আমাৰ সমাজক লৈ কিছু প্ৰশ্ন..
নন্দেশ্বৰ মিলি
আমাৰ সমাজবোৰ কি হৈছে বাৰু।দিনে দিনে সমাজৰ বিভিন্ন নেতিবাচক কৰ্ম-কাণ্ডবোৰে ভবাই তুলিছে।বৰ্তমান সময়ত জাতিভেদ,উচ্চ-নীচৰ ভাবধাৰাই বহুতো আহুকালৰ সৃষ্টি কৰিছে।একবিংশ শতিকাত আমি থাকিও আমাৰ চিন্তাধাৰাবোৰ যেন সেই আদিম যুগৰ দৰে।বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ আৱিষ্কাৰে যুগক বহু দূৰ আগৱঢ়াই লৈ গ'ল।তথাপি আমাৰ মানসিকতাবোৰ সলনি হোৱা নাই।অৰ্থাৎ সেই যুগতো আমাৰ মন-মগজুবোৰ যেন বিজ্ঞানসন্মত হোৱা নাই। আমি বস্তুগত দিশৰপৰা বহু দূৰ আগৱাঢ়ি গ'লেও আচলতে আমাৰ মানসিকতাবোৰ এতিয়াও পূৰঠ হোৱা নাই বুলি ক'ব লাগিব।মানুহবোৰে নিজকে উচ্চ শিক্ষিত,ডিগ্ৰী-ডিপ্লমাৰে পৰিপুষ্ট আধুনিক সমাজৰ লোক হিচাপে নিজকে সগৌৰৱে ঘোষণা কৰিলেও আমি আচলতে প্ৰকৃত শিক্ষাৰে শিক্ষিত নহয় বুলি ক'ব লাগিব।সেই কৰ্মকাণ্ডবোৰ লক্ষ্য কৰিলে নিজকে নিজে কিছু প্ৰশ্ন সুধিবলৈ মন যায়।
আমি সঁচাকৈ আধুনিক যুগৰ মানুহনে?বিজ্ঞান-প্ৰযুক্তিবিদ্যাই যুগক ইমান উন্নত স্তৰলৈ লৈ গ'ল যে তাক কল্পনাৰো অগোচৰ।সুদূৰ অভেদ্য এন্টাৰ্কটিকা অভিযান,সাগৰ-মহাসাগৰ তলিত বিচৰণ,সৰ্বোচ্চ শৃংগ এভাৰেষ্ট আৰোহণ,মহাকাশলৈ ৰকেট-মহাকাশযান উৎক্ষেপণ আদিলৈ ধৰি কিমান অনেক ধৰণৰ কাম কৰিছে তাক কৈ শেষ কৰাটো সম্ভৱপৰ নহয়।এনেহেন যুগত সেই পুৰণিকলীয়া এলান্ধু ভৰা মানসিকতাবোৰ বিচাৰ কৰাটো কিমান গ্ৰহণযোগ্য তাক বিবেচনা কৰিবলগীয়া বিষয়।
বৰ্তমান সময়ৰ মানুহবোৰে নিজকে উচ্চ শিক্ষিত লোক বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰা দেখা যায়।কিন্তু সেই শিক্ষা কিমান সমাজ বা মানৱ কল্যাণৰ বাবে ফলপ্ৰসূ হৈছে তাকে চিন্তা কৰিবলগীয়া কথা হৈ পৰিছে।বহুতো উচ্চ ডিগ্ৰী-ডিপ্লমাৰে শিক্ষিত হৈও আমি আচলতে মন-মগজুবোৰক উৎকৰ্ষ সাধন কৰিব পৰা নাই নেকি ? এনেজাতীয় প্ৰশ্ন নিজকে সুধি চাবৰ মন যায়। আমাৰ শিক্ষাব্যৱস্থাবোৰ প্ৰকৃততে সমাজ ব্যৱস্থাৰ বাবে উপযোগী নহয় বুলিহে গণ্য কৰিব লাগিব।দেশৰ শিক্ষাব্যৱস্থা তত্ত্বগত,চাকৰিমুখী আৰু নম্বৰকেন্দ্ৰিক।অকল চাকৰি উপযোগী মানৱ সম্পদ গঢ়াতহে দেশৰ শিক্ষাব্যৱস্থা লক্ষ্য ৰাখিছে।তাৰ তুলনাত মানুহৰ ব্যক্তিত্ব,সু-চৰিত্র,পৰোপকাৰ, মানৱসেৱা,ত্যাগ,নৈতিক-আধ্যাত্মিক শিক্ষা তথা সৰ্ববিকাশৰ ক্ষেত্রত সহায় কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই।গতিকে তেনেবোৰ শিক্ষা লাভ কৰিলে যান্ত্ৰিক মানৱ গঢ়ি তোলাৰ বাদে আন একো ভাল গুণ বিকশিত হোৱাত সহায় কৰিব পৰা নাই।
মানুহবোৰ যিমানে আধুনিক বস্তু ব্যৱহাৰ কৰক;কিন্তু মানসিকতাবোৰ সলনি কৰিবলৈ ইমান ইচ্ছুক নহয়।কিছুৱে কৌটি-কলীয়া ধ্যান-ধাৰণা,ৰীতি-নীতিবোৰ আখৰে আখৰে পালন কৰি আহিছে। অ সেইবোৰ পালন কৰাটো বেয়া নহয়,যেতিয়ালৈকে আনৰ স্বাধীনতা,মৰ্য্যাদা হানি নকৰে। এতিয়া জাত-পাতৰ বিচাৰ, উচ্চ-নীচৰ বিচাৰ বিবেচনা,জাত-পাতক লৈ বাধা-নিষেধ,ডাইনী প্ৰথা আদিবোৰ এৰিব হ'ল।এতিয়া এনেবোৰ বিচাৰে সমাজখনক একতা স্থাপন নকৰে, অথচ ভাগ ভাগহে কৰে।এনেবোৰ ৰীতি-নীতিৰ বাবেই বহু হিন্দু ধৰ্মত বিশ্বাসী লোকে ইছলাম,খৃষ্টান, বৌদ্ধ আদি ধৰ্মলৈ ধৰ্মান্বৰিত কৰিবলৈ বাধ্য হৈছে।তেনেবোৰ বাছ-বিচাৰৰ বাবেই মহাপুৰুষজনাই একতাৰ ডোলেৰে বান্ধি থৈ যোৱা সমাজখন পৰৱৰ্তী সময়ত থান-বান হোৱাৰ উপক্ৰম হৈছে।
জন্মতে কোনোৱে উচ্চ-নীচ লৈ নাহে। সকলো মানুহ সমান।উচ্চ-নীচৰ ধাৰণাবোৰ মানুহে নিজেই সৃষ্টি কৰা।আচলতে কোনো মানুহকে পৰিয়াল বা জাত-পাতত ধৰি উচ্চ-নীচৰ অন্তৰ্ভুক্ত কৰাটো কোনোপধ্যেই যুক্তিসংগত নহয়।যদি কৰিবলগীয়া হয় তেন্তে কৰ্ম,চৰিত্র,আচাৰ-ব্যৱহাৰ, মানসিকতা আদিবোৰৰ ওপৰত ভিত্তি কৰি কৰিব লাগে।যিবোৰ মানুহ নীচ,অনীতি,বেয়া কাম কৰে অথবা দুষ্ট প্ৰকৃতিৰ হয় তেওঁলোকক নীচ বুলি ক'লেও কোনেও প্ৰশ্ন নোতোলে।গতিকে জন্ম-বংশক লৈ উচ্চ-নীচ কৰাটো একেবাৰে উচিত নহয়।
আচলতে সমাজত অনাচাৰ,অনীতি আদিৰ দৰে যেতিয়া কৰ্ম-কাণ্ডবোৰ বেছি হয় তেতিয়া কিছু বিদ্বান,জ্ঞানী লোকে সেইবোৰ সহ্য কৰিব নোৱাৰি তেওঁলোকৰ নিজে উপলব্ধি কৰা গুণেৰে কিছু দিহা-পৰামৰ্শ,নীতি-নিয়ম দি থৈ যায়। তেওঁলোকৰ মূল উদ্দেশ্য হ'ল যাতেই অজ্ঞান অন্ধকাৰত নিমজ্জ্বিত মানুহবোৰে সু-বুদ্ধিৰ উদয় হৈ এক সুখ-শান্তিৰে ভৰা মানৱ সমাজ গঠন হয়।যাতে মানুহবোৰৰ মানসিকতাবোৰ সলনি কৰি এক সুসভ্য জাতি গঠন হয়।তেনে সু-বিদ্বান লোকসকলে প্ৰদান কৰা নীতি-নিয়মসমূহৰ সংকলনকে আমি ধৰ্মগ্ৰন্হ হিচাপে গণ্য কৰোঁ।কিন্ত্ত মানুহ মাত্রেই ভুল হয়।গতিকে সেই মহান বিদ্বান লোকসকলে প্ৰদান কৰি থৈ যোৱা পৰামৰ্শবোৰতো কিছু সীমাৱদ্ধ থাকি যাব পাৰে। অথবা কিছু সেই দিহা-পৰামৰ্শবোৰৰো সময়-পৰিস্থিতি সাপেক্ষে খাপ নাখাবও পাৰে।গতিকে তাক আমি জানি-বুজি কিছু শিথিলতা কৰি গ্ৰহণ কৰাটো বেছি বুদ্ধিমানৰ কাম হ'ব।গতিকে ধৰ্মগ্ৰন্হৰ সকলো কথা শিলৰ ৰেখা বুলি গ্ৰহণ কৰি পালন কৰাটো সমীচিন নহয় বুলি বিবেচনা কৰোঁ।
গতিকে আমি নিজকে সলনি কৰাটো খুবেই প্ৰয়োজনীয়।যেতিয়ালৈকে আমি নিজৰ তেনেবোৰ মানসিকতাবোৰ সলনি নকৰোঁ তেতিয়ালৈকে আমি নিজকে উচ্চ জীৱশ্ৰেষ্ঠ মানৱ জীৱ হিচাপে গণ্য কৰাৰ যুক্তি নাই।আমি জাত-পাত,খোৱা-বোৱাৰ দৰে অপ্ৰয়োজনীয় বিষয়বোৰক লৈ এতিয়া মূৰ ঘমোৱাৰ কোনো প্ৰয়োজন নাই।তাতোকৈ আমি কেনেকৈ বিজ্ঞানসন্মত জীৱন-যাপন কৰিব পাৰি? কেনেদৰে সকলোৰে লগত সমিলমিলেৰে থাকি শান্তি প্ৰতিষ্ঠা কৰিব পাৰি? কেনেকৈ আমি নিজকে একো একোজন উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিব পাৰি?কেনেকৈ আমি উন্নত দেশসমূহৰ লগত ফেৰ মাৰিব পাৰি?কেনেকৈ আমি আত্মসংস্থাপন পাব পাৰি?তেনেকুৱা গুৰুত্বপূৰ্ণ বিষয়সমূহতে গুৰুত্ব দিয়াটো বাঞ্চনীয়।
ফোনঃ 8638881953


No comments:
Post a Comment