ভালপোৱা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

ভালপোৱা



 ভালপোৱা

মিনাক্ষী কলিতা


    ৰাতিপুৱা টোপনিৰ পৰা সাৰ পায়ে গাৰুৰ কাষতে থকা মোৱাইলটো হাতত তুলি লৈ ডেটা ডাল অন কৰিলো। এয়া যে আজিকালি মোৰ অভ্যাসতে পৰিণত হ'ল। কিছুদিনৰ আগতে ছোৱালী জনীয়ে নতুন স্মাৰ্টফোন এটা কিনাত তাইৰ পুৰণি স্মাৰ্টফোনটো মোক দি তাত ফেচবুকৰ একাউন্ট এটা খুলি একেলগে তাই ফেচবুকৰ সাহিত্য চৰ্চাৰ লগত জড়িত গোট কেইটামানত মোক সুমুৱাই দিছিল। প্রথম অৱস্থাত সেইবোৰৰ একো আওভাও পোৱা নাছিলো যদিও এতিয়া কিন্তু বহুখিনিয়ে পৰিপক্ক হ'লো। সেয়েহে এতিয়া আজৰি সময়খিনি মই প্ৰায় ফেচবুকৰ এই গ্ৰুপ সমুহতে পিটপিটাই ফুৰো। আজি অতবছৰে কিতাপৰ লগত সম্পৰ্ক নথকাৰ অন্তত ফেচবুকৰ জৰিয়তে এতিয়া আকৌ নতুনকৈ পঢ়াৰ এক অভ্যাস গঢ়ি উঠিছে। 

এতিয়াতো লাহে লাহে এনেকুৱা হ'ৱ ধৰিছে যেন ৰাতিপুৱা বিছনাতে দুই এটা গল্প পঢ়ি বিছনা এৰিব পাৰিলেহে মই দিনটোৰ কাৰনে কাম কৰিবলৈ শক্তি পাওঁ। 


আজিও দুই এটা গল্প পঢ়িয়ে দিনটোৰ কাৰনে এনাৰ্জি গোটাই লোৱাৰ উদ্দেশ্যৰে দুচকু মেলিয়ে মোবাইলটোৰ ডেটা ডাল অন কৰিছিলোহে মাত্ৰ লগে লগে দেখোন মোৱাইলটোৰ স্কীনত জিলিকি উঠিল মেচেঞ্জাৰত অহা এটা মেছেজ। 


কোনে বা দিলে ইমান ৰাতিপুৱাই মেছেজ! 


স্কীনত জিলিকি উঠা সৰু ফটোখনত স্পষ্টকৈ ধৰিব নোৱাৰি লৰালৰিকৈ মেছেঞ্জাৰটো খুলিলো। 


ইকবাল হুচেইন! 


মেচেঞ্জাৰৰ প্ৰথমতে জিলিকি ৰোৱা নামটো দেখিহে মোৰ চকু কপালত উঠিল। 


এইটোৱে বাৰু সেই ইকবাল নে! 

যি ইকবালক আজিৰ পৰা প্ৰায় পঁচিশ বছৰৰ আগেয়ে এৰি থৈ আহিছিলোঁ মই!


মনৰ উৎসুকতাক দমাৱ নোৱাৰি ততাতৈয়াকৈ খুলিলো একাউন্টটো।পিছফালে থিয় হৈ থকা দুটা ল'ৰা ছোৱালী সহিতে চোফা এখনত প্রথম দেখাতে মৰম লগা এগৰাকী নাৰীৰ সৈতে বহি থকা মানুহ জনক চিনিবলৈ মোৰ এক চেকেণ্ডো নালাগিল। 

মানুহজনৰ গালে মুখে বয়সৰ চাপ স্পষ্ট যদিও একে আছে তেওঁৰ সেই সুগঢ়ী চেহেৰা। সেই সময়ত তেওঁৰ মুখত অনৱৰতে জিলিকি ৰোৱা হাঁহিটো ফটোখনতো স্পষ্টকৈ জিলিকি উঠিছে। 


হয় এয়াই সেই ইকবাল! 

যাক আজিৰ পৰা পঁচিশ বছৰৰ আগেয়ে এৰি থৈ আহিছিলোঁ মই জাতি ধৰ্মৰ দোহাই দি। 


ইকবালে এক মুছলমান পৰিয়ালৰ সন্তান হৈ জন্ম লোৱাৰ বিপৰীতে মই জন্ম হৈছিলো এক শাক্ত ব্রাহ্মণ পৰিয়ালত। জাতি ধৰ্মৰ নামত মোৰ পৰিয়ালতো অঞ্চলটোৰ ভিতৰতে এটা গোড়া পৰিয়াল বুলি কলেও ছাগে ভুল কোৱা নহৱ।কিন্তু এনেকুৱা এটা পৰিয়ালত ডাঙৰ হৈ কেনেকৈ মই অজাতিৰ ল'ৰা এটাৰ প্ৰেমত পৰিছিলো সেইটোহে আছিল সকলোৰে বিচাৰ্য বিষয়। 


কিন্তু প্রেম জানো তেনেকুৱা! 

প্রেমে জানো বিচাৰে জাতি-ধৰ্ম, ধনী-দুখীয়া, উচ্চ-নীচ! 

নিবিচাৰে! 

প্রেমে বিচাৰে মাথো দুটি মনৰ দুটি আত্মাৰ মিলন। 

এজনে আনজনৰ চকুত চকু থৈ সুখ দুখৰ প্ৰতিটো কথা খুলি কৱ পৰাৰ অন্য নামে ছাগে প্রেম। 

নাইবা ইজনে সিজনক কোনো এটা কথা খুলি নোকোৱাকৈ ইজনে সিজনৰ চকুত চকু থৈয়ে মনৰ ভিতৰৰ কথাখিনি অনুভৱ কৰিব পৰাৰ নামো চাগে প্রেম।


মই যেতিয়া নৱম শ্ৰেণীৰ ছাত্ৰী আছিলো তেতিয়া আমাৰ শ্রেনীলৈ নতুনকৈ অহা ল'ৰাজনক প্রথম দেখিয়ে ভাল লাগিছিল মোৰ। ল'ৰাজন যে অকল দেখাই শুনাই সুদৰ্শন আছিল তেনেকুৱা নহয়। কথা বতৰাত অমায়িক হোৱাৰ উপৰিও আছিল অত্যন্ত মেধাবী। প্ৰতিটো কথাৰ উত্তৰ যেন তাৰ জিভাৰ আগতে আছিল। স্কুলৰ চাৰ বাইদেউৱে কিবা সুধিলে প্ৰশ্নটো শেষ নোহোৱাতে উত্তৰটো ওলাইছিল তাৰ মুখৰ পৰা। 


ইকবাল শান্ত নম্ৰ অমায়িক হোৱাৰ উপৰি ইমান মেধাসম্পন্ন হোৱা বাবে অতি কম দিনৰ ভিতৰতে বিদ্যালয়ৰ প্ৰতিজন শিক্ষকৰ প্ৰিয় পাত্ৰ হৈ পৰিছিল। আৰু এই কথাটোক লৈ স্কুলৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে তাৰ প্ৰতি এক ঈৰ্ষাৰ মনোভাৱ পুহিছিল। কিন্তু মই সেই সময়ত শ্ৰেণীৰ প্রথম হৈও ইকবালক বেয়া পাৱ পৰা নাছিলোঁ। তাৰ অমায়িকতাই মোক মুগ্ধ কৰিছিল। আৰু সেয়েহে এদিন উপযাচিয়ে তাক মাতষাৰ দিছিলো। 


মই বিৰিণা! 


মই ইকবাল! ইকবাল হুচেইন! 


নতুনকৈ আহিছা! 


অ... আগেয়ে মামাহঁতৰ ঘৰত আছিলোঁ। কিন্তু এতিয়া আইতা ঢুকাল যে মামীহতে আৰু ৰাখিৱ মন নকৰিলে সেয়ে গুছি আহিলো। 


তোমাৰ ঘৰ! ঘৰত কোন কোন আছে! 


ওচৰৰ গাঁওখনতে..মা আৰু ভনী এজনী আছে। 


দেউতা! 


নাই.. দেউতা ঢুকোৱাৰ পিছত মামা আইতাই... 

কিন্তু... 


অনৱৰতে মুখত হাঁহি এটা বিৰিঙাই ফুৰা ল'ৰাটোৱে যে অতবোৰ বেদনা বুকুত কঢ়িয়াই ফুৰিছিল সেয়া যে মোৰ কল্পনাৰো অগোচৰ আছিল। ইকবালৰ প্ৰতি এবুকু মৰম উথলি উঠিছিল। 

নাজানো সেয়া সহানুভূতি নে কি আছিল! 

কিন্তু তাৰ পঢ়িবলৈ নথকা প্ৰতিখন কিতাপ মই মাজে মাজে তাক পঢ়িৱলৈ দিছিলো। 

এটা সময়ত আমাৰ বন্ধুত্ব অধিক ঘনিষ্ঠ হৈছিল। 

কিন্তু তাৰ পিছতো এটা অহেতুক ভয়ে মোক অনৱৰতে খুলি খুলি খাইছিল। 

জানোচা এইবাৰ ইকবালে মোক চেৰ পেলাই সি শ্ৰেণীৰ প্রথম হয়! 


ইমান চিন্তা কৰিব নালাগে বিৰিণা! 

এইবাৰো তুমিয়ে প্রথম হ'বা। 

সেয়েহে মই ইচ্ছা কৰিয়ে প্ৰতিখন প্ৰশ্নকাকতৰ কিছু উত্তৰ এৰি আহিছোঁ। 


নৱম শ্ৰেণীৰ শেষ পৰীক্ষাৰ দিনা ইকবালে কোৱা কথাষাৰত হতবাক হৈ পৰিছিলো মই। 

কিয় বাৰু সি মোৰ কাৰণে জানিও নকৰাকৈ এৰি আহিল প্ৰশ্নৰ উত্তৰবোৰ!

কেনেকৈ বাৰু গম পালে ইকবাল মোৰ মনত অনৱৰতে ধুমুহাৰ সৃষ্টি কৰি থকা কথাষাৰ! 


তাৰ পৰাই আৰম্ভ হৈছিল চাগে আমাৰ মাজৰ ভালপোৱা। কোনোদিনে ইজনে সিজনক কোনো এটা কথা খুলি ক'ৱ লগীয়া নহৈছিল। ইজনে আনজনৰ ফালে চায়ে বুজিছিলো মনৰ ভিতৰখন। 


স্কুল এৰি আমি কলেজ পাইছিলোঁ। ইজনে সিজনক খুলি নোকোৱাকৈ আমাৰ মাজত হোৱা প্রেমৰ কথা লাহে লাহে এই সকলোৱে গম পাইছিল। আৰু সেই কথা এটা সময়ত আহি আমাৰ ঘৰখনৰ প্ৰতিজন মানুহৰ কাণত পৰিছিল। 


মই ইকবালক ভাল পোৱা কথাটোক লৈ ককা আইতা বৰদেউতা খুৰা সকলোৱে মোৰ লগতে মা দেউতাকো নানা কথাৰে থকা সৰকা কৰি অৱশেষত মই ইকবালৰ লগত সম্পৰ্ক ত্যাগ নকৰিলে মোৰ লগতে মা দেউতাকো ঘৰৰ পৰাই উলিয়াই দিয়াৰ সিদ্ধান্ত জনাইছিল ককাই। 


মাজনী.. আমাক ৰক্ষা কৰ!

আমাৰ মুখলৈ চাই অন্তত তই তাক পাহৰি যা.. 


কথাখিনি কৈয়ে মোৰ ভৰিৰ ওচৰত দীঘল হৈ পৰিছিল মা দেউতা।

মা দেউতাক তেনেকুৱা ৰূপত মই যে একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। 

লগে লগে মা দেউতাক কথা দিছিলো ইকবালক ত্যাগ কৰাৰ। 

আৰু এটা সময়ত ককাৰ পচন্দৰ দৰাজনৰ লগত বিয়া হৈ আহি দুজনী ছোৱালীৰে পূৰ্ণ মোৰ সংসাৰ। 


কিন্তু আজি হঠাতে ইকবালৰ মেছেজ! 

কি লিখিছে বাৰু! 


লৰালৰিকৈ মেছেজটো খুলি আকৌ এবাৰ আচৰিত হৈ পৰিলো মই। 

এতিয়াও মনত ৰাখিছে ইকবালে মোৰ জন্মদিনটো! 

যিটো জন্মদিন মই নিজে পাহৰিলো। 

মাৰ মৃত্যুৰ পিছত যিটো জন্মদিনৰ কথা এবাৰলৈও মনত কৰা নাই কোনেও! 

এতিয়াটো জন্মদিন বুলিলে মোৰ চাৰ্টিফিকেটত থকা দিনটোহে মনলৈ আহে।

আৰু ফেচবুকতো চাৰ্টিফিকেটৰ তাৰিখটোয়ে...


শুভ জন্মদিন বিৰিণা! 

আজীৱন পৰিয়াল সহিতে সুখী হৈ কুশলে থাকা! 


বাৰে বাৰে পঢ়িলো মেছেজটো। দুগালেৰে দুটুপি লোতক বৈ আহিল। নাজানো এয়া সুখৰ নে দুখৰ!

কপি উঠা আঙুলি কেইটাৰে টাইপ কৰিলো ইকবাললৈ। 


মোৰ জন্মদিনটো এতিয়াওঁ পাহৰা নাই তুমি! 


সময় আৰু পৰিস্থিতিৰ লগত মিলাই সকলো মানুহ আগুৱাই গৈ থাকে যদিও কেতিয়াবা কোনোবা এজন মানুহ আন কোনোবা এজনৰ হৃদয়ত চিৰদিন ৰৈ যায়।সকলো ধৰনে সুখী হোৱাৰ পিছতো সেই  মানুহজনে কিন্ত তেওঁৰ হৃদয়ত থকা সেই বিশেষ জনক পাহৰি যোৱাৰ সলনি আজীৱন আওৰাই থাকে বিশেষ জনৰ কুশল প্রাৰ্থণা। 


কিছু সময় পিছতে স্কীনত জিলিকি উঠা মেছেজটো পঢ়ি চুই চালো নিজৰ বুকুখন। 

ময়োতো আজি সকলো ধৰনে সুখী কিন্তু তাৰ পিছতো দেখোন পাহৰিৱ পৰা নাই ইকবালক। 

মোৰ বুকুতো দেখোন আজিও অহৰহ বাজে ইকবালৰ কুশল প্রাৰ্থনা। 


এয়াই চাগে সৰগীয় ভালপোৱা! 

যি ভালপোৱা নিষ্কলুষ, পবিত্ৰ! 

য'ত নাই কোনো স্বাৰ্থ কামনা প্ৰাপ্তিৰ আশা কিম্বা বিচ্ছেদৰ ভয়। 

আছে মাথো প্রাৰ্থনা। 

প্ৰিয়জন তেওঁৰ আপোনজনৰ লগত আজীৱন সুখী হৈ থাকক! কুশলে থাকক! 

তাৰ বাবে নেদেখাজনক কৰা প্রাৰ্থনা। 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages