নীলা খামৰ চিঠি
কৰবী ভূঞা
মুৰফুলনি বাগান গাওঁ, গোলাঘাট
মৰমৰ,
আহিনৰ কুহুমীয়া আবেলিটোত তোমালৈ আবেগৰ টোপোলাটি মৰমেৰে যাছিলো ।তোমাৰ কুশল কামনাৰে হৃদয়ত মৰমৰ টান বোৱাই লৈছো।আহিনৰ বোকোছাত উঠি শৰতৰ এতিয়া মিঠা আলোড়ন।কুৱলিৰ আচ্ছাদনত সেউজীয়া বোৰে ৰং সানিছে।হৃদয়ত অজানিতে খুন্দিয়াই অতীতৰ পৃষ্ঠাত ওলমি ৰোৱা দস্তাবেজৰ উমাল কথাবোৰে।লুইতত মতলীয়া পছোৱাজাকে ঢৌ তুলিছে নীবিড় নিৰৱে ।শৰালীজাকৰ কল্লোল তৰংগ। তোমাৰ বাৰু মনত পৰেনে?? জোনঢলা মায়াবি ৰাতিৰ আমাৰ সপোনৰ বৰষুণজাক, হয়তো অনামী হৃদয়ত ৰৌদ্ৰজাল পুৱাবোৰৰ জলকেলি কৰা সেইয়াও এক আৰম্ভণি।আজি আহিনৰ প্ৰথমজাক বৰষুণত তোমাৰ নামত তিতিছো জুৰুলি-জুপুৰিকৈ।আনমনা হৈ পৰিছে মন প্ৰজাপতিৰ প্ৰাংগন।ভালপোৱা সাগৰৰ এটা পাৰত তুমি আনটো পাৰত মই ।ইমান বিশালতা মৰমৰ টান,প্ৰেম চাগে এনেকুৱাই শূন্যতাৰ পৰা জীৱনৰ মাদকতা উপলব্ধি কৰাই। তোমাৰ আৰু মোৰ প্ৰিয় ঋতু আছিল শৰৎ।আহিনৰ নিবীড় আবেলি এটাত তুমি সুধিছিলা মৰহা সৰা শেৱালীত কি বিচাৰো মই? কোনোদিনেই উওৰ দিয়া ন’হল,আজি কঁও শুনা ,মৰহা ফুলবোৰত জীৱনক নকৈ সজাই লোৱা সান্নিধ্য পাইছিলো। কলমৌৰ পাতত জীৱন ঘড়ীৰ উশাহৰ উমান লঁও।। আহিন মাহতো অতি প্ৰিয় কাৰণ মেঘমল্লাৰ ৰাগিত নীলাবোৰে দিকচৌ বনত মেলা পাতে।তুমি শৰতৰ শেৱালীত উশাহ লৈ ভাল পোৱা আৰু মই সেই শেৱালিত শৰালিজাকৰ কলৰৱ শুনো।মৌনতাৰ গানবোৰ এতিয়া সুৰীয়া হৈ পৰিল।মোৰ চহৰত প্ৰতিজাক বৰষুণত হালধীয়া চৰাইজাকে ভিন্ন সুৰীয়া গীত জুৰে।
সময়ে গতি লয়,নিজস্বতাৰে।পাৰ হৈ যোৱা প্ৰতিটো ঋতুৰ অনুভূতিত আমি বিলীন হৈ যাও।প্ৰেম হেনো শাশ্বত, চিৰসেউজ । কিন্তু আমাৰ সেই প্ৰেমৰ স্মৃতিসৌধৰ সংজ্ঞা এতিয়া থুনুকা। ভালপোৱা যেন এতিয়া বিনিময়!!তুমি অনুভৱ কৰানে!! শৰতৰ মাদকতা এতিয়া নিস্তেজ।জোনাকৰ অবিৰত সেই হেঁপাহ নাই, যি হেঁপাহত আমি মাজনিশা জোনাকী পৰুৱাৰ ৰঙত খেলিছিলো। সকলোতে এতিয়া মিছা মৰমৰ অভিনয়।পাৰভঙা জোৱাৰ বোৰে এতিয়া অপেক্ষা নকৰে। হেলাৰঙে পাৰ হয় অব্যক্ত কাহিনীবোৰ। পালতৰা নাঁওৰ দৰে সকলো ধূসৰ।
আজি বগা ৰঙৰ সাজজোৰ মেৰাই তোমালৈ একলম লিখিলো।তোমাৰ প্ৰিয় ৰং আৰু সাজজোৰ এতিয়া মোৰ অতি চিনাকী। আজীৱন এই ৰঙটোৱে সজাই লোৱা অন্য এক পৰিক্ৰমা। এইবাৰো আগচোতালৰ শেৱালীজোপা শুভ্ৰ হৈ ফুলিছে ,তুমি নোহোৱা উমান লয়, প্ৰতিটো ঋতুৱে আব্দাৰ কৰে সংগোপনে।তুমি নোহোৱাকৈ শৰতৰ প্ৰথমটো অনুভৱক জোঁকাৰি চাম এইবাৰ।হয়তো বাস্তৱক আজুৰি অনা এক অহৰহ প্ৰচেষ্টা। কাঁচিৱলী জোনে ৰঙীন কৰিছে মোৰ শুভ্ৰতাক।আজিলৈ সামৰি ৰাঁখো মোৰ মৰমৰ একাজলি আব্দাৰ।আদৰি ল’বা মৰমবোৰ আলফুলে।
(পুনশ্চ,এইবাৰ শৰতৰ কুৱলীবোৰে সেউজীয়া পথাৰখন ৰঙীন কৰিছে।গেঁৰমেলা সপোনটো তোমাৰ নামত আঁকি লৈছো কপালত,এটি বেলিৰ আভা কৰি/ৰ’দঘাই আকাশত বুকুৰ বেথা )
প্ৰান্তত,
তোমাৰ ৰ’দ কাচিৱলী,
No comments:
Post a Comment