কিয়দাংশ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, June 2, 2022

কিয়দাংশ

 



কিয়দাংশ

                  মিনু হাজৰিকা


আজি তুমি কৈ যোৱা 

মই শুনি যাম তোমাৰ ...

পাৰ ভঙা বেদনাৰ গাথাঁ ৷


বিনিময়ত মইও কিন্ত কম

মোৰ জীৱনৰ সংগ্ৰাম ভৰা 

কাহিনীৰ কিয়দাংশ ৷


ক’ত আজুৰিলো কলিজাৰ তেজ

ক’ত হেৰালো সুন্দৰ শৰীৰৰ অংশ ৷


কিছু পোৱাৰ আশাত ,

কিমান হেৰুৱালোঁ হাবিয়াসৰ 

পৰ্বতসম মোৰ জীৱনাৱেশ ৷


সপোনৰ তাগিদাত হেৰুৱাই আপোনক  

চকুৰে নিগৰালো কত 

লুণীয়া হুতাশ ৷


মোক আজি কবলৈ দিয়া ,

তুমি মাথো শ্ৰোতা হৈ থাকিবা ৷


শুনি মোৰ সংগ্ৰাম ভৰা জীৱন কাহিনীৰ 

কিয়দাংশ ৷ 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages