ভূত
লক্ষী প্ৰসাদ ৰেগন
চাওঁতে চাওঁতে মোৰ চাৰিওফালে
এন্ধাৰে আৱৰি ধৰিলে
খেপিয়াই খেপিয়াই কোনোমতে
কলিজাটো বিচাৰি পালো
এন্ধাৰত চিঞৰবোৰ তেনেই সুলভ
আকাশখন খহি পৰাৰ ভয়ত
ফৰিংজাকেও চিঞৰিবলৈ এৰা নাই
এন্ধাৰতে ভূতৰ কথা মনলৈ আহে
আৰু তাহানি আইতাই কোৱা
ভূতৰ সাধুবোৰ যদি সত্যত পৰিণত হয়
আকাশখন কিয় খহিব লাগিছে
আচম্বিতে মনৰ সৰগখন ঢলি পৰিব দেখোন
মাতাল হৈ এদিন মনে মনে
ভূতৰ জগতত সোঁশৰিৰে প্ৰৱেশ কৰিলোঁ
ভূতবোৰে মোকে ভূত বুলি চেকুৰিব ধৰিলে
ভূতৰ পিছে পিছে দৌৰি দৌৰি
ক্লান্ত অনুভৱ কৰিছিলো
তথাপি ভূতৰ পিছে পিছে দৌৰিয়ে থাকিলোঁ
অৱশেষত সাৰ পাই দেখোঁ
ভৌতিক গ্ৰন্থখন বুকুত সাৱটি শুই আছো


No comments:
Post a Comment