পূণ্যাত্মা
প্ৰিয়লতা ডেকা
গুৱাহাটী
পৱিত্ৰ ভাদ মাহৰ প্ৰথমটো আবেলিত বহি আছো মই নিৰলে নিশব্দে..অস্তগামী সুৰুযকে চাই। পশ্চিম আকাশত নানা ৰঙী ফাকুৰে মাৰ যাবলৈ ধৰা বেলিটিয়ে যেন দি গ'ল আশাৰ বতৰা,আকৌ এটা নতুন প্ৰভাতৰ।দূৰৰ নামঘৰৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি আহিছে গুৰু জনাৰ নাম কীৰ্তনৰ সুৰ। নামঘৰ,মন্দিৰৰ ডবা আৰু শঙ্খ-ঘণ্টাৰ মাতে চাৰিওদিশ ভক্তি ৰসেৰে বিখৰিত হৈ পৰিছে। নীল আকাশত ঘৰমুৱা পখী জাকে আঁকি গৈছে এক নয়নাভিৰাম ছবিৰ।আবেলি পৰৰ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ,নামঘৰ ,মন্দিৰৰ পৰা অহা ধূপৰ সুবাসে আজি কিন্তু মোৰ হৃদয় স্পৰ্শ কৰিব পৰা নাই। এক অবুজ বেদনাত হৃদয়ে উচুপিচে মোৰ। দুই নয়নেৰে নীৰ সৰিছে।অতীতৰ স্মৃতিয়ে বৰকৈ আমনি কৰিছে।অশান্ত মনক শান্তনা দিব পৰা নাই মই। কাৰণ এই ভাদ মাহতেই অকলশৰীয়া কৰি মোক গুচি গৈছিল দেউতা আৰু দাদা এক অজান দেশলৈ।মনত পৰিছে আজি দুটা অন্ধকাৰ অমানিশাৰ কথা।মনত পৰিছে অতীতৰ সেই দুৰ্বহ পলবোৰ।এনেদৰে ভাৱত তন্ময় হৈ থাকোতেই কেতিয়ানো ধৰাৰ বুকুলৈ অন্ধকাৰ নামি আহিল গমেই নাপালো।আকাশলৈ চাই দেখিলো দুটি উজ্জ্বল তৰাই যেন মোকেই চাই আছে। লাহে লাহে তৰা দুটি নামি আহিল মোৰ ওচৰলৈ মিচিকিয়া হাঁহিৰে। মোৰ মূৰত হাত থৈ যেন ক'লে মোক আমি তোৰ কাষতে আছো সদায়। তন্দ্ৰা ভাঙিল মোৰ। নিজকে বুজালো অকলশৰীয়া বুলি ইমান দিনে মিছাকে ভাবি আছিলো মই। বিশ্বাস কৰিলো মই সেই নীল আকাশৰ উজ্জ্বল তৰা দুটি আছিল মোৰ অতিকে আপোন দুটি পূণ্যাত্মা।পৱিত্ৰ আছিল চাগে মোৰ মৰমৰ দেউতা আৰু দাদা। সেয়ে দুটি পৱিত্ৰ আত্মা পৱিত্ৰ ভাদ মাহত গতি কৰিছিল বৈকুণ্ঠ ধামলৈ।
No comments:
Post a Comment