সৰুচৰাই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, November 6, 2021

সৰুচৰাই

 


সৰুচৰাই

         ৰঞ্জিত ভট্টাচাৰ্য


(কবি পাৰভিজ হুছেইনৰ হাতত)


ব্ৰেকিং নিউজ -আজি দিনৰ ঠিক বাৰবজাতে 

এটা এইট জি' স্পিডৰ ইমজিয়ে প্ৰচণ্ড জোৰেৰে আঘাত কৰি মাৰি পেলালে ঘৰচিৰিকাবোৰক

ভাগি গ'ল একূটা দুকূটা সপোনৰ ঘৰ


ঘটনাস্থলীত উদ্ধাৰ হাজাৰবিজাৰ চিগা ঠোঁট

তেজলগা পাখি


ক্ৰাইম ৰিপৰ্টাৰ হিউমেনৰাইটৰ একটিভিষ্ট

আৰু চোৰ-দগাবাজবোৰৰ দৌৰা-দৌৰি


ৰাতিলৈ ৰাজনৈতিক নেতাৰ ৰূদ্ধদ্বাৰ বৈঠক

সমুখত মদৰ গিলাচ আৰু চিগা ঠোঁটৰ চাকনা।


 আলোচন‍া -চৰায়ে কি খাইছিল,চৰাইঘৰৰ খাদ্য কি আছিল ইত্যাদি..


টেলিভিচনৰ পৰ্দাতো জনপ্ৰিয় নাটকখনৰ আৰম্ভ হৈছে

নাটপৰিচালকে ঘোষণা কৰিছে-

ঠিক সেইখিনি ঠাইতে আৰু বহিব দুটা মোবাইল টাৱাৰ


দৰ্শকৰ তৰ্জনী আৰু মধ্যমা আঙুলিৰে ইমোজিৰ শিলাবৰ্ষণ-

 

ৰিপ্ সৰুচৰাই ঘৰচিৰিকা ৰিপ্

ৰিপ্ চৰাই আমাৰ ৰিপ্


ঘটনাটো পোহৰতে ঘটিছিল

পিছে কোনেও দেখোন মতা নাছিল


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages