গৰু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 1, 2022

গৰু

 


গৰু

        গাৰ্গী ভূঞা


এটা বাঘ মৰি পৰি আছে

কাষতে এশটা গৰু 


মানুহৰ জুমে বাঘ চাবলৈ যায় নে গৰু!

বোলে গৰু মৰা দেখিছোঁ

বাঘ মৰা দেখা নাই


কথাষাৰ হয় বাৰু...


এতিয়া অৱশ্যে পৰিৱৰ্তন হৈছে কথাবোৰ

লগতে সংখ্যাবোৰ

 সংখ্যা দুই-ন-ছয়-সাত

ক্ৰমাৎ আৰু বাঢ়িবলৈ লৈছে

গৰুবোৰ বাটে পথে পৰি মৰিয়ে আছে


কথাবোৰ কাছুটি হেৰুৱা যদিও সঁচা

এদিন এনে দিন আহিব 

গৰু মৰা চাবলৈও মানুহে জুম বান্ধিব


এখন ৰচনা লিখোঁতে লিখা যাব

এবিধ ঘৰচীয়া প্ৰাণী আছিল

"গৰু"....




ঠিকনা- যোৰহাট-১

ভাম্য-৯৪৩৫০৯৬৫২২


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages