মোৰ হিৰ' চাইকেল খনি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 1, 2022

মোৰ হিৰ' চাইকেল খনি

 


মোৰ হিৰ' চাইকেল খনি

                                              চিন্ময় ডেকা

                                          টংলা, ওদালগুৰি 


সুখৰ দূখৰ লগৰী

জীৱনৰ মোৰ সাঁৰথি,

মোৰ হিৰ' চাইকেল খনি।

আধুনিকতাত বৰ্শৱতী ন'হৈ

এয়াই মোৰ চিনাকী,

বয়স একুৰি।

তথাপি নাই, অৱসাদ বিলীন,

মধুময় সময়ৰ জৰ্জৰিত মতলৱী।

ৰ'দ,বতাহ, বৰষুণ কাটি কৰি

নিজস্ব দিশত যাওঁ আগবাঢ়ি;

কোনোবাই জ্বলি উঠে,

পুৰি মৰে পিছফালে

যেন, সিহঁত স্বৰ্গৰ অপেশ্বৰী।

আহিছিলোঁ এদিন থাকিম দুদিন

সেয়ে মোৰ সকলো সংগী

নিজস্ব বুলিবলৈ মাথোঁ এটাই,

মোৰ হিৰ' চাইকেল খনি।

খলা-বমা আহে জীৱনত

চলি যায়, দূখ-দূৰ্গতি

জীৱনে-মৰণে শয়নে-সপোনে,

মাথোঁ, মই নিজস্বতাক বিছাৰি

হাবাথুৰি ফুৰিছোঁ আজি।

উৎসাহ দিবলৈ কোনো নাই?

কিন্তু, বেয়া কাম কৰিলে,

জপিয়াই পৰিবলৈ হাজাৰ জনৰ আছে সঁহাৰি।

এই সমাজৰ শিক্ষিত লোকৰ জ্ঞানৰাজি,

তথাপি হতাশা নহওঁ;

প্ৰকৃত লগৰী মোৰ হিৰ' চাইকেল খনি।



দূৰভাষ:-৬০০২৬৬৬৫৯৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages