ ৰসৰাজ বেজবৰুৱাৰ ভাষাৰে তেওঁ গাইছিল...."
আমি অসমীয়া নহওঁ দুখীয়া:
বুলি সান্ত্বনা লভিলে নহব,
আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে যাব....এই গীততেই তেওঁৰ জাতীয় চেতনা জাগ্ৰত হৈছে আৰু অসমীয়াক উদ্বুদ্ধ কৰিছে।লুইতখন আছিল তেওঁৰ সৃষ্টিৰ প্ৰেৰণা...বৰ লুইতক ভাল পাইছিল অসীম;তৎসত্বেও লুইতৰ পাৰৰ বিস্তৃৰ্ন অসমভুমিৰ প্ৰতি লুইতে কৰা অতপালি দেখি ক্ষুন্ন হৈ অভিমান কৰি গাইছে এইবুলি____
#বিস্তৃৰ্ন পাৰৰে অসংখ্য জনৰে হাঁহাকাৰ শুনিও নিশব্দে নিৰৱে
বুঢ়া লুইত তুমি,বুৃঢ়া লুইত বোৱা কিয় বুলি দুৰ্ঘোৰ আপত্তি দৰ্শাইছে।জ্ঞান বিহীন নাগৰিকৰ স্খলন দেখিও কিয় নিৰ্লজ্জ অলস ভাৱে বোৱানো বুলি খেদোক্তি কৰিছে...দেশৰ আকাশত কলা ডাৱৰে ছানি ধৰা অসমী আইৰ দুখ যন্ত্ৰনা দেখি সুধাকন্ঠৰ মন কেতিয়াবা কেতিয়াবা ভাৰাক্ৰান্ত হয়!বুকুত বিষ অনুভৱ কৰে.. বিষাগ্ৰস্থ মনে আওঁৰায়........
বুকু হম্ হম্ কৰে মোৰ আই
কোনে নিদ্ৰা হৰে মোৰ আই
পুত্ৰ হৈ মই কিমতে তৰোঁ
আই তোৰে হৈ মই মৰোঁ....
সুধাকন্ঠই অকল অসম মাতৃকেই নিজৰ আই বুলি ভৱা নাছিল, অসমী আইৰ লগতে গংগা,পদ্মা,গোদাবৰীৰ পাৰৰ মাটিও তেওঁৰ বাবে আছিল আপোন।ভাৰত মাতাৰ পৰিসীমা ভেদি ভল্গা,মিচিছিপিৰ পাৰো গৰিকিছিল তেওঁ...তেওঁ আছিল বিশ্বশিল্পী! শিল্পীগৰাকীৰ বাবে গোটেই বিশ্বই আছিল তেওঁৰ দেশ,আপোন পৃথিৱী....সাগৰ মহাসাগৰ ভ্ৰমি গাইছিল তেওঁ এইদৰে..
সাগৰ সংগমত কতনা সাতুঁৰিলো
তথাপিতাে হোৱা নাই ক্লান্ত
তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ
উৰ্মিমালা অশান্ত.....প্ৰশান্ত মহাসাগৰৰ উৰ্মিমালা দেখি তেওঁৰ মনৰ প্ৰশান্ত হৈ উঠিছিল অশান্ত ....! শিল্পীগৰাকীয়ে কৈ যোৱাৰ দৰে আজি সঁচাই প্ৰশান্ত আক্ৰান্ত....প্ৰশান্তত আজি গুলী বাৰুদৰ ধোঁৱা...........
সুধাকন্ঠৰ আছিল এটি যাযাবৰী জীৱন।তেওঁৰ নিজা স্থায়ী ঠিকনাই নাছিল..তেওঁ নিজেই এইবুলি গাইছে__
'মই এটি যাযাবৰ,মই এই যাযাবৰ;
ধৰাৰ দিহিঙে দিপাঙে লৱঁৰো
নিবিচাৰি নিজা ঘৰ....সুধাকন্ঠৰ নিজা ঘৰ নাছিল,কিন্তু তেওঁ সমগ্ৰ অসমীয়াৰ হৃদয়ত বাস কৰিছিল....।
সুধাকন্ঠই এনেই গাম বুলি গান গোৱা নাছিল...তেওঁ বিচাৰিছিল তেওঁৰ গানে যাতে সমাজলৈ আস্থাৰ বতৰা কঢ়িয়াই আনে__তেওঁ গভীৰ প্ৰত্যয়েৰে গাইছিল...
"মোৰ গান হওঁক বহু আস্থাহীনতাৰ
বিপৰীতে এক গভীৰ আস্থাৰ গান;
মোৰ গান হওক বহু কল্পনা বিলাসৰ
বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান....,"
তেওঁৰ গানত জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ জাগক বুলি ইচ্ছা প্ৰকাশ কৰিছে...সেই সংগ্ৰামী চেতনাতে উদ্বু্দ্ধ হৈ তেওঁ ১৯৬২ চনত সীমান্তত প্ৰাণ আহুতি দিয়া সৈনিকক শ্ৰদ্ধাৰে সুৱঁৰি গাইছে__
"কত জোৱানৰ মৃত্যু হ'ল
কাৰ জীৱন যৌৱন গল
এই মৃত্যু অপৰাজেয়
তেনে মৃতক নহলোঁ কিয়?"
সৈনিকৰ মৃত্যুত দুখ প্ৰকাশ কৰিলেও তেওঁ তেনে মৃতক হব নোৱাৰি খেদ প্ৰকাশো কৰিছে।ইয়াতেই শিল্পীজনাৰ দেশপ্ৰেমৰ ভাৱ ফুটি উঠিছে।
মাটি আৰু মানুহক ভাল পোৱা বাবে সুধাকন্ঠই দিহিঙে দিপাঙে ঘূৰি ফুৰিছিল।
টিৰাপ সীমান্তৰ পৰা কামেং সীমান্তলৈ ঘূৰি পাহাৰীয়া মানুহৰ মৰম বুটলিছিল....
পাহাৰীয়া ভনীটিৰ মৰম এৰিব নোৱাৰি সুৱদী সুৰীয়া সুৰে গাইছে_____
চিয়াঙৰে গালং,লোহিতৰে খামতি
টিৰাপৰে ৱানচুৱে কিয় মাতিছে?
অসমীৰে পদুলি,উদুলি যে মুদুলি
মৰম চেনেহৰ হাট বহিছে....
..................................
আপতানি ভনীটি ধৰিলোঁ সাৱটি.....,"
শিল্পীজনা অকল পাহাৰী ভনীটিকেই মৰমেৰে আকোঁৱালি লোৱা নাছিল,ভৈয়ামৰ মিচিং ডেকা জংকি আৰু কনেং পানৈজনীকো মনত পেলাইছিল দিচাঙমুখৰ নিশাটিত...তেওঁ প্ৰাণ ঢালি গাইছিল.....
বোলো অ মিচিং ডেকাটি,
বজালি যে পেম্পাটি
সুৰেৰে সজালি দেখোঁ
দিচাঙমুখৰ নিশাটি....
সুধাকন্ঠ আছিল গনশিল্পী।তেওঁৰ সংগীত আছিল গনমুখী।জন গনৰ চেতনাক জাগৃত কৰিব পৰা বাবেই তেওঁ স্বৰূপাৰ্থত সঁচা শিল্পী আছিল।জন গনৰ গান গােৱা, তেওঁ আছিল গনকন্ঠ।কৃষকৰ দুৰ্দশা দেখি তেওঁৰ মন হাঁহাকাৰ কৰি উঠিছিল আৰু ধৰিত্ৰী আইক কাবৌ কোকালি কৰি খেতিয়কৰ বাবে বিনাইছিল এইবুলি.....
"হে মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই
খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায়
দয়া কৰা দয়াশীলা আই....
মাটিকে সাৱটি ধৰি
মাটিকে সাৰথি কৰি
মাটিৰ বুকুত শোনিত ঢালো
জিৰণি পাহৰি,জিৰণি পাহৰি॥
আকৌ সেই একেই সুধাকন্ঠই চন পৰা মাটি ডৰা চহাবলৈ এজাক বৰষুণৰ আশা পালি ৰৈ আছে... বৰষা নামিব,শুকান ভূমি সিক্ত কৰিব,সাৰুৱা হব ভূমি...মেঘৰ গাজনিত তেওঁৰ কন্ঠই আকৌ সাৰ পাইছে.....
"মেঘে গিৰ্ গিৰ্ কৰে
আ হা হিৰ্ হি্ৰ মেঘে কৰে
বাহ্ লাগি আগলতি কলাপাত লৰে...
এজাক যেন বৰষুন আহোঁ আহোঁ কৰে...
....বহুদিনে চন পৰা মোৰ গাঁৱৰ মাটিডৰা
চাহ কৰি সেউজ কৰি আনন্দে নধৰে...
বৃষ্টিৰ তৃষ্ণাই আকৌ শিল্পীজনাক খেদি যায়..স্নেহৰ ধাৰাসাৰ বৃষ্টিত আপ্লুত হৈ তেওঁৰ কন্ঠইদি বৰষিছে___
"স্নেহে আমাৰ শত শ্ৰাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে
যৌৱন বাসনাৰ ৰিক্ত উপকূল
পূৰ্ণ কৰে উন্মত্ত বানে........
নিৰ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি
উচ্ছল জীৱনৰ জোৱাৰ আনে
অপৰূপ বাৰিষাৰ তৰংগ ৰাশিয়ে
নাচে নৱ সৃষ্টিৰ গানে.....ধাৰাসাৰ বৃষ্টিৰ প্লাৱনতেই সৃষ্টিৰ মাদকতা বিচাৰি পাইছে সুধাকন্ঠই।সৃষ্টিৰ আদিম ৰাগত প্লাৱনে বোৱাই অনা পলসৰ শস্য শ্যামলা পথাৰত সুধাকন্ঠ উন্মনা।
কৃষকৰ ৰূপত সোমাই থকা সেই একেগৰাকী শিল্পীয়ে আহিনৰ কহুঁৱা দেখি অশান্ত মনক বুজনি দি আলফুলে মুকুতাহেন ক্ষণবোৰ সাৱটি ধৰি ৰাখিবলৈ আহ্বান জনাই গাইছে.....
"কহুঁৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভতি।...এই একেজনা শিল্পীয়ে শীতৰ সেমেকা ৰাতিও বস্ত্ৰহীনা ক্ষুধাতুৰ জনতাৰ মৰ্মবেদনা উপলব্ধি কৰিব পাৰি ব্যথিত হৈ গাইছে____
শীতৰে সেমেকা ৰাতি
সেমেকা শীতৰে ৰাতি
বস্ত্ৰবিহীন কোনো খেতিয়কৰ
ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰা
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ....।
সুধাকন্ঠ জনগনৰ শিল্পী হলেও তেওঁ এগৰাকী তেজস্বী প্ৰেমিকো আছিল।কেতিয়াবা প্ৰেমৰ ৰাগীত ডুব গৈ থকা প্ৰেমিক,কেতিয়াবা ব্যৰ্থ প্ৰেমিক,আকৌ কেতিয়াবা অকলশৰীয়া নিসংগ পুৰুষ!
প্ৰেমিকাৰ উচ্ছল যৌৱনত মগন হৈ তেওঁ প্ৰেয়সীক উদ্দেশ্যি গাইছে______
অ তুমি জোন নে সোন নে শিখা..!শিখা যেন প্ৰেয়সীৰ লগত বিমূৰ্ত নিশাবোৰ পাৰ কৰিছে এনেদৰে গাই....
"বিমূৰ্ত মোৰ নিশাটি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম, জীয়া জীয়া আদৰ!জীয়া আদৰবোৰ সুধাকন্ঠৰ বিমূৰ্ত প্ৰেমৰ অভিলাষহে।বাস্তৱ জীৱনত পোৱা বিৰহ বেদনাবোৰ লাঘৱ কৰিবলৈ সুধাকন্ঠই
আকৌ আবেগ ঢালি অভিমান কৰি গাইছে___
"শৈশৱতে ধেমালিতে
তোমাৰে উমলা মনত আছে
যৌৱনৰে দুয়োৰে দেহাৰ লাজুকী পৰশ
মনত আছে ;মোৰ অবিহনে চিপজৰি
লম বুলি কোৱা মনত আছে....সেই সোণ যেন প্ৰেয়সীয়ে যেতিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰি কাৰোবাৰ হৈ গল তেতিয়াই শিল্পীজনাই ব্যৰ্থপ্ৰেমিক হৈয়ো জীয়াই থকাৰ পণ লৈছে।জীয়াই থাকি এখন সমাজ গঢ়াৰ সপোন দেখিছে।সামাজিক প্ৰতিষ্ঠা,খ্যাতি,যশ,প্ৰেম সকলো দিশতে অস্বীকৃতিৰ যন্ত্ৰনা বুকুত বান্ধি লৈ তিক্ততাপূৰ্ণ অভিজ্ঞতাবোৰৰ বেদনা লাঘৱ কৰিবলৈ সুধাকন্ঠই নিজকে মদাৰৰসতে ৰিজাই গাইছিল......
"মদাৰৰে ফুল হেনো পূজাতো নালাগে
মদাৰৰে ফুল হেনো সবাহত নালাগে
লাগে পিছে বহাগতে ৰং সানিবলৈ
লাগে পিছে আকাশতে জুই জ্বলাবলৈ..
মদাৰ ফুলৰ লগত নিজকে ৰিজাই সুধাকন্ঠই জীৱনৰ দুখবোৰ পাতলাই অপূৰ্ণতাখিনি গীতেৰে পুৰণ কৰিবলৈ চেষ্টা কৰিও নিসংগতা দূৰ কৰিব নোৱাৰিলে।সংগীপ্ৰিয় শিল্পীগৰাকী নিসংগপ্ৰায় হৈ বিয়লিবেলা একাকীত্বৰে পাৰ কৰিলেও মনক সান্ত্বনা দিছিল এইদৰে____
"কোনে কয় মই অকলশৰীয়া!
মই আৰু মোৰ ছাঁ দুয়ো দুয়োৰে লগৰীয়া
পৃথিৱী নকবা মই অকলশৰীয়া।
সংগীহীনতা মোৰেই সংগী।
বুলি তুমি কিয় উপহাস কৰিছা?
সুধাকন্ঠই সংগীহীনতাকেই সংগী হিচাপে লৈ পাৰ কৰিলে ওৰেটাে জীৱন।তেওঁৰ সংগীহীনতাক উপহাস কৰিবলৈ গনশিল্পী গৰাকীয়ে হাক দিছে।তেওঁ সকলোৰে মাজত থাকিও নিসংগ আছিল বাবেই সংগীহীনতাক তেওঁ সংগী কৰি লৈছিল।
সুধাকন্ঠ ড০ ভুপেন হাজৰিকাই বৈচিত্ৰপূৰ্ণ সাংগিতীক জীৱনৰ মাজতে বৈচিত্ৰহীন ব্যক্তিগত জীৱন কটাইছিল।প্ৰকৃতাৰ্থতেই তেওঁ সঁচা শিল্পী আছিল।মানুহক ভালপোৱা শিল্পী আছিল।তেওঁৰ সেই বিখ্যাত গীতটিৰেই সামৰিছোঁ___
মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাৱে
অকনি সহানুভুতিৰে
ভাৱিব কোনেনো কোৱা
সমনীয়া ...
ভাৱিব কোনেনো কোৱা।
মানুহে মানুহক বেচিব খুজি
মানুহে মানুহক কিনিব খুজি
পুৰণি ইতিহাস দোহাৰিলে
ভুল জানো নহব কোৱা।
সেইজনা মহান শিল্পী,দাদা চাহেব ফাল্কে বঁটাপ্ৰাপক,সুধাকন্ঠ, পদ্মবিভূষন- ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাদেৱৰ জন্মতিথিত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
No comments:
Post a Comment