দুৱাৰ
ইপাৰ- সিপাৰ......
অনুস্মিতা ফুকন
বঙাইগাঁও
ৰৌদ্ৰস্নাতা এটি পুৱাত
জীৱনৰ সমীকৰণ বিচাৰি
নঙলামুখৰ শলখাডাল খুলি
ভিতৰলৈ প্ৰৱেশ কৰিলোঁ
দূৰৰ পৰাই জিলিকি থকা দুৱাৰখনেই
আছিল মোৰ যাত্ৰাৰ শেষ বিন্দু
গোলপীয়া ছালবোৰ শোঁতৰা হোৱালৈকে
প্ৰাৰ্থনাৰ ফুলপাহ চিতাত নিৰৱে শুই থকালৈকে
গোটেই পৰিক্ৰমাটোৰ ব্যৱধান মাথোন
এই দুৱাৰখনেই
দুৱাৰখন খুলি যিমানেই ভিতৰলৈ সোমাইছো
স্পষ্ট ভাৱে শুনিবলৈ পাইছো
স্বপ্নভংগ পথিকৰ বিদ্ৰুপ হাঁহি
অনুভৱ কৰিব পাৰিছো
ৰঙীন পৃথিৱীত দিশহাৰা হৈ পৰা
জীয়া পখিলাৰ বুকুভেদি যোৱা উচুপনি
দুৱাৰখন জপাই যিদিনাখন গুচি আহিলো
মই অনুভৱ কৰিছিলো
পৃথিৱীৰ সমস্ত শান্তি যেন মোৰ তেজত বৈ আছিল
এয়া মাথো এক ভ্ৰম হে আছিল...!
সন্মূখত জিলিকি থকা
''স্বাগতম'' ফলকখনে সোঁৱৰাই দিছিল
'দুৱাৰ'
মাথোন
জীৱনৰ ইপাৰ-সিপাৰ ।
No comments:
Post a Comment