ঈশ্বৰ আহি আছে এই পথেৰে
ববী দত্ত
টিয়ক
বৰ শংকিত হৈ পৰিছে নেগুৰ লগা সময়বোৰ
গৃহবন্দীত্বৰে গাম্ভীৰ্যতা প্ৰদান কৰিলে
পৰিবেশত
চিনাকি পৰিবেশবোৰ হঠাতে অচিনাকি হৈ পৰিল।
বুকুৰ অৰণ্যবোৰত জুই লাগিল
জুই জুই
মানুহ অনুশোচনাত দগ্ধ হ'ল অহংকাৰ
আত্মীকতাৰে ঈশ্বৰলৈ
দুয়ো হাত প্ৰসাৰিত মানুহৰ
নায্য মান্যতা!
মানুহবোৰৰ চকুপানী বৈ যোৱাকৈ প্ৰাৰ্থনাবোৰ ঈশ্বৰে নীৰৱে শুনিলে
সেই প্ৰাৰ্থনাৰ কৰুণ সুৰে ঈশ্বৰৰ হৃদয় স্পর্শীলে
কাৰণ ঈশ্বৰ আইৰ দৰে
বৰ দয়ালু!
ঈশ্বৰৰ চকু পানী ওলাল
সন্তানৰ দুখ,কষ্ট ,যন্ত্ৰণা আৰু জীৱন দুৰ্যোগৰ বিশৃংখলিত অৱস্থাবোৰ
ঈশ্বৰে সহিব নোৱাৰে।
ঈশ্বৰে সন্তানবোৰক কলে যে তেওঁ আহি আছে
এক নিৰ্দিষ্ট পথেৰে
বিপৰ্যস্ত সময়ত মানুহক উদ্ধাৰ কৰি
সত্য ,ধৰ্ম আৰু জ্ঞানেৰে পুলকিত কৰি তুলিব হিয়া
মানুহৰ সততাক স্বীকৃতি প্ৰদান কৰি
ঈশ্বৰ আহি আছে এই পথেৰে।
No comments:
Post a Comment