অসম স্বৰ্গ, স্বৰ্গ হৈয়ে থাকিব
মনোজ মোদী
বিদ্বেষৰ জ্বলা জুইয়ে
নিঃশেষ কৰি নিদিয়ে যেন সুন্দৰ অসমকেই,
আমি একতাৰে আগবাঢ়িব লাগিব
নিজৰ মাজত মিলি থাকিব লাগিব.....
মিঠা, মধুৰ ব্যৱহাৰ
আমাৰ প্ৰাণৰো প্ৰাণৰ,
সুখ-দুখতো এক আমাৰ
দৃঢ় সংকল্প এয়া আমাৰ।
খোজে খোজে প্ৰতি ক্ষেত্ৰতে
সহায় কৰি যাব লাগিব
নিজৰ মাজত মিলি থাকিব লাগিব.....
একতাৰ দোলেৰে বন্ধা
আপোন মৰমৰ এনাজৰী
সংস্কৃতি, ভাষা, স্বাধীনতাৰ
ভাবেৰে প্ৰতি ঘৰ চহকী।
এক হয় আমি, এক হৈ থাকিম
কেতিয়াও ভয় খাব নালাগিব
নিজৰ মাজত মিলি থাকিব লাগিব .....
শান্তি, প্ৰগতি বোৱাই আনা
আনৰ ছলাহী কথাত ভোল নাযাবা
অসম এক আছিল, এক হৈ থাকিব
গোটেই ভাৰতবৰ্ষক দেখুৱাব লাগিব
ভাৰত মাক আৰু স্বাধীনতাক
বৰ্তাই ৰাখিব লাগিব
নিজৰ মাজত মিলি থাকিব লাগিব.....
অসমৰ মূল নিবাসীসকলৰ
দুখ শাসনতন্ত্ৰই বুজিব লাগিব।
কোন ভাল, কোন বেয়া
যুক্তিৰে সত্যক চিনিব লাগিব।
ভাৰতৰ পৰা ভাৰতীয়ক
বিছিন্ন কৰিব নালাগিব
নিজৰ মাজত মিলি থাকিব লাগিব....
No comments:
Post a Comment