কল্পনা
আশুতোষ কুমাৰ
দেৰগাঁও, গোলাঘাট
মানুহৰ জীৱনত বহুতো সপোন থাকে। কিছুমান লোকে নিজৰ আৰ্থিক অৱস্থাৰ কাৰণে সেই সপোন পূৰণ কৰিবলৈ অসফল হয়। ইয়াৰ মাজতে আকৌ কিছুমান এনে লোকো আছে যি সকলে হাজাৰ সমস্যাৰ মাজতো নিজৰ সপোন পূৰণ কৰিবলৈ খুব চেষ্টা কৰে।যিসকলে নিজৰ সপোন টোক পূৰ্ণ কৰিম বুলি থিৰাং কৰি লয়, তেওলোকৰ বাবে যিমানেই সমস্যা নহওঁক কিয় সেই সমস্যাই কোনো ধৰণৰ বাধা প্ৰদান কৰিব নোৱাৰে।ঠিক তেনেদৰেই নিজৰ সপোন পূৰণ কৰাৰ "কল্পনা"ৰে জীয়াই থকা অংকোৰৰ ফালে আহওঁক সোণ এবাৰ চাওঁ।কিদৰে কিমান কষ্টৰ মাজেৰে অংকুৰে নিজৰ সপোন এৰি নিদি নিজৰ জীৱন গহিলে।
আৰম্ভণি:-
মোৰ নাম অংকুৰ কুমাৰ,মই এজন লেখক আৰু এজন অভিনেতা।মই এদিন মোৰ বন্ধু এজনৰ সৈতে অলপ ফুৰিবলৈ বুলি ৰাস্তা লৈ ওলাই গৈছিলো,তেতিয়া মই ৰাস্তাৰ কাষত বহি ভিক্ষা খুজি থকা এগৰাকী মহিলাক দেখিছিলো যাৰ কাষত তেওঁৰ লৰা টোৱা হইটো ভোক লগাৰ বাবে খুব আমনি কৰি আছিলে ।মোৰ সেই দৃশ্য দেখি বৰ দুখ লাগি গল আৰু হঠাতে কিছুমান কথা মনত পৰি গল -"এসময়ত মোৰো অৱস্থা ঠিক এনেকুৱাই আছিলে"মই মাত্ৰ সিমানখিনি কলো আৰু তেওঁলোকক কিছু পইচা আৰু খাদ্য দি তাৰ পৰা গুছি আহিলো।
মোৰ এতিয়াও মনত আছে যে মই প্ৰায় প্ৰথম মান শ্ৰেণীত আছিলোঁ,তেতিয়া মই মোৰ শ্ৰেণীকোঠাত একমাত্ৰ চোকা পৰা ৰূপত পৰিচিত আছিলোঁ। সেইসময়ত মোৰ কোনো আন ধৰণৰ বেলেগ চিন্তা নাছিল,মাথোঁ এটাই কথা জানিছিলো যে কেনেকৈ আনতকৈ দুটা নম্বৰ বেছিকৈ পাব পাৰো।মোৰ সেইটোৱেই এক মাত্ৰ লক্ষ্য আছিল সেই সময়ত,কাৰণ মোৰ তেতিয়া কোনো ধৰণৰ বেলেগ চিন্তা নাছিল।আৰু থাকিবনো কি,কাৰণ প্ৰথম দ্বিতীয় শ্ৰেণীত থকা অৱস্থাত পঢ়া শুনা,খেল ধেমালি কৰা তাৰ বাদেনো আৰু কি কৰিম।ঠিক তেনেদৰেই মই প্ৰায় ষস্থমান শ্ৰেণী লৈকে নিজৰ পঢ়া শুনা কৰাটোকে একমাত্ৰ লক্ষৰূপে লৈ আগ বাঢ়ি গৈ আছিলোঁ। কই নহয় যে প্ৰতিজন মানুহৰে কিছুমান ভাল গুণৰ লগতে কিছুমান বেয়া গুণ থাকে।ঠিক তেনেদৰেই মোৰো কিছুমান বেয়া গুনবোৰ জিলিকি উঠিবলৈ আৰম্ভ কৰিছিল,আৰু মই কিছুমান বেয়া দিশৰ ফালে গতি কৰিছিলোঁ। মোৰ লগবোৰে প্ৰতিদিনে স্কুললৈ হাতত পইচা লৈ আনিছিল আৰু ৰিকেচনত নিজৰ মন পছন্দৰ বস্তু কিনিছিল। শিহঁতক দেখি মোৰো মনটো নিজৰ কিছুমান ভাল লগা বস্তু কিনাৰ হেপাহ জাগিছিল,কিন্তু মোৰ ঘৰৰ আৰ্থিক অৱস্থা খুব ভাল নাছিল যাৰ বাবে মই মোৰ বন্ধুবোৰৰ লেখিয়াকৈ স্কুললৈ পইচা নিব পৰা নাছিলোঁ।প্ৰায় এসপ্তাহমান হৈ গল ঠিকেই আছিলে,কিন্তু মোৰ হেঁপাহ ও বেছি হবলৈ ধৰিছে। সেইবাবে মই একো নভবা নিছিন্তাকৈ এদিনাখন ঘৰৰ পৰা মনে মনে পইচা চুৰ কৰি স্কুললৈ লৈ গৈছিলো।মই তেতিয়া ভবা নাছিলোঁ যে পিছত মোৰ পৰিণাম কি হব কাৰণ তেতিয়া মই মাথোঁ এটাই কথাই জানিছিলো যে মইও মোৰ মন পছন্দৰ বস্তু কিনিম।মোৰো তেতিয়া আন লগৰ বোৰৰ নিচিনাকৈ বহুত বন্ধু বান্ধৱী হৈছিলে।লাহে লাহে কৰি মই ঘৰৰ পৰা পইচা চুৰ কৰি আনি আছিলোঁ।অলপ অলপ কৰি ঘৰৰ পৰা পইচা হেৰাই থকাত মাৰ সন্দেহ হবলৈ ধৰিলে আৰু এদিনাখন মায়ে মোক পইচা হেৰাই থকা লৈ সুধা পূচা কৰিছিল,আৰু মই উত্তৰত একো নাজানো বুলি কৈছিলো। ঘৰত সন্দেহ কৰাৰ বাবে মই অলপমান দিন পইচা নীয়াটো বন্ধ কৰি দিছিলোঁ।কিন্তু মোৰ হেঁপাহ আকৌ বহিবলৈ ধৰিলে যাৰ ফলত মই আকৌ ঘৰৰ পৰা পইচা চুৰ কৰিবলৈ ধৰিছিলো।কিন্তু এইবাৰ মই মাৰ হাতত ধৰা পৰিছিলোঁ। সেইদিনা মোৰ স্কুল যোৱা নহল,গোটেই দিনটোত মোক আঠু কহাই থোৱা হৈছিলে।মই সেইদিনাৰ পৰা আৰু এনে কাম নকৰোঁ বুলি মাক কথা দিছিলোঁ আৰু সেইদিনাৰ পৰা পইচা স্কুললৈ নিয়াতো বন্ধ কৰি দিছিলোঁ। সেইসময়তে মই এটা কথা ভালদৰে জানিছিল যে বন্ধুত্ব কে পইছাৰ গুৰুত্ব বেছি,কাৰণ যি কেইটা বন্ধু মোৰ ওচৰত পইচা থকা সময়ত লগত আছিলে সেইবোৰ এতিয়া কাষত নাই।কিন্তু সকলোবোৰ একেই নাছিল,যদিও লাহে লাহে মোৰ লগত থকা বন্ধুসকল আঁতৰি গৈছিল তথাপিও মোৰ লগত কিছুমান সঁচা বন্ধু আছিলে।
মই ক্ৰমান্বয়ে দশম শ্ৰণীলৈ পালোগৈ,এই বছৰটো এটা বৰ গুৰুত্ব পূৰ্ণ বছৰ।এই বছৰতে আমি জীৱনৰ এখন বৰ ডাঙৰ জখলা পাৰ কৰিব লাগে।মোৰ জীৱনৰ দৃতীয় এটা ঘটনা এইটো বছৰতে ঘটিছিল।মই দশম শ্ৰেণীত ইমান এটা চোকা নাছিলোঁ,তথাপিও যিমান পাৰো চেষ্টা চলাই আছিলোঁ নিজৰ পঢ়া শুনা আৰু নিজক ভাল কৰিবলৈ। সেইসময়তে আমাৰ শ্ৰেণীকোঠাত "পৰি"নামৰ এজনী ছোৱালী আছিলে,তাই বহুত ধুনীয়াও আছিলে।তাইৰ লগত মোৰ বন্ধুত্ব অলপ ভাল আছিলে।আমাৰ শ্ৰেণীকোঠাত অকল তায়ে একমাত্ৰ ধুনীয়া ছোৱালী আছিল।তাইৰ লগত কথা পাতি থাকোতে কেতিয়া জানো তাইক মই ভাল পাবলৈ ধৰিলো গমকে নাপালোঁ,তাইৰ বাবে মোৰ মনত প্ৰেম জগিবলৈ ধৰিলে।মোৰ এই প্ৰেমেই যে ইমান প্ৰভাৱ পেলাব মই ভবা নাছিলোঁ।মই মোৰ মনৰ কথাবোৰ মোৰ এটা বন্ধুক কৈছিলো,সি মোৰ বহুত ভাল বন্ধু আছিল কিন্তু সেইসময়ত হিও মোক বিশ্বাসঘাটকতা কৰিছিল।এদিনাখন সি মই পৰিক ভাল পোৱাৰ কথাটো গৈ পৰীক কৈ দিলেগৈ আৰু মোৰ এখন বহি নি তাইক দি দিলেগৈ,যি খন বহিত মই পৰিৰ বিষয়ে কিছুমান কথা লিখি ৰাখিছিলো।সেইসময়ত তাই কান্দি দিছিলে আৰু তাইৰ কিছুমান বান্ধৱী গৈ কথাষাৰ ছাৰ মেম হতক কৈ দিছিলেগৈ।মোক অফিচলৈ মাতি নি বিচাৰ কৰা হল আৰু মোৰ মাক স্কুললৈ মাতি অনা হৈছিল,তাৰ পিছত মোৰ সকলো কথা মাক কৈ সেই বহিখনো মাক দি দিলে।সেইদিনা মোক মায়ে সোনকালেই ঘৰলৈ লৈ গৈছিল।মোৰ মনত ভয় সোমাইছিল।ঘৰ আহি পোৱাত মোক মায়ে বিভিন্ন ধৰনৰ প্ৰশ্ন সুধিছিল আৰু মাৰিছিল লগতে দেউতাক লগাই দিয়াৰ কথা কৈছিল।মোৰ তেতিয়া বেছিকৈ ভয় লাগিবলৈ ধৰিলে,কাৰণ দেউতাৰ খং বহুত বেয়া আছিলে। দেউতাই এবাৰ পিতিবলৈ চালে আৰু একো নাচাই।দেউতা ঘৰত নাছিল,কিছু কামৰ বাবে দুৰণিত থাকিব লগীয়া হৈছিলে কিন্তু কাইলৈ দেউতা ঘৰলৈ আহিব।মোৰ আৰু বেছিকৈ ভয় সোমালে,কাৰণ মায়ে দেউতাক সকলো কথা কৈ দিম বুলি কৈছিল।মোৰ আগতে কৰা কিছুমান ভুলো আছে যিবোৰ মায়ে দেউতাক কোৱা নাছিল।পিছদিনা দেউতা ঘৰ আহি পালেহি কিন্তু তেতিয়া লৈকে মায়ে একো কোৱা নাছিল।মোৰ মনত নানা তৰহৰ কথা সোমাবলৈ ধৰিলে,মই দিপৃশ্যনত ডাঙৰ এটা ভুল কৰিছিলোঁ যিটো মই কৰিব নালাগিছিল।সেইদিনা মা দেউতা কোনো ঘৰত নাছিল,মই দিনটো ঘৰতে কান্দি আছিলোঁ,কাৰণ মাই কৈ থৈ গৈছিল যে ঘৰলৈ আহি তোৰ বিচাৰ কৰা হব।মই ভয়ত ইমানেই দিপ্ৰিশ্যনত আছিলোঁ যে মই suicide কৰিবলৈ বাধ্য হৈছিলোঁ,যিটো এটা অপৰাধ।মই যেতিয়া চকু মেলিছিলো তেতিয়া নিজকে হস্পিতালত পাইছিলো।কোনে কেনেকৈ কিয় মোক ইয়ালৈ আনিলে মই একো গম নাপাওঁ।প্ৰায় দুই তিনি সপ্তাহৰ পাছত মোক released দিলে।মই হস্পিতালৰ পৰা ঘূৰি আহোঁতে মোৰ সেই আগৰ কথাবোৰ মনত নাছিল।ঘৰলৈ অহাৰ পিছত মই দুসপ্তাহ মানৰ পিছত সম্পূৰ্ণ ৰূপে সুস্থ হলো,তাৰ পিছত মই আকৌ স্কুললৈ গৈছিলো।মোৰ হাতত বেছি সময় নাছিল কাৰণ মেট্ৰিক পৰীক্ষাৰ বাবে মাত্ৰ এমাহমান হে সময় আছিল।মই পৰীক্ষাৰ বাবে বেছি সময় পঢ়িবলৈ পোৱা নাছিলো। কিছু দিনৰ পিছত মেট্ৰিক পৰীক্ষা আৰম্ভ হল।মই পৰিক্ষালৈ ইমানকে পঢ়া নাছিলোঁ যদিও হিন্দীত letter সহ 2nd devision অত উত্তীৰ্ণ হলো।মোৰ highschool জীৱন ইমানতে সমাপ্ত হল।
মই মোৰ আগৰ সকলো কথা পাহৰি এটা নতুন জীৱন আৰম্ভনি কৰিছিলোঁ। মই মেট্ৰিক পাছ কৰাৰ পাছত দেৰগাঁও higher secondary schoolত নিজৰ নাম ভৰ্তি কৰিলোঁ।তাত মোৰ আগৰ স্কুলৰ কোনো বন্ধু নাছিল,সেইবাবে মোৰ আগৰ কথা তাত কোনো নাজানিছিল।মোৰ বাবে সেই স্কুলখনৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী অচিনাকি আছিলে।মোৰ প্ৰথমতে তাত কাৰো লগতে চিনাকি নাছিল,মই প্ৰায় কেইবাদিনো অকলে বহিছিলোঁ। ক্লাছ কৰা আৰু ঘৰলে ঘূৰি অহা হেইটোৱা মোৰ কেইবাদিনো ৰুটিন হৈ পৰিছিল।লাহে লাহে মোৰো ইটোৰ পিছত হিটোৰ লগত চিনাকি হবলৈ ধৰিলে।মোৰ কলেজীয়া জীৱনত কেতিয়াও পাহৰিব নোৱৰা কেইটামান বন্ধু আছিল নচিব,আকাশ আৰু ৰাতুল। সেই সময়ত মোৰ এজনী best friend আছিল,তাইৰ নাম আছিল"ৰীতিকা"।মই তাইক মৰমৰ ঋতু বুলি মাতিছিলো।তাইৰ আৰু মোৰ নিচিনা best friend ship গোটেই কলেজ খনত নাই বুলিব পাৰি।তাই scienceৰ ষ্টোদেন আছিলে আৰু মই আৰ্টছ অৰ।মই তাইক লগ পোৱাৰ পৰা সঁচা প্ৰকীত বন্ধুত্ব কি বুজি পালোঁ।তাই মোক প্ৰতিটো খুজতে সহায় কৰিছিল। আমাৰ এনে একো কথা নাছিল যিটো আমি এটাই আনটোক নোকোৱাকৈ থাকোঁ,আমি আমাৰ সকলো ভাল বেয়া, সুখ দুখৰ কথা share কৰিছিলোঁ ।মই সেইসময়ত গান শুনি আৰু লিখি ভাল পাইছিলো। সেই কথাটো মই এদিন তাইক কৈছিলো আৰু তাই মই লিখা হেই গানবোৰ পঢ়ি চাইছিল।তাই মোৰ গানবোৰ পঢ়ি বহুত ভাল হৈছে বুলি কৈছিল আৰু লগতে কৈছিল যে তুমি এদিন বহুত আগুৱাই যাবা।মই তেতিয়া ইমান গুৰুত্বপূৰ্ণ ভাৱে কথাষাৰ লোৱা নাছিলোঁ,কাৰণ মোৰ এই গান লিখা মেলা কৰা কামবোৰ ঘৰত ভাল নাপাইছিল।লাহে লাহে তাই মোৰ লিখা গাণবোৰত থকা ভুল বোৰো শুধৰাই দিছিলে।মই লাহে লাহে মোৰ গানবুৰ প্ৰকাশ কৰাৰ কথা চিন্তা কৰিবলৈ ধৰীলো।মই মোৰ গান বোৰ কিছুমান ডাঙৰ লোকক দেখাবলে ধৰিলো।বহুতে মোৰ প্ৰশংসা কৰিছিল আৰু বহুতে ইটিকিঙো কৰিছিলে।মই মোৰ সেই গান বোৰ social mediaত upload কৰিবলৈ ধৰিলো,মই মোৰ এটা "ARP unic vlog" নামৰ এটা ইউটিউব চানেল ও খুলিছিলো যত মোৰ গান বোৰৰ ওপৰতে কিছু video upload কৰিছিলোঁ।তাৰ পৰাও মই একো সঁহাৰি পোৱা নাছিলোঁ।ইফালে মোৰ higher secondary examও ওচৰ পালেহি যাৰ বাবে মই মোৰ সেই টো বিষয় হিমানতে এৰিব লগীয়া হৈছিলে।পৰীক্ষা দিয়া হল,তাতো অতি সফলতাৰে মই উত্তীৰ্ণ হলো।
মই result দিয়াৰ পিছত আকৌ মোৰ সেই অসম্পূৰ্ণ কামটো সপূৰ্ণ কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ কিন্তু সামৰ্থ হোৱা নাছিলোঁ।মই তেতিয়া মোৰ গান বোৰ আলোচনীত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ।মই তেনেকৈ বহুতো আলোচনীত প্ৰকাশ কৰিছিলোঁ,কিন্তু একো কাম নহল।ইমান অসফলতা পোৱাৰ পিছতো মই মোৰ চেষ্টা অব্যাহতি ৰাখিছিলো। সেই সম়ছোৱাতে মই মোৰ লগৰ কিছুমানৰ লগত কিছুমান চুটি ছবি কৰিছিলোঁ।আমি কেইবাখনো চুটি ছবি কৰিছিলোঁ।এদিনাখন মোৰ মনত এটা বুদ্ধিৰ উদয় হল।মই কিছুমান কাহিনী লিখিছিলোঁ,যিবোৰ মই চুটি ছবি আকাৰে প্ৰকাশ কৰিবলৈ যত্ন কৰিছিলোঁ।মই মোৰ চুটি ছবি বোৰত কিছুমান বাস্তব জীৱনত ঘটি থকা কাহিনী লিখিছিলোঁ।মই মোৰ প্ৰথম দুখন ছবি realised কৰিছিলোঁ,কিন্তু সেই দুখন ইমান জনপ্ৰিয় নহল।মই প্ৰায় এক সপ্তাহমানৰ পাছত আকৌ এখন ছবি realised কৰিছিলোঁ।যিখনে মই ভবাতকৈ অতি বেছি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। বহু কম দিনৰ ভিতৰতেই মোৰ সেই ছবিখনত লাখৰো অধিক views পাবলৈ ধৰিলো।তাৰ পাছত মই আৰু কেইবাখনো ছবি realised কৰিলোঁ।হেইকাইখনেও অতি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।এতিয়া গোটেই ইউটিউব জগতত মাথোঁ মোৰ ছবি গিখনে তুল পাৰ লগাই আছিলে।সকলোতে এতিয়া মাথোঁ মোৰ নামেই আছিল।এনেতে এদিনাখন মূলৈ এটা mail আহিছিল,যিটো গুৱাহটীৰ এটা চিনেমা ষ্টুডিঅ পৰা আহিছিল যত তেওঁলোকে মোক তেওঁলোকৰ লগত কাম কৰাৰ এটা সুবিধা প্ৰদান কৰিছিল।যিটো খবৰ পাই মই অতিকৈ আন্নদিত হৈছিলোঁ,কাৰণ এতিয়া মই মোৰ নিজৰ সপোন পূৰণ কৰিবলৈ নিছিন্ত ভাবে সক্ষম হব পাৰিম।মই পিছদিনাই গুৱাহাটীলৈ বুলি মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ।মই তাত গৈ বহুত কথা জানিলো আৰু শিকিবলেও পালোঁ।তেওঁলোকেও মোৰ লিখা কাহিনী বোৰ অতিকৈ ভাল পাইছিল যাৰ বাবে তেওঁলোকে মোক অতি কম দিনৰ ভিতৰতে এখন চিনেমাত কাম কৰিবলৈ সুযোগ দিলে,মোৰ বাবে এইটো অতি আনন্দদায়ক কথা হৈ পৰিছিল কাৰণ যিখন চিনেমাত মই প্ৰথম কাম কৰিম সেইখনত তেওঁলোকে মুকেই মুখ্য অভনেতা হবলৈ দিছিল আৰু সেই ছবিখনত মই লিখা গান বোৰু realised কৰিব।মোৰ জীৱনৰ সেইখন প্ৰথম চিনেমা আছিল,আৰু চিনেমা খনেওঁ মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হল।মই তেওঁলোকৰ লগত বছৰ বছৰ ধৰি কাম কৰিলো।আজি মই এনে এটা স্থানত উপনীত হৈছোঁ যি স্থানত পোৱাৰ কথা মই সপোনতো ভবা নাছিলোঁ।মোৰ জীৱনত এনে এটা সময় আছিল যিটো সময়ত মই এটা এটা সৰু বস্তুৰ বাবে অনৰ আগৰ হাত মেলিব লগা হৈছিল কিন্তু আজি মই ইমানেই সামৰ্থ হৈছোঁ যে আনক সহায় কৰিবলৈ পৰিছো।মোৰ অতি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা ছবিখন হৈছে"কল্পনা"যি খনৰ জৰিয়তে মই আজি এই স্থানত আছোঁ।
এই খিনিতে এটা কথা কওঁ যে কাৰোবাৰ যদি কিবা এটা নিজা বিশেষ গুণ আছে তেন্তে হেটটো প্ৰকাশ কৰিবলৈ যত্ন কৰিব লাগে।কাৰণ আজিৰ যি সমাজ সেইখন আগৰ দিনৰ সমাজৰ নিচিনা নহয়।এইখন আধুনিক সমাজ,এই সমাজত অকল পঢ়া শুনা কৰি এই যে কিবা এটা কৰিব পাৰিম সেইটো ভাবি লাভ নাই। সেই সময়ত যদি অনকুৰে তেতিয়া ঘৰৰ কথা চিন্তা কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন নকৰিলে হেঁতেন তেন্তে হয়টো অংকুৰ আজি এই স্থানত কাহানিও উপনীত হব নোৱাৰিলে হেঁতেন।
No comments:
Post a Comment