কুশলে আছে শিৱ আৰু পাৰ্বতী ?
ৰিপুঞ্জয় বৰুৱা ঋমন
কাহিলীপাৰা, গুৱাহাটী
ৰাতিবোৰ বেলেগ বেলেগ
জোন একেটাই
গঠন ভিন্ন
প্ৰতিপদ দ্বিতীয়া তৃতীয়া...
ভাগ ভিন্ন
শুক্লপক্ষ কৃষ্ণপক্ষ প্ৰেমপক্ষ...!
পানীৰ বুকুত ওঁঠ গুঁজি এটা ঈগল দুপৰীয়া
নিবোকা পানী-কাউৰীটো আজিও অকলশৰীয়া !
এদিন এইখন নৈৰ পাৰতে বহিছিলোঁ
আমাৰ সুখৰ ভৰি দুহাল তিয়াই নাচি থকা
ডেকেৰী নৈখনলৈ আঙুলিয়াই তাই মোক কৈছিল,
অকলে বৈ থকাও ইমান সহজ !
হাঁহি থকা পানীবোৰ দেখি ওফন্দে বুকুত বনজুই ।
খবৰৰ তালিকাত সকলো খবৰেই ভাল যদিও
অকলশৰীয়া হ'লেই
অন্ধকাৰ গৰ্ভত খলমা বন্ধা কিবা এটাই ফেঁকুৰি উঠে ।
বতাহত চুলি মেলি আহিছে পাহাৰীয়া শংকৰ মন্দিৰৰ ঘন্টাধ্বনি
নৈৰ পাৰে পাৰে নামি আহে হুঁচৰি গোৱা গধূলিটো !
তেতিয়াৰে পৰাই চেতনৰ পিৰালিত তুলসী শিল হ'ল
জড় শিলকেই শিৱ সাজি সোমবৰীয়া উপবাস !
কুশলে আছে শিৱ
আৰু পাৰ্বতী ?
প্ৰতি সোমবাৰে ভূতনাথত
বুকুৰ তেজকেই ঢালি জ্বলাওঁ দুগছি পোহৰ বন্তি
এগছি মোলৈ আনগছি তেওঁলৈ
তাৰ পাছৰখিনি মুখ ফুটাই ক'ব নোৱৰা আত্মবীক্ষণ
খোলা খিৰিকীৰে ভাহি আহে উপহাসিত মোৰ ভাগৰুৱা স্মৃতি
কালি ৰাতি সমাজিকত
কোনোবাই পাছফালৰ পৰা মাতিছিল
ঘুৰি চাই একো নেদেখিলোঁ ।
পুৱালৈ চুবুৰীয়াই কৈছিল পাছফালৰ পৰা মাত লগোৱা বেয়া
সপোন নে মনৰ ভ্ৰম নুবুজিলোঁ ।
হেৰুৱাই আহিও যি পাহৰিব নাজানিলোঁ
কথাবোৰ মুখ ফুটাই ক'বও নোৱাৰিলোঁ ।
শাৰী শাৰীকৈ মূৰৰ ওপৰেদি উৰি যোৱা
এপ্ৰিলৰ ফলকহীন বতাহজাকত কিবা এটা আছিল
আকালত ওপজা তেওঁৰ অমাতৰ মাতষাৰ বুকুত বাজিল !
No comments:
Post a Comment