ৰাজহুৱা সম্পত্তি আৰু আমাৰ ব্যৱহাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

ৰাজহুৱা সম্পত্তি আৰু আমাৰ ব্যৱহাৰ



 ৰাজহুৱা সম্পত্তি  আৰু আমাৰ ব্যৱহাৰ

নিবেদিতা হাজৰিকা 

লখিমপুৰ


   খুব কম সংখ্যক মানুহৰ বাহিৰে আমি বহুতেই ৰাজহুৱা সম্পত্তি সমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ-সচেতন নহয়। বিশেষকৈ আমাৰ দেশত এনে লোকৰ সংখ্যা হতাশজনক ভাবে বেছি। বিভিন্ন  চৰকাৰী আস্থান, চিকিৎসালয় আনকি ৰাজহুৱা পথ সমূহৰ ক্ষেত্ৰত আমি যেন প্ৰয়োজনতকৈ অধিক উদাসীন। নাই কোনো সচেতনতা ।নাই কোনো সতৰ্কতা। সেই বাবেই হয়তো নিৰ্বিকাৰ ভাবে চাফা হৈ থকা স্থান সমূহলৈ নিক্ষেপ কৰিব পাৰো ৰাঙলী হৈ থকা মুখৰ পিকখিনি। ৰাজহুৱা শৌচাগাৰ, প্ৰস্বাৱগাৰ সমূহৰো অৱস্থাও  তেনেই তথৈবচ হৈ থাকে এনে কিছুমান মানসিকতাৰ লোকৰ বাবেই। আমি কিয় এনেকুৱা? এবাৰ নিজক প্ৰশ্ন কৰি চাইছোনে? বহু ভদ্ৰ লোকে চলন্ত অৱস্থাতে গাড়ীৰ দৰ্জা খুলি ৰাষ্টাৰ মাজতে মুখৰ ৰঙা হৈ থকা পিক ৰাষ্টাত পেলোৱা বহুবাৰ দেখিছো। এই সকল লোক কিন্তু নিজৰ গাড়ী খনক লৈ খুবেই সাৱধান, কিজানিবা  গাড়ীত উৰি আহি পিক পৰিছেহি? ধিক ! তেনে মানসিকতা। তেনে ব্যৱহাৰে কি বুজায়? আমাৰ বহুতৰে মানসিকতা এনে ধৰনৰ যে-চৰকাৰী সম্পত্তিৰ ৰক্ষা আৰু সুৰক্ষা দিয়াটো যেন চৰকাৰৰ হে কাম। অৱশ্যে কথাটো নোহোৱা নহয়। কিন্তু আনৰ সম্পত্তি মানেই যদি ধ্বংসাত্মক মনোভাব বা বিনষ্ট কৰাৰ মনোভাব উদয় হয় আৰু নিজা সম্পত্তিৰ ক্ষেত্ৰত সচেতন হোৱা যায় তেন্তে চৰকাৰে  হাজাৰ আইন প্ৰয়োগ কৰিলেও লাভ নাই। দিনে-দিনে শিক্ষিতৰ সংখ্যা বাঢ়িছে যদিও মানুহবোৰ জ্ঞানী হোৱা নাই। শিক্ষিত আৰু জ্ঞানী দুয়োটাই বেলেগ। যেতিয়ালৈকে মানুহৰ মানসিকতা সলনি নহয় ,যেতিয়ালৈকে মানুহে ৰাজহুৱা সম্পত্তিক নিজৰ সম্পত্তি হিচাপে জ্ঞান নকৰিব তেতিয়ালৈকে আমাৰ দেশত ৰাজহুৱা বা চৰকাৰী সম্পত্তিৰ ক্ষেত্ৰত কৰা এনে দৃষ্টিকটু ব্যৱহাৰ সুফল হৈয়ে থাকিব। চৰকাৰী সা-সুবিধা সমূহ কাৰ বাব? আমাৰ বাবেই নহয় জানো? তেন্তে আমি কিয় এবাৰো সেই কথা চিন্তা কৰি চাব নোখোজো? নিজৰ ঘৰ খন চাফ -চিকুণকৈ ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া সকলেই যেতিয়া বাহিৰত এনে আচৰণ কৰে তেনে ক্ষেত্ৰত( মুখাধাৰী)এই সকলৰ পৰা কি আশা কৰিব পাৰি? 



    ৯৩৬৫০১৮৭৫০


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages