দাগ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

দাগ



 দাগ

জুৰিতি মিলি পেগু


মা,মা তোমাৰ কপালৰ দাগটো কেনেকৈ লাগিল ? নীতিৰ ছয় বছৰীয়া জীয়েক পংখীয়ে তাইৰ আঙুলিৰে আলফুলে মোহাৰি -মোহাৰি সুধিলে। নীতিয়ে হাঁহি এটা মাৰি কলে-  'তোমাৰ নিচিনা সৰু হৈ থাকোঁতে পৰিছিলো ক'ৰবাত, তেতিয়াই চাগৈ দুখ পালো। তুমি এতিয়া খেলিবলৈ যোৱা মাজনী।' তাই পংখীক পঠিয়াই অকলশৰে থাকিব বিচাৰিলে। তাই দাগটো চুই দিলে লাহেকৈ। এই দাগটো তাইৰ পিছ কেতিয়াও নেৰিব। দহবছৰ মানৰ আগৰ কথা, তাইৰ আজি ও ভালকৈ মনত আছে। সিদিনাখন দেউবাৰ আছিল, দুপৰীয়াৰ সাজ ৰান্ধিবলৈ চব্জি কাটি আছিল। তেনেতে স্বামী নয়নে মোৰ বটলকেইটা ক'ত পেলালি বুলি খঙতে তাইৰ ফালে সৰু কটাৰী এটা দলি মাৰি দিছিল। তাইৰ কপালৰ সোঁফালে লাগি গৈছিল। লিভাৰ ছিৰছিছ হৈ ঢুকুৱা মানুহজনক ভালে-কুশলে ৰাখিবলৈ বহুত চেষ্টা কৰিছিল তাই। কিন্তু নোৱাৰিলে ৰাখিবলৈ, কেৱল থাকি গ'ল দাগটো কপালত আৰু অন্তৰৰ নিৰ্ভীত কোণত...।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages