উৰুলিপুঙা
জুনু বুঢ়াগোহাঞি নাথ
গুৱাহাটী
বাঁহনিডৰাই ছাঁ দি থকা চেঁচা পুখুৰীটোত
মাছে নিজৰ বাটেৰে সাঁতোৰে
কুঁটি খাইছে শেলুৱৈৰ অঁহীয়া গা
পানী আৰু ছাঁৰ স'তে মাছৰ কথকতা
সূূঁতি সলনি হ'লেও গতি সলনি নকৰাৰ অমোঘ চুক্তি ৷
গভীৰতাত ডুবগৈ থকা মাছবোৰৰ
ক্ষুধা নে তৃষ্ণা
আজিকোপতি ভু নোপোৱা বাঁহনি ডৰাই
ছাঁ দি আছে
নিস্বাৰ্থভাৱে ৷
পাৰত দুখী আঁহত এজোপা
আনৰ বাবেই যেন যুগ যুগ ধৰি থিয় হৈ আছে
গলি নোযোৱা লুণীয়া কাহিনী এটাই
পুখুৰীটোত চাই থাকে নিজৰ মুখ
পানী আইনাত সৰে পাতৰ জিলিঙনি ৷
গৰা খহাই
মাছ ধৰিবলৈ পানীত নামে বৰশী
পুঙাটোক নিচানত ৰাখি
চালকে মাছক টোপ দিয়ে
ভোকত টোপ গিলি গিলি
আপোন-পাহৰা হয় মাছবোৰ ৷
ক্ৰমশঃ
ধৰফৰাই থকা মাছবোৰ দেখি
বাঁহনিডৰা কঁপে
আৰু
:
পুখুৰীটোৱে জামৰি নোযোৱা দুখ এটাত উচুপে ৷
কোনে জানো
হাবিতলীয়া নিজান বাটটো তিয়াই পেলালে
পানী এচলুৰে---
:
উৰুলিপুঙাৰ নামত ৷
No comments:
Post a Comment