তেওঁ দিয়া শেষ উপহাৰৰ কবিতা
প্ৰাঞ্জল পি হাজৰিকা
নতুন দিল্লী
বহুদিন লিখিব পৰা নাই
উজাই অহা দুখৰ সৈতে নিদ্ৰাবিহীন ৰাতি !
মুচৰি পেলোৱা ডিঙিটোৰ সৈতে বাৰ্তালাপ ।
মৌনতাই লাজ পোৱা দুপৰীয়াটোত
মই আৰু এখন বৰষুণৰ চহৰ ।
আঘাত মানে বৰষুণে চুমি থকা চকুলো ।
আগবাঢ়িব খোজা ভৰি দুখনে উফোন্দ পাতে; এটা হাতুৰীৰ কোব কলিজাৰ দুয়োপাৰে ।
ভালপোৱাবোৰৰ সৈতে এক অবিৰত যাত্ৰা; তুমি পঢ়িব নোৱাৰা এখন কিতাপ ।
শেষ সন্ধ্যাৰ আঙুলিৰ স্পৰ্শৰ কথাৰে সুঁৱৰিম
তোমাক ভালপোৱাৰ আৰম্ভণি গীত ।
ক্ৰছিঙৰ কোনোবা অচিনাকি পথত অকলশৰীয়া খোজ !
তোমাৰ শেষ উপহাৰত লিখা আছিল বিদায় পৰৰ
শেষ সম্ভাষণ ।
No comments:
Post a Comment