অনুৰাগ
ফাৰহান জাৱেদ
তোমাৰ বুকুত সৰিয়হ ফুল ফুলিছে আৰু
একাকিত্বৰ পোৰা গোন্ধ এটা ভাহিছে ৰৰৈয়া বতাহত
জানো ক’ত আছা তুমি!
তোমাৰ অবৰ্তমানত ব্ৰহ্মপুত্ৰ চাপৰিৰ এডৰা সৰিয়হ
চকুত চাঁত মাৰি ধৰিছে...
চাপৰিখন আমাৰ আছিল
এতিয়া পৰে টানি নিলে
নতুনৰ অহংকাৰে খেতিডৰা উচন কৰিলে
নৈখনৰ মহিমা অপাৰ
কেতিয়ানো ক’লৈ য়ায়
কোনো উৱাদিহ নাই!
তুমি মৰিগঞা— মই গাভৰুপৰীয়া
দুয়ো মিলি মিলনৰ গড় বান্ধো আহা...
No comments:
Post a Comment