No Medium No Rest - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 2, 2022

No Medium No Rest

 

No Medium No Rest ! 


দুষ্যন্ত নৰহ



চৌপাশে অসুস্থ বাতাৱৰণ!এই বাতাৱৰণৰ  আঁচোৰত কুম্ভকৰ্ণৰ দৰে নিদ্ৰাত মগ্ন হৈ আছিলো য'ত এপলক শান্তি অনুভৱ কৰিছিলোঁ যদিও বুকুখন বৰকৈ বিষাইছিল৷হৃদয়ৰ ভাষানো কোনে বুজি পায়? কলমৰ ভাষা কোনে বুজে?পৰুৱাৰ দৰে জীৱলৈ উভতি চাই কোনে?তথাপিও নিজৰ ঠাইৰ দৰে নহয়৷ নিজ আপোন ঠাইলৈ উভতি চাবলৈ এটা ক্ষুদ্ৰ প্ৰয়াসহে কৰিলোঁ৷

   

   উল্লেখিত শিৰোনামাটিয়ে দুই-এজন অসমীয়া ভাষিক বন্ধুক অন্তৰত কিছু আঘাত দিয়াটো স্বাভাৱিক৷পিছে, উদ্দেশ্য কাকোৱেই আঘাত দিয়া নহয়৷অসমীয়া বৰসুঁতিতেই  একেলগে সাঁতুৰি আমাৰ ভাষা-সংস্কৃতিকো আমি পাৰলৈ চপাই আনিব বিচাৰো৷ ভূপেন দাৰ কথাৰে মোৰ আইক ভাল পোৱা মানে আনৰ আইক ঘিণ কৰা নুবুজায়৷অসমীয়া ভাষাৰ ভৰাল চহকী কৰিবলৈ আমি একেখন পাৰত থিয় হ'ব লাগিব৷অসমীয়া আমাৰ প্ৰাণৰ ভাষা৷ অসমত থাকি অসমীয়া ভাষাক অপমান কৰাটো অসহ্যকৰ৷ পিছে,এচাম উগ্ৰ অসমীয়া জাতীয়তাবাদীয়ে অসমৰ ঐতিহ্য আৰু সংহতিত এক মোক্ষম অাঘাত হনা পৰিলক্ষিত হৈছে যাৰ বাবে থলুৱা জনগোষ্ঠীয় ভাইসকল আমি অসমীয়া বুলি একে উশাহতে বুকুত হাত দি ক'বলৈ সংকোচ অনুভৱ কৰিবলগীয়া হৈছে৷ৰাভা-বড়ো-মিচিং-দেউৰী আদি জনজাতি ভাইসকল অসমীয়া বুলি উচ্চ বৰ্ণৰ অসমীয়াসকলেও  একে উশাহতে বুকুত হাত থৈ আজিও ক'ব নোৱাৰে৷সেইবাবেই হয়তো ঠায়ে ঠায়ে সংঘাতৰো সুত্ৰপাত ঘটিছে৷ স্কুলত পঢ়ি থাকোতে আমি অসমীয়া কথা ক'লেই মিৰি বুলি আমাক অসমীয়া ভাইসকলে ঠাট্টা-মস্কৰা কৰিছিল৷নামচিং খোৱা,গাহৰি খোৱা  অকৰা মিৰি বুলি অসমীয়া ভাইসকলে আমাক ঘনাই ইতিকিং কৰিছিল৷আমাৰ মনত তেতিয়াই এটা কথা উদয় হৈছিল-আমি মিচিং, তেওঁলোক অসমীয়া৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে আমি অসমীয়া  এই কথাষাৰ প্ৰাথমিক স্তৰৰ পৰাই ল’ৰা-ছোৱলীৰ হৃদয়ত শিপাব লাগিব৷এপদ-দুপদকৈ ডাল-পাতবোৰ সৰি গছজোপা লঠঙা হৈ নিজৰ সৌন্দৰ্য হেৰুৱাই পেলায়৷নানা তৰহৰ ফুলৰ সৌন্দৰ্যৰ সমাহাৰে বাগিচাখনৰ সৌন্দৰ্য বৃদ্ধি কৰি তোলে৷ঠিক তেনেকৈ নানা জনগোষ্ঠীয় ভাষাৰ সমাহাৰে অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি কৰিছে৷এটা কথা ঠিক আমি কোনেও কাকো এৰাই চলিব নোৱাৰে৷আমি অসমীয়া ভাই ভাই৷

   

 আজিৰ একবিংশ শতিকাত থলুৱা জাতি-জনগোষ্ঠীয় ভাষাসমূহ প্ৰায় মৃত্যুৰ দুৱাৰডলিত উপনীত হৈছে৷অতিমাত্ৰা ৰাজনৈতিক কু-অভিসন্ধি আৰু ক্ষমতাৰ আশংকাই বাঘা বাঘা জাতীয় নেতাৰ কন্ঠ ৰূদ্ধ কৰাৰ লগতে থলুৱা ভাষাসমূহ নি:শেষ কৰিবলৈ উঠিপৰি লাগিছে৷এটা ভাষা শেষ হোৱা মানে একোটা জাতি শেষ হোৱা৷এটা জাতি শেষ হোৱা মানে পৃথিৱীৰ বুকুৰ পৰা এটা বিজ্ঞান শেষ হৈ যোৱা৷একো-একোটা জাতিৰ বিজ্ঞান কালৰ বুকুৰ পৰা যাতে হেৰাই যাব নোৱাৰে তাৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব৷সময় বাগৰাৰ লগে লগে আমাৰ জাতীয় চেতনাবোৰ ক্ৰমাৎ সংকুচিত হৈ আহিল৷ আমাৰ আৱেগ-অনুভূতিবোৰ এচাম মুখাপিন্ধা নেতাক মন্ত্ৰী-বিধায়ক বনোৱাৰ কৰ্মশালালৈ ৰূপান্তৰিত হ'ল৷বিশ্বায়নৰ যুগত আমাৰ জাতীয় চেতনাবোৰ ইমানেই সংকুচিত হৈ আহিল এতিয়া আমাৰ অস্তিত্ব হেৰুৱাই পেলোৱাৰ দিশে৷কিন্ত আজি বিশ্বায়নৰ স'তে মোকাবিলা কৰিব পৰাকৈ আমাৰ জাতীয় চেতনাবোৰ বিজ্ঞানসন্মতভাবে সম্প্ৰসাৰিত হ'ব লাগিছিল কিন্ত,,,এতিয়া আমাৰ জাতীয় আৱেগবোৰ ফাইলৰ গঁৰাালত সোমাল৷এনেকৈ এজন এজনকৈ গঁৰালত সোমালে মিচিং জাতি এসময়ত কালৰ বুকুৰ পৰা হেৰাই যাব৷ পিছে  আনে নকৰিলেও,এতিয়াৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে থলুৱা জনগোষ্ঠীয় ভাষাবোৰ জীয়াই ৰাখিবলৈ এক ফলপ্ৰসূ সিন্ধান্ত গ্ৰহণ কৰিছে৷ মাৰ ভাষাৰে শিক্ষাদান কৰিলেহে এগৰাকী শিশুৱে ভালধৰণে বুজিব পাৰে৷ গতিকে অতিকমেও ল'ৰা-ছোৱালীক পঞ্চম শ্ৰেণীলৈ মাৰ ভাষাত শিক্ষাদান কৰাটো পোষকতা কৰিছে৷ তেতিয়াহে ল'ৰা-ছোৱালীৰ সৃজনশীল আৰু উদ্ভাৱনীমূলক  দিশবোৰ অধিক সক্ৰিয় হৈ উঠিব৷এনে পাঠ্যক্ৰম সংযোজন কৰিব লাগিব যাতে মিচিং ভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰাৰ পাছতো শিক্ষাৰ্থীসকলে আন ভাষাতো পাৰদৰ্শিতা দেখুওৱাব পাৰে৷


বড়ো মাধ্যমত শিক্ষাগ্ৰহণ কৰা ছাত্ৰছাত্ৰীসকলতো পিছ পৰা থকা নাই বৰঞ্চ বিশ্ববিদ্যালয় পৰ্যন্ত শিক্ষকতা কৰিবলৈ তেওঁলোকৰ বাট মুকলি হৈছে৷ মিচিং ভাষাৰ মাধ্যমত শিক্ষা আহৰণ কৰাৰ পাছতো তেনে প্ৰয়োগিক দিশ নথকাত মিচিং শিক্ষাৰ্থীসকল আজি কেইবাদশক ধৰি হতাশাত ভাগি পৰা দেখা গৈছে৷ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মিচিং ভাষাত ছমহীয়া পাঠ্যক্ৰম আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত এবছৰীয়া পাঠ্যক্ৰমৰ শিক্ষাদান বছৰি বছৰি দি থকা হৈছে৷ তেনেস্থলত সেই পাঠ্যক্ৰমত শিক্ষাদান লাভ কৰাৰ পাছত  যদিহে চাৰ্টিফিকেটসমূহ  কতোৱেই প্ৰয়োগ কৰিব নোৱাৰিলে ভাষাটোৰ প্ৰতি অনীহা প্ৰকাশ কৰাতো তেনেই স্বাভাৱিক কথা৷চৰকাৰে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা উচিত যাতে জনগোষ্ঠীয় ভাষাৰ মাধ্যমেৰে শিক্ষাগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ বাবেও নিজ নিজ ভাষাৰ মাধ্যমত শিক্ষকতা কৰাৰ বাট মুকলি হয়৷ তেহে নিজ ভাষাটোৰ প্ৰতি আন্তৰিকতাৰ উদয় হ'ব৷

 

  মিচিং আগম কেবাঙেও মিচিং ভাষাত ছমহীয়া পাঠ্যক্ৰম ইতিমধ্যে আগবঢ়াইছে৷ মিচিং অধ্যুষিত অঞ্চলত গাঁৱেভূঞে মিচিং আগম কেবাঙৰ নেতৃত্বত মিচিং ভাষাৰ শিক্ষাৰ এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷শ-শ শিক্ষাৰ্থীৰ অংশগ্ৰহণত শিক্ষকহিচাপে আমিও অভিভূত হৈ পৰিছো৷ মিচিং শিক্ষাৰ্থীসকলৰ এই অভূতপূৰ্ব অংশগ্ৰহণে এইটো প্ৰমাণ কৰিছে যে তেওঁলোকে মিচিং ভাষাক হৃদয়ৰ পৰা বিচাৰে, বিচাৰে ভাষাক জীয়াই ৰাখিবলৈ৷গতিকে চৰকাৰে ব্ৰিজিং লেংগুৱেজৰ সিন্ধান্ত পৰিহাৰ কৰি মিচিং ভাষাক ৰাষ্ট্ৰীয় শিক্ষানীতিমতেই শিক্ষাৰ মাধ্যম কৰক৷ সেয়াই সোণালী সুযোগ৷ ডিঙিৰ শিৰ ফুলাই কোৱা মুখ্যমন্ত্ৰীয়েও নিজ প্ৰতিশ্ৰুতি ৰক্ষা কৰি সৰ্বকালাৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে খ্যাতি লাভ কৰক৷

 

গোগামুখ বাংকে আগম কেবাঙৰ উদ্যোগত 

টাবুটাইদ লাইব্ৰেৰীত  মিচিং ভাষাৰ পাঠদানৰ কিছু আলোকচিত্ৰ


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages