আমাক সাৰে থকাৰ পাছতো জগাই থকা হৈছে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 1, 2022

আমাক সাৰে থকাৰ পাছতো জগাই থকা হৈছে

 


আমাক সাৰে থকাৰ পাছতো জগাই থকা হৈছে

              স্বপ্নালী কলিতা


আমাক সাৰে থকাৰ পাছতো জগাই থকা হৈছে

জীৱিত বুলি বাৰে বাৰে প্ৰমাণ-পত্ৰ দিয়াৰ পাছতো

ছিকুটি চোৱা হৈছে--

আমি জীৱিত নে মৃত ?


ছিকুটিলে ঘাঁ বহল হয় 

ঘাঁত লগোৱা হৈছে নিমখ 

আমি অস্ফুট গেঙনিৰে আমাৰ ভৰিৰ তলৰ

মাটিক খামুচি ধৰিছোঁ 


আমাক সাৰে থকাৰ পাছতো জগাই থকা হৈছে,

কিয় ?

পোহৰ দিব নোৱৰাকৈ বেলিৰ বুকুত 

দিয়া হৈছে এখন আভৰণ 


কি হাস্যকৰ 


গোপন বুজা-পৰাৰ চুক্তি বেলিৰ লগত 


আমাক আমন্ত্ৰণ কৰা হৈছে 

এখন ৰাজকীয় সভালৈ

আগে-পিছে ৰখা হৈছে বিশ্বস্ত প্ৰহৰী


অথচ !

আমাৰ অভ্যৰ্থনা কক্ষক লিখি ৰখা হৈছে

এখন ফলক--

"আপোনালোক কিয় সাৰে থকা নাই !"


আমাক সাৰে থকাৰ পাছতো 

বাৰে বাৰে জগাই থকা হৈছে 


জন্মতে আমি ৰ'দ উপহাৰ পোৱা নাই 

জন্মতে আমি শিকিও অহা নাই গীতাৰ তত্ব,বাইবেল অথবা কোৰাণৰ গূঢ়াৰ্থ।


জন্মতে আমি 

শামুকৰ খোলাত লুকাই আছিলোঁ 


 ৰহস্যৰ পৃথিৱী এখনৰ আঙুলিত ধৰি 


এতিয়া আমি খোলাটো খুলি

বুকু ফিন্দাই ক'ব পাৰো--

"আমাতকৈ আগত আমি বহুবাৰ আপোনালোকক জগালোঁ"


আপোনালোক টোপনিত আছিল 


এবাৰ 

নিজকো ছিকুটি চাওক ।





ঠিকনা-স্বপ্নালী কলিতা

গাঁও - ডাক - বৰটিং নাওশলীয়া

জিলা-গোলাঘাট(অসম)

পিন-৭৯৫৬২৬

ফোন নং-৯১০১৮৪০৭৫৭


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages