চহা মানুহৰ তিনিটা কবিতা
যতীন মিলি
টীয়ক
এক
ৰোৱনী
তোৰ কলাফুলৰ বোকাৰ ফুৰফুৰীয়া গোন্ধত
সাৰ পাই উঠা
মই হ'লো শাওণৰ হলধৰ ।
এচাহ-সমাৰ ঘামি ৰোপণ কৰিছিলি
তই
বুকুৰ ৰোৱাবোৰ ।
এতিয়া তোৰ বুকুত
ঘামৰ সেউজীয়া চুমিবলৈ
মই হ'লো জোন ।
দুই
খেতিয়ক
পঃৰাগ উছৱৰ পিছত হাল আৰু পথাৰৰ যেতিয়া সম্ভোগ হয়
খেতিয়ক পিতাইৰ নাঙলে চুমা আঁকে সম্ভাৱনাৰ বুকুত
তেতিয়া মুঠি মুঠিকৈ সিচঁৰতি কৰে সোণগুটি
ভৰভৰাই গজি উঠে
এধানি দুধানিকৈ সেউজীয়া সপোন
নীলাকাশলৈ চাই চাই ...।
তিনি
শাওণ
শাওণৰ পথাৰৰ ফুৰফুৰীয়া গোন্ধ
কেতিয়াও নাপাহৰোঁ
পিতাইৰ দুভৰিত
আইৰ কলাফুলত
কনেঙৰ দুগালত
খনে খনে মানচিত্ৰ আঁকে এই বোকাই
শাৰী শাৰীকৈ ৰোৱা ৰোৱাবোৰ
আই পিতাইৰ বুকুত গজি উঠা
অযুত বাসনাৰ ন-কিশলয়
পিতাইৰ ঘৰ্মবৃষ্টি লাগি
সেউজীয়া পথাৰত
গেঁৰ ধৰি ধৰি সোণালী হয়
সপোনবোৰ
বোকাপানী লাগি পদুম হৈ ফুলি উঠা
হাঁহিবোৰ পাহৰিব নোৱাৰি
হাল কোৰ ৰোৱাবোৰ
এক হৈ পৰে
পথাৰত
ৰাতি টোপনি ধৰে কি নধৰে পথাৰলৈ মনত পৰে
সপোনত আগভেঁটি আগভেঁটি ধৰে
চাৰিবিঘা চাৰিপুৰা নচহোৱা
বিষাদে
টোপনি নধৰাৰ কথাটো কিন্তু অতদিনে
কোনেও নাজানিলে
মোৰ বুকুৰ শিলচটাৰ বাদে -
মই যে পথাৰৰ নিৰৱ প্ৰেমিক ...!

No comments:
Post a Comment