কবিতা
যতীন মিলি
ৰংদৈ ৰ'দে চুমা খোৱা গছৰ গালত
পাতমাদৈৰ উৰুলি
কুলিৰ কুৰুলি
বকুল ফুলা চোতালত
পাৰাই পাৰাই উপচি পৰিছে জোনাক
মনৰ মূধচত বাজি উঠিছে
মেঘমল্লাৰ ৰাগ ।
বিবিধ বিহগীৰ কিচিৰ-মিছিৰ শৱদত
হৃদয়ে নদীয়েদি ৰামধেনু উজাই আহে
ন-বৰষুণৰ গন্ধত
নৰাণি পথাৰে যেতিয়া
সেউজীয়া উশাহ এমুঠি টানে
আকাশে পাৰি দিয়া পানীৰ পালেঙত
এবাৰিষা শব্দৰ উজান উঠে
তগৰবুলিয়া বুকুৱে-বুকুৱে বাঢ়ে
প্ৰেমৰ বান
প্ৰেমৰ গান
No comments:
Post a Comment