মেকুৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

মেকুৰী




 মেকুৰী

ঋষভ নাথ


কেতিয়াবা দিনৰ আন্ধাৰে আন্ধাৰে

আৰু ৰাতি দুটা আঙঠাৰ পোহৰ লৈ

মেকুৰীটোৱে মোৰ মত দখল কৰে

মৌন মাতেৰে সি যেন মোক কয়

---মই জুই তোক পুৰিবলৈ নহয়


হয়, সি অহাটো মোৰ বাবেও জৰুৰী

কিতাপ-পত্ৰ ভিতৰি ভিতৰি কুটি

নিগনিজাক হৈ পৰিছে অন্তহীন 

আৰু আমনিদায়ক এটা কাহিনী।

মোৰ ৰচদ-পাতিত সিন্ধি দি সিহঁত 

দিনক দিনে বৰ্ধিত গেৰিলা বাহিনী


আগদিনা এপেকেট আনিও

চাহৰ প্লেটত বিস্কুট এখন নাপাওঁ

কল-আপেলত প্লেগৰ দাঁতৰ গাঁত 

কেতিয়াবা দুই-তিনিটা ডুবি মৰে

তিওৱা বুট-মাহৰ বিষক্ৰিয়াত

খঙে মোৰ মূৰত ধৰে

কিন্তু মই নিৰূপায়


মাজে মাজে মাজৰাতি 

পাকঘৰত বাজে কাঁহী-বাটি

ভোকাতুৰ ভূতে মোৰ টোপনি চোবায়

তেতিয়া মন মেৰিয়াই ধৰে এটা সন্দেহে

কেৱল সাপ জীয়াই ৰাখিবলৈকে নেকি

ঈশ্বৰে সৃষ্টি কৰিলে এইপাল আপদ


মোৰ মাটিৰ কাগজত ঠাই উলিয়াই 

মনে মনে সিহঁতে পোৱালিও মেলিলে

সেয়ে ক্ষতি কি ক্ষমতা দিলে মেকুৰীক

নিগনিৰ সীমা আৰু বীমা সি নামানে

কেতিয়াবা বিছনা-টেবুলৰ তলত

পিছমুহূৰ্ততে থাপনাৰ ওপৰত

দপ্ দপাই সি চিকাৰ ধৰে

উৎপাত আগভেটি সি

ঘৰখন নিজৰ কৰে


তাক ৰাখিবলৈ অনাৰ নেপথ্যত 

আচলতে কোন যদিও ঠিকনা নাই 

এতিয়া সি ভীতি গৃহনীতিত প্ৰতিপত্তি

মোৰ দৰকাৰত আৰোপিত তাৰ কৰ

কেতিয়াবা কেৰাহীৰ মাছ নিয়ে

নিৰ্ভয়ে গাখীৰত মুখ দিয়ে


এদিন হঠাৎ কুকুৰা এটা নাই

কাইলৈ যদি সি নখেৰে 

মোৰ মঙহত মঙল চায়

তথাপি মই নিৰূপায়

দিনৰ আন্ধাৰে আন্ধাৰে

আৰু ৰাতি পকা আঙঠাৰ পোহৰ হৈ

সি খাটাং আহিবই



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages