কৃত্ৰিম-অকৃত্ৰিম
ইলামণি শইকীয়া
এই যে আপুনি সকলো
কৃত্ৰিম হ’ল
সকলো সলনি হ’ল বুলি
চিৎকাৰ কৰি থাকে
প্ৰাত্যহিক জীৱনত অতিষ্ঠ হৈ
এই যে আপুনি লং ড্ৰাইভত গুছি যায়
মাজে মাজে
প্ৰেয়সীৰ সৈতে উদ্যাপন কৰে
সূৰ্য ধাৰণৰ এসন্ধ্যা
এই ব্যতিক্ৰমৰ দিন-ক্ষণবোৰো
এদিন হৈ পৰে সাধাৰণ প্ৰাত্যহিকতা,কৃত্ৰিমতাৰে ভৰা৷
পূৰ্ব পৰিকল্পনাৰ অন্তত জোনাকৰ আস্বাদনত নিজক পাহৰি যোৱা
লাইভ ভিডিঅ’ত বৰষুণত ভিজাৰ মাদকতাৰ ভংগিমা
সপোন এটাৰ পৰা সাৰ পোৱাৰ অন্তত শেতেলীতে সপোনটো এৰি অহাৰ উদাসীনতা
সকলোবোৰেই গতানুগতিক, কৃত্ৰিম হৈ পৰে
অগতানুগতিকতাৰ ঢামখুমীয়াত
সকলো অকৃত্ৰিমতাই আচলতে কৃত্ৰিম
চকুপানীত ভিজি ভিজি চিকেনৰ লেগ পিছত
কামোৰ দিয়াৰ দৰে৷
ফোন - ৯১০১৯৩৪০৪৩
No comments:
Post a Comment