মিচিং ভাষা শিকো আহক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 3, 2022

মিচিং ভাষা শিকো আহক

 


মিচিং ভাষা শিকো আহক

Mising Agom Kinla:jé Kajé

      

         কালিনাথ পাংগিং






   (১)


মিচিং ভাষাৰ বাবে গ্ৰহণ কৰা লিপিটো হৈছে সংশোধিত ৰোমান লিপি। মিচিং আগম কৗবাঙ(মিচিং সাহিত্য সভা)ৰ উদ্যোগত হোৱা বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত সংশোধিত ৰোমান লিপিকেই  মিচিং ভাষাৰ লিপি হিচাপে গ্ৰহণ কৰিছে আৰু আনুষ্ঠানিকভাৱে ১৯৭৮ চনৰে পৰা সংশোধিত ৰোমান লিপিক মিচিং ভাষাৰ লিপি হিচাপে ব্যৱহাৰ হৈ আহিছে।

মিচিং ভাষী আৰু অমিচিংভাষী সকলে যাতে কিঞ্চিতমান হ'লেও মিচিং ভাষা শিকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই টোকাটি যুগুত কৰা হৈছে। টোকাটোত অসমীয়া-মিচিং ভাষাৰ জৰিয়তে মিচিং ভাষা শিকোৱাৰ প্ৰচেষ্টা কৰা হৈছে। আমাৰ এই বিনম্ৰ প্ৰচেষ্টাত অনিচ্ছাকৃতভাৱে ৰৈ যোৱা ভুল সমূহ (যদিহে কাৰোবাৰ দৃষ্টিগোচৰ হয়) বিনা সংকোঁচে আঙুলিয়াই দিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।

       

Ponam-1

পাঠ-১


মিচিং বৰ্ণমালা

Mising Bíglung


A    B    D    E   G

এ   বি    দি    ই  জি


 H      I      J      K   L 

এইচ আই জে কে এল


M    N   O    P     R 

এম এন অ   পি    আৰ 


S      T    U    W       Y 

এচ  টি    ইউ  ডব্লু    ওৱাই


NG                   NY      

এন জি,ঙ   এন ওৱাই,ঞ


É.      Í.       :

অৗ     অৃ      মুগয়াৰ /মুগয়াৰ আগদ।


Bíkta (বৰফলা)


A        B      D      E     G


H        I        J      K      L


M      N        O      P      R


 S       T       U      W     Y


NG     NY    É        Í       :


Bígme:(সৰুফলা)-


a       b       d      e     g


 h      i        j        k      l 


m     n      o         p      r 


s       t       u         w      y


ng    ny     é          í       :



Gomug (স্বৰ বৰ্ণ)

  A    E     I     O   U    É          Í        :


Mukténg (ব্যঞ্জনবৰ্ণ)-


B   D   G   H  J   K   L   


M   N   P   R   S   T  W  


 Y   NG   NY 


মন কৰিবগীয়া-

মিচিং ভাষাত হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰৰ দুটা ধ্বনি পোৱা যায়। সেই ধ্বনি দুটাক সঠিকভাৱে উচ্চাৰণ কৰিবলৈ গমুগ বা স্বৰ বৰ্ণৰ লগত দীৰ্ঘস্বৰৰ প্ৰতীক (:) মুগয়াৰক সংযোগ কৰা হয়। এই হিচাপত মিচিং ভাষাৰ হ্ৰস্ব আৰু দীৰ্ঘ স্বৰৰ ধ্বনি সমূহ হ'ল--


Mugdéng (হ্ৰস্ব স্বৰ ধ্বনি)


A     E     I     O    U  É   Í


Mugyar (দীৰ্ঘস্বৰ ধ্বনি)


A:   E:    I:   O:   U:   É:  Í:


মনকৰিব লগীয়া-


১। মিচিং ভাষাত সৰ্বমুঠ বৰ্ণৰ সংখ্যা ১৭(ব্যঞ্জন)+৮(স্বৰ বৰ্ণ)=২৫টা।


২. এ ই আই অ ইউ -এইবোৰ বৰ্ণৰ নাম (Names of letters) আৰু আ,আ:, এই,এ:,ই,ই:  এইবোৰ বৰ্ণসমূহৰ ধ্বনি (pronounciation of the letters)। শব্দৰ বানান কৰোতে বৰ্ণৰ নাম অনুসৰি কৰা হ'ব আৰু উচ্চাৰণ কৰোঁতে বৰ্ণৰ ধ্বনি অনুসৰি কৰা হ'ব।


৩। মুগয়াৰ বা মুগয়াৰ আগদ (:) বৰ্ণক মিচিং ভাষাৰ বৰ্ণ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে যদিও ই অকলে নিজাববীয়াকৈ শব্দ সাধন কৰিব নোৱাৰিব। ই মাত্ৰ স্বৰবৰ্ণ সমূহৰ লগত (সোঁফালে) বহি দীৰ্ঘস্বৰধ্বনি উচ্চাৰণত সহায় কৰিব আৰু ই কেতিয়াও ব্যঞ্জনবৰ্ণ সমূহৰ লগত নবহিব।


৪। মিচিং ভাষাৰ প্ৰতিটো স্বৰবৰ্ণই এটা মাত্ৰ উচ্চাৰণহে প্ৰতিনিধিত্ব কৰিব। ইংৰাজী বৰ্ণৰ দৰে বেলেগে বেলেগে উচ্চাৰণ নহ'ব।


৫। দীৰ্ঘস্বৰধ্বনি বৰ্ণ সমূহক মিচিং ভাষাৰ মুঠ বৰ্ণমালাৰ লগত সন্নিৱিষ্ট কৰা হোৱা নাই যদিও প্ৰয়োজনবোধে দীৰ্ঘস্বৰ ধ্বনিৰে আৰম্ভ হোৱা শব্দও সাধন কৰিব পাৰিব।


       ক্ৰমশঃ.....



1 comment:

  1. How to play Baccarat in Las Vegas | Free Online & Real Money
    If you're ready kadangpintar to get the hang of 메리트 카지노 고객센터 your game, you can take advantage of our free online baccarat games where you can 바카라 choose from hundreds of options,

    ReplyDelete

Post Bottom Ad

Responsive Ads Here

Pages