এন্ধাৰকাব্য
জুনু বুঢ়াগোহাঞি নাথ
সৰুমটৰীয়া, গুৱাহাটী
ইমান ৰাতিও গিজ্গিজাই থাকে এন্ধাৰ
চেঁচা হাত দুখনেৰে চুই ফুৰে
নীৰৱতাৰ সমস্ত দেহ
সাৰ পাই উঠে নিশা ৷
পদূলিৰ অকলশৰীয়া গছজোপাৰ খোৰোঙৰ ঘা ডোখৰত
চৰাই এজনীয়ে কণী পাৰিছে
ওপজা উলাহ
সুৰক্ষিত এন্ধাৰত
উশাহৰ গুণগুণনি
ডাল এটাত কুঁহিপাত দুখিলা লৰিছে
ৰাতিৰ আইনাত ঢৌ তুলি
বসন্ত নমাৰ যো-জা চলিছে ৷
মেঘ এন্ধাৰৰ প্ৰথম পছন্দ
নিদিয়া বৰষুণ এজাকত
এন্ধাৰে তিতিব জানে
জোনটোৰ পিঠিত উঠি পৰ-দি থাকে
কুমাৰী ছোৱালী এজনী
হাতত জামু এখৰাহি লৈ
বেলিটো অহালৈ ৷
আচলতে
পুহৰি বেলাটোৰ বাবেই
এন্ধাৰ ৰৈ থাকে ৷
No comments:
Post a Comment