শেষ সৎকাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, November 6, 2021

শেষ সৎকাৰ

 শেষ সৎকাৰ

টম মেদক



শ’ ৰখা বেদীত

কবিতাৰ মৰাশ ৰখা বেদীত

কবিক উঠা নিষেধ।



এইফালে কবিৰ প্ৰৱেশ নিষেধ। কবিতা কাৰ?

কবিতা কেৱল মানুহৰ



কবিতাক শান্তিৰে মৰিবলৈ দিয়াৰ দায়িত্বও

আমাৰ, যিসকলে কবিতাক বেয়া পায়।


এই যে শ’ৰখা বেদীত

কবিতাৰ মৰাশ’ ৰখা বেদীত

কবিকো ধৰি বান্ধি শুৱাই দিয়া



এইয়াও আমাৰেই দায়িত্ব

যিসকলে মনে প্রাণে কবিতা ভাল পায়।।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages