বাসন্তী পোলাও
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ
কবিতা লিখিবলৈ লৈ
পোলাওৰ কথাটো মনলৈ অনাটো
দৰাচলতে
এক প্ৰকাৰৰ মূৰ্খামি
অজ্ঞতা
ইয়াৰ নাম
অজ্ঞতা দিব নোৱাৰি
বসন্ত কাল হ'ল বুলিয়েই
সকলোৰে চোতালত যে
ফুলিবই কপৌ
তেনে কোনো কথা নাই
কিন্তু কবিতা বুলি ক'লে
মলমলাব লাগিব
মোৰ কবিতাত দুৰ্গন্ধ
সমজুৱাই চকু- কাণ মুদি
পাৰ হয়
মোৰ চহৰ
কাজু
খিচমিচ
ঘিঁউ
অ'প'চ
চেনি
কেপছিকাম
গাজৰ
কাজু= কেজি প্ৰায় হাজাৰ / বাৰ শ
খিচমিচ = অলপ সহজলভ্য
ঘিঁউ = তৌৱা তৌৱা
মোৰ কবিতা
ডায়েবেটিক
চেনি এক্সক্লুডে'ড
পোলাও তাতে এৰি
বাহিৰলৈ চালোঁ
বৰ ব্যস্ততা
সকলোৰে
তাৰ মাজতে
চকু পৰিল
কুঁহিপাতত
ন - চোলা পিন্ধি স্থিতপ্ৰজ্ঞ গছৰ সাজোন - কাচোন
কিয় জানোঁ মইহে
হালধীয়া দেখোঁ
আস্
বাসন্তী পোলাও
অ' চ'ৰি চ'ৰি কবিতা
তুমি চুলেই হালধীয়া হয়
মোৰ সেউজীয়া বসন্ত
ধেমালিৰ ছলেৰে
বহুতো সঁচা কথা ক'ব পাৰি
মাজে- মাজে
ময়ো
কওঁ
কৰোঁ
কি বুলি বা ধৰিলা/ বুজিলা তুমি ....
No comments:
Post a Comment