কিতাপ
জোনালী দাস
বৰুৱাচাৰি আলি (যোৰহাট)
মই এখন পুৰণি কিতাপ...
বহু দিন ধৰি পৰি আছো এটা চুকত।
নাই মোক পঢ়া মানুহ....
ঘূণে ধৰিছে পাতত....
মই যেন পুৰণি পৃষ্ঠা চাওতা নাই মোক।
দামী দামী কিতাপ বোৰ সহযতনে আছে আলমাৰী মাজত...
মই যেন দুখিলা পাত শক্তি নাই যেন গাত।
কি যেন কপাল মোৰ হাঃ হাঃ
এদিন মোৰ পৃষ্ঠাই বাট দেখুৱাই...
আজি মোৰ পৃষ্ঠা ধূলিত পুট যায়।
সময়ৰ অভাৱেই মানুহক সলনি কৰিলে....
পাৰ্থক্য বোৰ এতিয়াও বুজি নাপালে।
কিমানে যেন মোক ওপলোঙা কৰিল....
কিছুমানে হাঁহি পাত্ৰ কৰিল।
পৃষ্ঠা পুৰণি শব্দ কিন্তু জিলিকনি....
ঘূণে খোৱা ছালবাকলি,ধূলিৰ চামনি দেহা মোৰ সুতুৰা পৰিল।
কিন্তু বিভিন্ন ক্ষেত্ৰৰ মই এতিয়াও সম্পূৰ্ণৰূপে শাক্তিশালী
নাম মোৰ পুৰণি নাই অভাৱ কাহানিও পৃষ্ঠা মোৰ খোলা আকোঁৱালি লোৱা।
No comments:
Post a Comment