সুখ
মিনাক্ষী কলিতা
নলবাৰী
টোপনি যোৱা কেচুৱাক মাকে এনেদৰে চাই থাকিব নাপায়... তাতকৈ সি শুৱতে চাহ কাপ খাই তুমিও অলপ শুই যোৱা...এইখিনি সময়ত তুমি কেচুৱাৰ লগতে নিজৰো যত্ন লোৱাটো আৱশ্যক..তুমি সুস্থ হৈ থাকিলেহে সন্তানক সুস্থ সৱল ভাৱে ডাঙৰ কৰিৱ পাৰিবা...
দুপৰীয়াৰ চাহকাপ দিবলৈ আহি কেচুৱাটো শুৱতে প্রয়াসীকো অলপ শুই লোৱাৰ উপদেশ দি কোঠাৰ পৰা ওলাই গৈছিল শাহুৱেকজনী। কিন্তু শাহুৱেকৰ কথাখিনিয়ে তাইক আচৰিত কৰি তুলিছিল।
এইগৰাকীয়ে বাৰু সেইগৰাকী মানুহ নে!
যিগৰাকী মানুহে তাইক ইমান মৰমেৰে কথা কোৱাতো দুৰৰে কথা। তাইৰ নামটোকে শুনিব নিবিচাৰিছিল। আনকি কেতিয়াবা কাৰোবাৰ আগত তাইৰ কথা কবলগীয়া হলেওঁ তাইৰ নাম নাইবা বোৱাৰী বুলি কোৱাৰ পৰিবৰ্তে আমাৰ মৃণ্ময়ৰ ঘৈণীয়েক বুলিহে কৈছিল।তাইৰ নামটো শুনিলেও যেন তেওঁৰ দেহটো বিছাই ডকাদি ডাকিছিল। আৰু বোৱাৰী বুলিটো তেওঁ তাইক কেতিয়াও মানি নলওঁ বুলি তাই এইখন ঘৰত প্ৰৱেশ কৰাৰ দিনাই সকলোৰে আগত ঘোষণা কৰিছিল।
তাৰ পিছত আজি তিনি বছৰে তাই এইগৰাকী মানুহক ভাল লগাবলৈ কি কি যে কৰা নাছিল.. একেষাৰে কবলৈ হলে এই মানুহজনীক সন্তুষ্ট কৰিবলৈ গৈ তাই নিজৰ স্বকীয়তা খিনিকো বিসৰ্জন দিছিল। নিজৰ ইচ্ছা অনিচ্ছা ভাল লগা বেয়া লগা সকলো পৰিহাৰ কৰি কেৱল মাত্ৰ এই মানুহজনীৰ পিছত দিনে ৰাতিয়ে দৌৰিছিল তেওঁৰ পৰা এষাৰ মৰমৰ মাত শুনাৰ আশাত..তেওঁ তাইক বোৱাৰী বুলি মানি লোৱাৰ আশাত...
কিন্তু তাৰ পিছতো তেওঁ তাইক কোনোদিনে মৰমৰ মাত এষাৰ দিয়া নাছিল.. তাই কৰা কষ্ট তথা ত্যাগৰ মূল্যস্বৰূপে তাই তেওঁৰ পৰা অকমান মৰম তথা সহানুভূতি পোৱাৰ বিপৰীতে তীব্ৰ ককৰ্থনা হে শুনিছিল দিনে ৰাতিয়ে।
মৃন্ময়ৰ পত্নী তথা এইখন ঘৰৰ বোৱাৰী হৱ পৰাকৈ সকলো ফালৰ পৰাই উপযুক্ত হোৱাৰ পাছতো তেওঁ তাইক বোৱাৰী বুলি মানি নলোৱাৰ আৰতে আছিল তাইক মৃন্ময়ে তেওঁৰ অমতত বিয়া কৰাই এইখন ঘৰত সুমোৱাইছিল। মৃন্ময়ৰ মাকে নিজৰ বান্ধৱীৰ জীয়ৰীক তেওঁৰ বোৱাৰী কৰাৰ কথা দিছিল। কিন্তু মৃন্ময়ে মাকৰ সেই প্ৰস্তাৱ একেষাৰে নুই কৰি সি তাৰ প্ৰেয়সী প্রয়াসীক বিয়া কৰাই এইখন ঘৰলৈ আনিছিল। মাকে পুতেকক নিজৰ পচন্দৰ ছোৱালীজনী বিয়া কৰাই দিবলৈ বাৰে বাৰে যত্ন কৰিছিল যদিও পুতেকৰ প্ৰেমৰ ওচৰত হাৰ মানি অৱশেষত তেওঁ প্রয়াসীক এইখন ঘৰলৈ বোৱাৰীৰূপে আদৰিছিল।
উপায়হীন হৈ মানুহগৰাকীয়ে ঘৰখনলৈ প্রয়াসীক বোৱাৰীৰূপে আদৰিছিল যদিও মনৰে কিন্তু আজিলৈকে তাইক আদৰি লোৱা নাছিল। হয়তো তেওঁ নিজৰ বান্ধবীক দিয়া কথা ৰাখিব নোৱাৰা তথা নিজৰ পচন্দৰ ছোৱালীজনী বোৱাৰী কৰিব নোৱাৰাৰ বেদনা এতিয়াও বুকুত ঠাহ খাই আছিল।
কিন্তু হঠাতে আজিৰ এই পৰিবৰ্তন!
আদৰ যত্ন মিহলি মৰমৰ মাতষাৰ!
অৱশ্যে আজি কিছুদিনৰ পৰা মানুহজনী যেন আগতকৈ সলনি হৈছিল।তাইক ভালদৰে মাতষাৰ নিদিলেও তাইৰ দেহৰ অৱস্থাৰ এবাৰ বুজ নললেও অন্ততঃ তাই সেই অবস্থাত কৰিব নলগীয়া কামবোৰ তাই কৰাৰ আগতে তেওঁ নিজে নিজে কৰি পেলাইছিল।
তেওঁৰ পৰা এনেকুৱা এষাৰ মাত শুনাৰ আশাতেটো আজি ইমানদিনে মই নিজৰ সকলোখিনি.....
কিন্তু তাৰ পিছতো তেওঁ......
আৰু অৱশেষত আজি.....
আসঃ....
নিমিষতে এবুকু সুখেৰে যেন ভৰি প্রয়াসীৰ বুকু। টোপনিত লালকাল পাঁচ দিনীয়া কেচুৱাটোক বুকুত আলফুলে সাৱটি তাইও শুই পৰিছিল বিচনাখনত।
ইমানদিনে বুকুত কঢ়িয়াই ফুৰা সুখৰ বাখৰুৱা সপোনটো অৱশেষত পূৰণ হৈছিল তাইৰ।
No comments:
Post a Comment