নিগেটিভ এনাৰ্জি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, November 6, 2021

নিগেটিভ এনাৰ্জি

 নিগেটিভ এনাৰ্জি

স্বপ্নালী কলিতা

গোলাঘাট




(১)

সমাজত এতিয়াও ভাল মানুহবোৰশেষ হৈ যোৱা নাই।

ভাবি উঠি মূৰটো মোহাৰোতেই

এগৰাকী নাৰীৰ মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়া এটা টিভিৰ পৰ্দাত চলি থাকিল।

 ( ২) 

ল'ৰাটো গ'লগৈ।

তাৰ চৌখিন দেহত ওলমি থকা ব্ৰেণ্ডেড কাপোৰবোৰ আৰু জোতাবোৰো লগতে গ'লগৈ।

(দুই-এযোৰ জোতা মৃত্যুৰপৰা বাচিল।)


কোনোবাই মুখ চিকুনালে।

কাৰোবাৰ খোল খালে প্ৰতিজ্ঞাৰ ৰছী।


আৰু কথাবোৰে চোম সলাই যেতিয়া

শক্তিশেল হ'ল!

তেতিয়া হাজাৰ চকামকা সময়ে আগ-পাছ 

কৰি থাকিল।


মৃত্যুক উদ্‌যাপন কৰা চকুপানী বোৰ

ভাৱৰীয়া হৈ গৈ থাকিল।

                        

(৩)

লুটি-বাগৰ খাই ঘূৰি থকা পৰিঘটনাবোৰৰ

জাপ খুলি যায় নিজে নিজে।

কুঁটিকুঁটি খোলা কৰা অৱশিষ্টখিনিয়ে

সেইখিনিতে ঘোলা কৰে ঘটনাৰ পানীটুপি।

(কোনো সময়েই নিবিচাৰে ঘাৰ পীড়া)

                       

(৪)

শেষত...


এতিয়া আপুনি ক'ব পাৰে--

"তুমি ইমান নিগেটিভ"!


আপুনিও জানে

কবিতাই মিছা নামাতে,

এডাল কল্পনাৰ নেজত ধৰি 

যাবলৈ মই ভাল নাপাম।


সময়ৰ সামগ্ৰিক পৰিঘটনাবোৰ,

কল্পলোকৰ পৰা আঁতৰি ভাবক!


নিগেটিভ এনাৰ্জিতকৈ

সত্য আৰু একো নাই।

                  


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages