ভালে থকা নাই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

ভালে থকা নাই


ভালে থকা নাই 

ভাস্কৰ জে নাথ



(কবি ঋষভ নাথৰ হাতত)


মেঘবোৰ 

অথবা হ'ব বিচৰা বৰষুণবোৰ 

মাৰ যাব খোজা শেষ তৰাটি 

অথবা আত্মাত উঠা প্ৰতিধ্বনি


চিলমিল টোপনি 

জাৰণি বাঁহনি

চৰাইবোৰৰ মাত-গান 

সভা-সমিতি 


পিয়াহ খাই থকা কেঁচুৱা 

অথবা শুই থকা মাক


পাৰ হৈ যোৱা ৰাতি 

অথবা ৰাতিপুৱা

জহি-খহি যোৱা শিলৰ পতাকা


সহ্য অথবা ঘোষণা নকৰা অনুভৱ

ছবি অঁকা দুপৰীয়াবোৰ 

অথবা ছবি চোৱা চকুবোৰ 


কিতাপ 

ৰাজনীতি 

শিল্প 

প্ৰেম

ভবিষ্যতৰ নক্সা


মিনতিত ৰাখি 

ছুৰী বহুৱাই 

ফালি চিৰাচিৰ কৰি আছোঁ ভোকৰ ৰুটি ॥


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages