সেই দীঘল দিনবোৰত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, November 6, 2021

সেই দীঘল দিনবোৰত

 সেই দীঘল দিনবোৰত

দেৱৰাজ মিলি




দিন-ৰাতিৰ চিন নথকা সেই

দীঘল দিনবোৰত

মাৰ মুখৰ হাঁহিটো চুটি হয়।

ওন্দোলাই অহা তামৰঙী ডাৱৰৰ 

বৰষুণজাক সৰসৰাই সৰে

আঁচলৰ সিটো পাৰে।


চিনাকি বাট এটাৰে

উভতি আহে

কুৰি বছৰীয়া এখন চাইকেল আৰু এটা চেপেটা মোনা।


ভৰদুপৰীয়া।

সন্ধিয়া।

মাজনিশা।


তিনিকিলো চাউলৰ এটা

মস্ত মহাজনী ভ্ৰূকুটি। বানে ধোৱা চকুপানী।

আৰু কিছু আওপুৰণি সম্ভ্ৰম।


জুই নজ্বলোৱা চৌকা

কাৰ দুচকু

মাজৰাতি উঠে জ্বলি


পুৱাৰ পিৰালিত পিকাছোৰ

ক্ৰন্দনৰতা নাৰী।


ভগা ডলাত বগা চাউল

মাই সৰু সৰু শিলগুটি বাছে। কলিজাত কটা দাগ। শিলতো শিল্প। জনাই জানে।


সেই দীঘল দিনবোৰত

সেই শিল্পকৌশলত

ছঁয়াময়াকৈ

ছঁয়াময়াকৈ জিলিকি আছে


চুটি হাঁহি এটা দীঘল কৰাৰ

নিভাঁজ কচৰৎ

আৰু আমাৰ বগা ভৱিষ্যত।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages