শীতত কঁপা শব্দবোৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, November 6, 2021

শীতত কঁপা শব্দবোৰ

 শীতত কঁপা শব্দবোৰ 

গায়ত্ৰী দেৱী বৰঠাকুৰ

 তেজপুৰ, শোণিতপুৰ



মাজৰাতি হঠাতে কবিৰ টোপনি ভাগিল


 শেতেলী -কোঠাত

 অনাকাঙ্ক্ষিত কিছুমান শব্দৰ 

 ব্যতিক্ৰমী পায়চাৰি 


গমি- পিতি চাই

 কবি শৰণাপন্ন হ'ল 

মন কাগজ- হৃদয় চিয়াঁহী 

আৰু কল্পনাৰ কলমৰ  


কবিৰ স্বাধীনতা আছে 


শীতত কঁপা শব্দবোৰে 

উম ল'লে 

কবিৰ পূৰঠ আত্মীয়তাৰ 


শব্দবোৰৰ জঠৰতা ভাগিল 

নিথৰ দেহবোৰত কবিয়ে 

সিঁচি গ'ল সঞ্জীৱনী 




পাৰিলে কবিৰ খবৰ এটা ল'বাচোন  


 সম্প্ৰতি কবি নাগৰিক


 শীতৰ দেশৰ....



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages