অসমতো ভাল চিকিৎসক আছে
ড° মৃণালী কাগয়ুং
সেই দিনা ১২জানুৱাৰী। প্ৰাতঃ ভ্ৰমণ কৰি আহি নৈমিত্তিক যোগাসন সম্পন্ন কৰোঁ। ৰাতি পুৱাৰপৰা কাম কৰা মিস্ত্ৰীক তদাৰক কৰি কলেজৰ দায়িত্ব পালন কৰি ডিব্ৰুগড়মুখী হওঁতে দিনৰ ২বাজিল। প্ৰথম বাৰৰ বাবে ন আলিৰ নাজিম দাৰ গাড়ী ৰিজাৰ্ভ কৰি শিৱসাগৰলৈকে আৰু তাৰ পৰাই এওঁ ৰিচিভ কৰি লৈ যায়হি। ডিমৌত মিঠাই আৰু মম' খাই ইমন, সোণ আৰু নিভাৰ কি স্ফূৰ্তি। আজিয়েই জকাই যায়। মোৰ মতে নহ'ব। কাৰণ বিয়া হোৱা এটা যুগ পাৰ হোৱাৰ পিছতো মই কোনোদিনে গাঁৱৰ ঘৰলৈ চুৰিদাৰ বা শাৰী পিন্ধি যোৱা নাই। গতিকে অসম্ভৱ। কথা মতেই কাম। মানকটাৰ নিজৰ ঘৰত সন্ধিয়া সাত বজাত পাওঁহি।
ডা: কুঞ্জন শইকীয়া চাৰৰ ওচৰত চে-কাপৰ বাবে এওঁ এপইন্টমেন্ট নাপালে। নিৰুপাই হৈ প্ৰথম বাৰৰ বাবে বহুত ভাৱি-চিন্তি sms ত কথাটো জনাওঁতে লগে লগে উত্তৰ দিলে কালিলৈ ৰাতিপুৱা ৮ বজাত গৈ পাবলৈ। ভাল লাগিল ইমান ব্যস্ততাৰ মাজতো আমাৰ দৰে সাধাৰণ ৰোগীৰ উত্তৰ লগে লগে দিয়াত।
কথা মতেই সঠিক সময়ত শইকীয়া চাৰৰ চেম্বাৰ পাওঁহি। বিহুৰ বতৰৰ বাবে বিশেষ ৰোগী নাই। সোনকালেই দেখুওৱাবলৈ সুবিধা পালোঁ। কেইটামান পৰীক্ষা কৰিব দিলে। লগে লগেই মেড'নালৈ আহি এক চিৰিঞ্জ তেজ দি আৰু এফ এন এ চিৰ পৰীক্ষা কৰাই যাবতীয় পৰীক্ষাৰ ফলাফলৰ বাবে এক বজালৈ ৰওঁ। দুয়ো একেবাৰে লৈ যাওঁ বুলি পদযাত্ৰা কৰি মোৰ প্ৰিয় চহৰৰ মাদকতাৰ আমেজ লওঁ।
মৌনতাৰো নিজস্ব ভাষা থাকে। আমি দুয়ো নিৰলে লগ পালে এনেদৰেই সময় পাৰ কৰি উপভোগ কৰোঁ। অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌপাশৰ প্ৰাকৃতিক সৌন্দৰ্য মোহনীয়। চাহ বাগিচাৰ সৌন্দৰ্যৰে ভৰপূৰ পৰিৱেশটোৱে মনটোক বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়লৈ উৰুৱাই নিছে।কি সুন্দৰ দৃশ্য। কাকো অপকাৰ নকৰাকৈ বৰঞ্চ মানৱ কূলৰ স্বাস্থ্যৰ ভাৰসাম্যতা ৰক্ষা কৰি নিৰৱে সহায় কৰি আহিছে যুগে যুগে। এই সৌন্দৰ্য উপভোগ কৰি কেনেকৈ সময় পাৰ হ'ল গমেই নাপালোঁ। সময়ৰ সংকেত ধ্বনিৰ প্ৰতি লক্ষ্য ৰাখি ৰাস্তাৰ কাষৰ সৰু হোটেল এখনত শুকান ৰুটি আৰু ৰঙা চাহ খাই ইমন আৰু এওঁৰ বাবে ধুনীয়া মিল্টনৰ হট টিফিন কিনো।
'আসাম ইজ এ লেণ্ড লাহে লাহে' আপ্ত বাক্য শাৰী সঁচা। একৰ ঠাইত আঢ়ৈ বজাত ৰিপ'ৰ্ট পাওঁ। ৰিপ'ৰ্ট লৈ শইকীয়া চাৰৰ ওচৰত দেখুওৱাৰ পিছৰ অৱস্থা। অস্ত্ৰোপ্ৰচাৰৰ বিকল্প নাই। থাইৰইড গ্ৰন্থিত অস্বাভাৱিক লক্ষণ এটা দেখা দিছে। মনৰ মাজৰ ধুমুহাক সম্বৰণ কৰি চাৰৰ লগত এই অপ্ৰত্যাশিত অপাৰেশ্যনৰ বিষয়ে আলোচনা কৰাত চাৰে চেন্নাই এপলত যাব পাৰিব ক'লে। এই মহামাৰীৰ তৃতীয় ঢৌ চলি থকা অৱস্থাত কেনেকৈ যাওঁ বোলাত বিকল্প অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ইএনটিৰ চাৰ্জন ডা: দেৱজিৎ দাস চাৰক লগ ধৰি চাব ক'লে। তেখেতৰ বাহিৰে ডিব্ৰুগড়ত এই বিভাগত অভিজ্ঞ চিকিৎসক নাই। ঠিকনা লৈ এইচ এম হস্পিটেলত খবৰ কৰাত সময় উকলিল বাবে তেখেত ঘৰলৈ গ'ল। ঘৰৰ ঠিকনা বিচাৰি চাহ বাগিচাৰ সৌন্দৰ্যৰে ভৰা ৰাস্তাৰ শেষত আটোমটোকাৰিকৈ সজা আৰু ঋতুকালীন ফুলৰ সৌষ্ঠৱ বৃদ্ধি কৰি একালৰ ঋষি মুনিৰ আশ্ৰম সদৃশ ঘৰত প্ৰৱেশ কৰি কলিং বেল বজাওঁতে চাৰে নিজেই আহি চিনাকি দি ক'লে - 'মই ঘৰত ৰোগী নাচাওঁ, কালিলৈ এইচ এম হস্পিটেলত পুৱা ন বজাত যাব।' দুখে-ভাগৰে মানকটাৰ ঘৰ আহি পাই গা-মূৰ ধুই ইমনহঁতক লৈ বিহুৰ খোৱা বজাৰ কৰি জকাই পোৱা মানে সন্ধিয়াৰ সাঁজ লাগিল। কাকো কথাটো নকৈ আমাৰ দুয়োটাৰে মাজত আজি ৰাখিবলৈ সিদ্ধান্ত লোৱা হয়। ইমনহঁতে আনন্দ মনেৰে মেজিৰ ভোজলৈ গৈ উপভোগ কৰাৰ স্বাৰ্থত।
বৈবাহিক সূত্ৰে জকাই হাঁহ চ'ৰা আমাৰ গাঁও। খেতি-পথাৰে, চাহ বাগান, গছে- বিৰিখে, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ স্বনিৰ্ভলশীল এখন আপোন গাঁও। বিয়াৰ পিছৰ প্ৰতিটো বিহুৰ বন্ধত মাৰ ঘৰৰ ৰাস্তাৰ মাজেদিয়েই পাৰ হৈ আহিও হেঁপাহেৰে ঘৰৰ সৰু বোৱাৰীৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ বাবে দৌৰি আহোঁ । সেই একেই যাত্ৰা আজিও মাত্ৰ মনটো গধূৰ, এক বুজাব নোৱাৰা বেদনা লৈ।
কাৰ কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। আমাৰ ভাগ্যটো সেয়াই লেখা আছে। সাধাৰণ গল্ড ব্লাডাৰৰ অপাৰেশ্যনৰ অজুহাতত তিনি বছৰৰ আগতে ভিনদেউ আৰু তাৰ পিছত সুদীৰ্ঘ ওঠৰ মাহ এক ব্যয় বহুল চিকিৎসাৰ পিছত মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় বাইদেউ(Friend, Philosopher and Guide)ক যোৱা বছৰৰ তেৰ অক্টোবৰত অৰ্থাৎ মাত্ৰ তিনি মাহৰ আগত হেৰুৱাই জীৱনৰ যি মোক্ষম আঘাত পাইছোঁ তাৰপৰা নিজক বুজাবলৈ শক্তি পোৱাৰ আগতেই এয়া কি পৰিস্থিতি। প্ৰিয় লেখক নিৰ্মলপ্ৰভা বৰদলৈৰ মতে - 'জীৱন জীৱন বৰ অনুপম'। কিন্তু মোৰ ক্ষেত্ৰত জীৱন বৰ জটিল। তথাপি কাকো নেদেখুৱাই মনৰ মাজত চলি থকা ধুমুহাক নিয়ন্ত্ৰণ কৰি স্বাভাৱিক ভাৱে বিহুৰ সময়কণ পাৰ কৰাৰ যত্ন কৰোঁ।
ঘৰত একেলগে বহি ৰঙা চাহ একাপ খাই মৰমৰ ভতিজী (যাক অন্তৰৰপৰা ভাল পাওঁ) মাইনা, গুদু, দীক্ষিত, সৰু বাইদেউ, বৰজনাৰ লগতে আমি সকলোৱে এখন শৰাইৰ টোপোলা লৈ আমাৰ ঘৰৰ সন্মুখৰ বিশাল পথাৰৰ মাজত সজা মেজিৰ ভেলা ঘৰৰ ভোজলৈ বুলি যাত্ৰা কৰোঁ।
সন্ধিয়াৰ আলোছাঁয়া পোহৰৰ মাজত গাঁৱৰ ৰাইজ ভৰি আছে ।আবাল-বৃদ্ধ- বনিতা। এফালে আকাশ চুম্বী মেজি আৰু ভেলা ঘৰ, আনফালে কাষৰ মুকলি পথাৰত হিমচেঁচা ঠাণ্ডাক নেওচি এসাজ হেঁপাহৰ ভোগালীৰ ভোজ লগেভাগে খাবলৈ সকলোৱে আয়তাকৃতিৰে বহি আছে । আমিও নৰানিতে ৰাইজৰ মাজত বহি ললোঁ । ভোজ খোৱাৰ আগতে সমূহীয়াকৈ মেজিৰ ওচৰত সেৱা লোৱা হয়। মোৰ এটাই প্ৰাৰ্থনা এইখন গাঁৱৰ বোৱাৰী ৰূপে অপাৰেশ্যন কৰাৰ পিছত মাতে-কথাই ঘূৰি আহি সুখ-দুখৰ সময়ত সকলোৰে লগত হাঁহি মুখেৰে মনৰ ভাৱ বিনিময় কৰিব পাৰোঁ। সেৱা লোৱাৰ পাছত সকলোৱে মিলি এসাজ খাওঁতে ভাবোঁ - সঁচাকৈয়ে এয়াহে ভোগালীৰ ভোজ। ডেকাহঁতে হেপাহেৰে সকলোকে আপ্যায়ন কৰিছে। হাঁহি-স্ফূৰ্তি-আনন্দৰ মাজেৰে। তদানীন্তন মুখ্যমন্ত্ৰী মহোদয়ৰ ক'ভিডৰ এচ অ পি ক'ৰবাত নিলগতে থাকিল। কাৰো কাণসাৰ নাই। ভোজৰ মাজত খুৱাই খাইছে, নচাই নাচিছে, বিহু গোৱাই গাইছে। তেনে সময়তে অপ-সংস্কৃতি এটা ধুমকেতুৰ দৰে আহিল। বোমাবৰ্ষণৰ দৰে উচ্চ স্বৰত ধুমধামেৰে ফটকা ফুটাইছে। ই আকৌ ক'ৰপৰা আহিছে মনে মনে নিৰীক্ষণ কৰি গম পালোঁ যে নিজকে আধুনিক বুলি জাহিৰ কৰা দুজনমান সস্তীয়া লালবাটিত মজি থকা মধ্য বয়সীয়া গাঁৱৰ দাদা। ইয়ে ভোগালী বিহু, ৰঙালী বিহু, বিয়া-উৎসৱ-পাৰ্বণ, খেল বা নিৰ্বাচনৰ ফলাফল আদি সকলোতে শিপাই গৈছে। ফটকাৰ ধোৱা আৰু শব্দত নিমিষতে সৰু সৰু ল'ৰা-ছোৱালীৰ মাজত হোৱা-দোৱা লাগিল। ভয়ত কন্দাই কান্দিছে, পেপুৱা লগাই টেটু ফালি চিঞৰিছে। বিহুৰ ভোজৰ থলী ধোৱাময় হৈ পৰাত ভাতৰ পাতবোৰত টেলেকাকৈ 'মোক খা মোক খা' কৰি মাছ-মাংসৰ আঞ্জাই চাই থাকিল। উপায়ান্তৰ হৈ আধাপেটীয়াকৈ প্ৰায়েই গুচি গ'ল। এয়াই আজিৰ হেপাহৰ ভোগালী। ভয়ত উচুপি উচুপি কন্দা ইমনৰ অৱস্থা দেখি নিচুকাও যদিও মনে মনে লাজ ও পাইছোঁ। কিমান যে এই খন গাঁৱৰ বিষয়ে গুণানুকীৰ্তন গাওঁ ।
আমাৰ দুয়োৰে অন্তৰত এক ধুমুহাৰ সৃষ্টি। তাতে গোটেই ৰাতি বিহুৰ নামত উচ্চ স্বৰত মাইকৰ বেসুৰা গীতৰ কাণতাল মৰা প্ৰতিধ্বনি।নামত বিচনাত আশ্ৰয় ললোঁ। দুয়ো দুয়োৰে উজাগৰে কটোৱাৰ উমান পাওঁ। দুখ-বেজাৰত ভাষা নাই। বিহুৰ বাবে দৌৰি অহাৰ পিছত এই অপ্ৰত্যাশিত অপাৰেশ্যনৰ খবৰটোৱে একপ্ৰকাৰ আমাক বাক্ ৰুদ্ধ কৰিছে। কিমান পৰিকল্পনা আছিল। আত্মীয় কাৰ কাৰ ঘৰত খবৰ কৰিম, ক'ত ক'ত ফুৰিম। সকলো পন্দ হ'ল। "আলচা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি।" সেয়াই হ'ল। তথাপি সমস্যা থাকিলে সমাধানৰ ৰাস্তাও থাকে কথাষাৰ বিশ্বাস কৰি এওঁক কওঁ - এই ক'ভিড কালীন সময়ত ইয়াতেই ভাবিলে ভাল হয় নেকি। চেন্নাই, মুম্বাই চহৰত এই পৰিস্থিতিত যোৱাটো সঠিক সিদ্ধান্ত হ'ব জানো ?
আজি ভোগালী বিহু। উজাগৰে কটোৱাৰ পিছত গা-পা ধুই গোসাঁই ঘৰত ধূপ-চাকি দি বিহুৰ পিঠা, কড়াই, আলু নামমাত্ৰ খাই দুয়ো মৌনভাৱে পুনৰ এইচ এম হস্পিটেলমুখী হওঁ। দাস চাৰক লগ কৰিবলৈ বিচৰাত প্ৰথমে ক'ভিড পৰীক্ষা কৰাই ল'ব ক'লে। যান্ত্ৰিকভাৱে ক'ভিড পৰীক্ষা কৰা কোঠাত সোমাই ভাৱ হয় - ইমান ভিৰৰ মাজত কভিড পজিটিভ নহয়টো? এ ভগৱান আছে নহয়, ইমান বিপদৰ সময়ত আৰু এটা বিপদ নিদিয়ে। এই ভাৱেৰে পৰীক্ষা কৰাই পুনৰ অপেক্ষাৰ অন্তত ৰিপ'ৰ্ট নিগেটিভ পোৱাৰ পাছত দাস চাৰক কালিৰ ৰিপ'ৰ্টবোৰ দেখুওৱাতে আৰু তেওঁৰ ফালৰপৰা প্ৰয়োজনীয় ভালেমান পৰীক্ষা কৰিব দি ক'লে যে কালিলৈ ভৰ্তি হ'লে আবেলি অপাৰেশ্যন কৰিব পাৰিম। কিন্তু অপাৰেশ্যন কৰাৰ পিছত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে তাৰ এক সংক্ষিপ্ত বিৱৰণ দি চুক্তি স্বাক্ষৰ কৰিব লগা পত্ৰ জাপ দিলে।
আজি ভোগালী বিহু। কালিলৈ কেনেকৈ সম্ভৱ। মোৰ সকলো লাগতিয়াল বস্তু তিতাবৰৰ ঘৰত আছে। আৰু দুয়োখন ঘৰত আলোচনা নকৰাকৈ কেনেকৈ ইমান ডাঙৰ সিদ্ধান্ত এটা ল'ম। চুক্তি পত্ৰখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাখিনিৰ ভিতৰত অন্যতম হ'ল অপাৰেশ্যনৰ পিছত মোৰ মাতটো একেবাৰে ঘূৰি নাহিব ও পাৰে। আনহাতে অপাৰেশ্যনৰ বিকল্প ও নাই। ঘৰত আলোচনা কৰি জনাম বুলি কৈ মানকটাৰ ঘৰ পাই ক'ভিডৰ আশংকাত কাপোৰ গা-মূৰ ধুই মিলন নগৰত থকা মাজু জা (লক্ষহীৰা বাইদেউ)ক লৈ জকাই হাঁহ চ'ৰাৰ ঘৰলৈ যোৱা মানে আবেলি চাৰি বাজিল।
অসমীয়া ভাষাৰ সাধক সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ঘৰৰ আদৰ্শৰে আমাৰ ঘৰত সকলোৱে মিলি চ'ৰা ঘৰত ঘূৰণীয়া আকৃতিত বহি ভাত খোৱাৰ অভ্যাস। আজি ও সকলোৱে মিলি এসাজ খাওঁতে মাজু বৰজনাই কয় - "পাছবুক উদং কৰি হ'লেও চেন্নাই বা মুম্বাই যোৱা। মই ইয়াৰ কোনো ডাক্তৰক বিশ্বাস নকৰোঁ। মুঠতে বাহিৰত চিকিৎসা কৰাবলৈ যাব লাগে।"
এওঁ অনলাইন এপইন্টমেন্টৰ বাবে চেন্নাই এপলত যোগাযোগ কৰি চালে। কভিডৰ তৃতীয় ঢৌৰ বাবে এতিয়া এপইন্টমেন্ট নিদিয়ে। মুম্বাইৰ ধীৰোবাই আম্বানী হস্পিটেলৰ চিনাকি চিকিৎসক দুৱৰা চাৰকো এওঁ ফোন কৰোঁতে একেই উত্তৰ - ভুলক্ৰমেও এই মহামাৰীৰ তৃতীয় ঢৌ চলি থকা সময়ত নাহিবলৈ ক'লে। মই মাৰ্জিত আৰু স্পষ্ট ভাষাৰে কওঁ - অমমতো ভাল চিকিৎসাৰ ব্যৱস্থা আৰু ভাল চিকিৎসক আছে। গতিকে এই মহামাৰীৰ তৃতীয় ঢৌত অকণমানি ইমনক এৰি থৈ আমি দুয়ো মৰসাহ কৰি বাহিৰলৈ যাব বিচৰা নাই। ইয়াতে ডা: দেৱজিৎ দাস চাৰৰ ওচৰত অপাৰেশ্যন কৰাৰ কথাটো বিবেচনা কৰিছোঁ।
কোনেও না নক'লে।
মাজত দুদিন সময় আছে। শনিবাৰ আৰু দেওবাৰ। শনিবাৰে পুৱাতে সোণ(জাহ্নৱী)ক তিতাবৰৰ ঘৰৰ কাম, প্ৰয়োজনীয় কাপোৰ, ইমন, নিভাৰ কিতাপ, বেংক-বেলেঞ্চৰ কাম কৰি দিখৌমুখৰ ঘৰত জনাবলৈ পঠিয়াও। বিশেষকৈ জন্ম হোৱা আলিমূৰ গাঁৱৰ নামঘৰত সুকলমে অস্ত্ৰোপ্ৰচাৰ হৈ যোৱাৰ বাবে চাকি এগছি দি আহিবলৈ কওঁ। নিজে জনাৰপৰা প্ৰতিটো দিশতে এই এক শৰণ বৈষ্ণৱ ধৰ্মৰ ধ্বজাবাহক নামঘৰেই আমাক সাহস আৰু শক্তি দি আহিছে।
এওঁ সোণক আমোলাপট্টিলৈ আগবঢ়াই থৈ আহি মোৰ মনটো পাতলাবলৈ উৎসাহেৰে ক'লে - শুনিছানে আজি সোণে তোমালোকৰৰ প্ৰিয় গ্ৰন্থ "লাইফ অফ এ দ্ৰাইভাৰ"ৰ লেখক ৰূপম দত্তৰ বাছত গৈছে। ইমনে চিঞৰি ক'লে - " কি সোণ বা ৰূপম দত্তৰ ডে-ছুপাৰত গৈছে। কি ভাগ্য। " অলপ সময়ৰ বাবে ঘৰত লেখক ৰূপম দত্তই ভৰাই তুলিলে। এগৰাকী গাড়ী চালক হৈ প্ৰত্যক্ষ অভিজ্ঞাৰ আধাৰত ৰচিত গ্ৰন্থখনৰ কাহিনীলৈ গুচি গ'ল সকলোৱে। কি চৰিত্ৰ, কি পৰিৱেশৰ বৰ্ণনা ভাল পাইছিল নিজে নিজে বিশ্লেষণ কৰিবলৈ ধৰিলে। নৈশ বাছৰ মায়াভৰা বৰ্ণনাৰে কণমানি ইমনে দেউতাকক আব্দাৰ কৰিলে - "পাপা মই ও ৰূপম দত্তৰ ডে-ছুপাৰত ফুৰিবলৈ যাম দেই। নিবানে ?" তাই ঔপন্যাসিক গৰাকীৰ বিষয়ে আৰু জানিবলৈ ইচ্ছা প্ৰকাশ কৰে।
আজি দেওবাৰ। সকলোৱে বিশ্বাস কৰাৰ দৰে আমিও এক নেদেখা শক্তি অৰ্থাৎ ভগৱান আছে বুলি বিশ্বাস কৰোঁ। কালিলৈ জীৱনৰ বাবে অপ্ৰত্যাশিত অপাৰেশ্যনৰ বাবে যাম। হয়তো চিকিৎসাৰ চুক্তি পত্ৰখনৰ মতে মোৰ মাতটো নাহিব ও পাৰে। গতিকে ঘৰখন ধুনীয়াকৈ সাৰি-মচি গোসাঁইৰ ঘৰত ধূপ-চাকি দি মাধৱদেৱৰ ৰচিত আমাৰ সকলোৰে প্ৰিয় 'ব্ৰহ্মা আদি কৰি জীৱ য'ত ৰাম ৰাম' - নামৰ প্ৰাৰ্থনা প্ৰাণঢালি গাওঁ। সকলোৱে মিলি কাছাৰী বাৰী নামঘৰ আৰু সত্ৰত পৱিত্ৰ ভাৱেৰে ধূপ-চাকি দি গাঁৱৰ ঘৰলৈ আহি মূল ঘৰৰ গোসাঁইৰ ঘৰত, নামঘৰত ধূপ-চাকি দি ভক্তি ভাৱেৰে তেৰাৰ ওচৰত সেৱা জনাই এটাই বিশ্বাস জন্মে যে এই অপাৰেশ্যনৰ বিষয়ে চিকিৎসকে যিমান নেতিবাচক দিশবোৰ (বিশেষকৈ কণ্ঠস্বৰ নাইকীয়া হ'ব পাৰে আৰু কেলছিয়ামৰ অভাৱত হাত-ভৰি যথৰ হ'ব পাৰে )হোৱাৰ সম্ভাৱনা খিনিৰ কথা জনাইছে যদিও মোৰ সেইবোৰ একো নহয়। মোৰ মনটোক বুজাইছোঁ। একো হ'ব নোৱাৰে। মই সম্পূৰ্ণ ৰূপে সুস্থ হৈ ঘূৰি আহিম।
নাৰ্চিং হোমলৈ যোৱাৰ আগতে কলেজৰ অধ্যক্ষ বৰুৱা চাৰক অৱগত কৰাও। উচ্চ শিক্ষাৰ সঞ্চালক ধৰ্ম কান্ত মিলি (পেহীৰ ল'ৰা) মাগ্বক ফোন কৰি সহকৰ্মী বৰ্ণালী শইকীয়া আৰু মিতালী চেতিয়াৰ প্ৰমোচনৰ ফাইলটো মনত পেলাই দি কলেজৰ সহকৰ্মী সকলোৰে প্ৰমোচন দিবলৈ অনুৰোধ জনোৱাৰ লগতে মোৰ অপাৰেশ্যনৰ পিছত কণ্ঠস্বৰ ঘূৰাই নাপালে চাকৰিৰ বিকল্প পথৰ বিবেচনা কৰিবলৈ কওঁতে ঢেকঢেকাই হাঁহি উৰুৱাই দিয়ে যদিও মনৰ শংকা নথকা নহয়। ৰাতি ভগৱানৰ নাম লৈয়েই শুইছো যদিও সন্মুখৰ বিপদাপন্ন সময়ৰ বাবে একেবাৰে চিন্তামুক্ত হ'ব পৰা নাই।
"ৰাখে হৰি মাৰে কোনে" কথাষাৰ সাৰোগত কৰি গা ধুই নেদেখা জনাৰ ওচৰত সেৱা জনাই স্বৰ্গগত মাক-দেউতা, শহুৰ-শাহুমা, ককা-আইতা, মামা-মামী, বৰমা-বৰদেউতা, খুৰা-খুৰী আৰু বাইদেউ-ভিনদেউক সোঁৱৰণ কৰি যাত্ৰা কৰোঁ সোণ, মাইনা(ধুবুৰীত কৰ্মৰত আটাইতকৈ মৰমৰ ডাঙৰ ভতিজা জগদীশ) আৰু এওঁৰ লগত। ইমনক নিভাৰ লগত থৈ। চিকিৎসকৰ মতে ৰাতিপুৱা দহবজাৰপৰা একো খাব নালাগে। মই আঠমান বজাতে নামমাত্ৰ ভাতকেইটামান খাই সামৰি থলোঁ। এওঁ ৰাস্তাত এটাই কথা কৈছে - চিন্তা নকৰিবা, পজিটিভ ভাবা সকলো ঠিক হৈ যাব।
আজিৰপৰা এক নতুন ঠিকনা।এইচ এম নাৰ্চিং হোমৰ ৩০৬ নং কোঠা। দুই মহলাৰ ওপৰত নিৰ্ধাৰিত কোঠাটোলৈ সোমাই খিৰিকী খুলি দৃষ্টি পৰে নিমাও মাও হৈ থকা জ্যোৎস্না চিনেমা হল আৰু সঞ্জীৱনী নাৰ্চিং হোম। এটা সময়ত এইখন চিনেমা হল কিমান দৰ্শকৰ ভিৰ আছিল। এতিয়া প্ৰায় পৰিত্যক্ত। ক'ভিড মহামাৰীয়ে এনেকৈ কিমান চিনেমা হল, চপিংমল, ৰাজহুৱা স্থান আদি পৰিত্যক্ত কৰি থৈছে। কি আচৰিত, চকুৰে নেদেখা এটা ক্ষুদ্ৰ বীজাণুয়ে জীৱ শ্ৰেষ্ঠ বুলি দম্ভালি মৰা মানৱ সভ্যতাক একপ্ৰকাৰ তচনচ কৰিছে। অথচ ইমান ক্ষন্তেকীয়া জীৱনৰ বাবে কিমান যে সংগ্ৰাম কৰিবলগীয়া হয়। সা-সম্পত্তিৰ বাবে ভাই-ভাইৰ মাজত মৰা-কটা, চাকৰি বা পদবীৰ বাবে খোৱা-কামোৰা, প্ৰেমৰ সম্পৰ্কৰ নামত প্ৰলোভন, চাকৰিৰ নামত দুৰ্নীতি কত যে কি ৰকমৰ সংঘাত। অথচ আমি সকলোৱে অস্থায়ী। কোনো অমৰ নহয়। দাস চাৰৰ মাতত ঘূৰি চাই দেখো এটা টীম আহিছে মোক প্ৰাৰম্ভিক পৰীক্ষাখিনি কৰিবলৈ। সকলোখিনি পৰীক্ষা কৰি অ' টি ৰূমলৈ এপাক যাবলৈ ক'লে। তাত মোক এণ্ডছ্কপি এটা কৰি উঠি ক'লে - সকলো ঠিকেই আছে আবেলি চাৰি বজাত অপাৰেশ্যন কৰা হ'ব।
তাৰ পিছত দুয়োখন ঘৰৰ মানুহৰ ভিৰ। ফোনৰ ওপৰত ফোন। মই নিৰৱে ভগৱানৰ নাম লৈয়েই সময়লৈ অপেক্ষা কৰিলোঁ। খুব পিয়াস লাগিছিল কিন্তু ধৈৰ্য ধৰিলোঁ। পল-অনুপল কৰি সময়ৰ গণনা কৰি থাকোঁতে আৰু পৰিচাৰিকা সকলে ইটোৰ পিছত সিটো পৰীক্ষাবোৰ কৰি থাকোঁতে কেতিয়া তিনি বাজিল গমেই নাপালোঁ।
শাৰীৰিকভাৱে সুস্থ মানুহজনীক হস্পিটেলৰ পোছাক পৰিধান কৰাই হুইল চেয়াৰত বহুৱাই অপাৰেশ্যন থিয়েটাৰৰ কোঠালৈ তিনি বাজি পাঁচ মিনিটত মোক নিছে। মনটো গধূৰ হৈ পৰে। কিন্তু ধৈৰ্যৰ বান্ধ খুলি দিয়া নাই। অ.টি. ৰূমত ঠাণ্ডা লগাত কাপোৰ বিচাৰোঁতে ব্লেংকেট এখন গাত মেৰিয়াই দিলে। মোক ট্ৰেছাৰত শুৱাই চাৰিওফালে চিকিৎসক আৰু পৰিচাৰিকাসকল ব্যস্ত। চিকিৎসক তিনি গৰাকীৰ ভিতৰত মুখ্য ডা: দেৱজিৎ দাস চাৰ, সহকাৰী ৰূপে ডা:নাছিন আহমেদ শইকীয়া চাৰ আৰু এনাছ্থিছিয়াৰ বিশেষজ্ঞ ডা: কৰুণা দাস চাৰ। তেওঁলোকে অপাৰেশ্যন কৰাৰ বাবে সাজু হৈ থকা দেখি এটা কথা অনুৰোধৰ সুৰত সুধিলোঁ - চাৰ মোৰ দহ বছৰীয়া ছোৱালী এজনী আছে, মই বাৰু সম্পূৰ্ণ সুস্থ হৈ ঘূৰি আহিব পাৰিমনে? তেতিয়া দাস চাৰে ক'লে সেয়া ওপৰালাইহে জানে। তেখেতৰ ইচ্ছাত আমাৰ হাত নাই। আমি নিমিত্ত মাত্ৰ। তাৰ পিছত মোৰ মুখত এনাছ্থিছিয়াৰ মাস্কখন পিন্ধাই দিয়ালৈকে মই সাৰে আছোঁ।
লাহে লাহে মই স্বভাৱগতভাৱে নাৰায়ণ নাৰায়ণ বুলি ভগৱানৰ ওচৰত শৰণাপন্ন হওঁ। নাৰায়ণ মোৰ সকলো সময়তে উচ্চাৰিত প্ৰিয় শব্দ। হাজাৰ বিপদৰ সময়তো এই নাৰায়ণ নামে মোক সাহস দিয়ে। শক্তি দিয়ে। অনুপ্ৰেৰণা দিয়ে।এই ভাৱনাৰে গভীৰ অৰণ্যত প্ৰৱেশ কৰিলোঁ। তাৰ পিছত হাবি-জংঘল, বাঘ, সিংহ, ভালুক, ধুনীয়া ধুনীয়া চৰাইৰ গীত-মাত, ফুলৰ ৰেণু চুহি থকা নানাবিধৰ পখিলাৰ খেলা, জান-জুৰিত মাছ-কাছৰ বিনন্দীয়া দৃশ্য আদিৰে ভৰা চিৰিয়াখানা সদৃশ এখন বিশাল অভয়াৰণ্যৰ মাজেদি খটখটিত উঠিছোঁ। যিমানেই খটখটিত বগাইছোঁ, সিমানেই মই মনত জোৰ পাই আহিছোঁ। মনটো প্ৰশান্তিৰে ভৰি পৰিছে। বেলেগ বেলেগ ৰূপ, ৰস, গোন্ধত মই একাত্ম হৈ পৰিছোঁ। কচক কচক শব্দ এটা শুনাৰ পিছত মই আন এখন জগতত প্ৰৱেশ কৰোঁ। সেইখন জগতত প্ৰৱেশ কৰাৰ লগে লগে মোৰ চাৰিওফালে ব্ৰহ্মা, বিষ্ণু আৰু কৃষ্ণৰ লগতে তেওঁলোকৰ পাৰিষদসহ এখন সভাত তেৰাসৱে গাম্ভীৰ্যপূৰ্ণ আসনত বহি স্বৰ্গপুৰী উপভোগ কৰা দেখা পাওঁ। য'ত কেৱল সুখ, শান্তি আৰু ফুলে-ফলে জাতিষ্কাৰ হৈ এক মনোৰম সৌন্দৰ্য। কি মই সঁচাকৈয়ে স্বৰ্গৰ নন্দনবন দেখিছোঁ? মনটো আনন্দত নাচি উঠে। তাত মোক সন্মুখৰ আসন এখনত বহিব দি সুধিলে। কি লাগে তোমাক, কিয় ইয়ালৈ আহিছা ? কোৱাচোন ? আমি তোমাৰ বিচৰা ধৰণে সহায় কৰিবলৈ সাজু হয় নে নহয় জানি লওঁ।
মই মোৰ চিৰ আৰাধ্য দেৱতাসকলৰ চৰণ চুই প্ৰাৰ্থনা কৰোঁ - প্ৰভুসকল মোৰ জীৱনৰ প্ৰথম নিবেদন হ'ল - মই জীৱন যুদ্ধত আগুৱাই যাবলৈ সংগী এগৰাকীক সামাজিকভাৱে নিৰ্বাচন কৰি সাংসাৰিক জীৱনত আৱদ্ধ হৈছিলোঁ আজিৰপৰা এটা যুগৰ আগতে। তেখেতক আহি থকা জীৱন যুঁজত অকলশৰীয়া নকৰিব। এই সাংসাৰিক বান্ধোনৰ চিনস্বৰূপে আমাৰ দুয়োটাৰে ইচ্ছাত আপোনালোকৰ অনুগ্ৰহত ইমন(ভাস্বতী)ক এই সংসাৰলৈ আনিছিলোঁ। তাইক মাতৃহাৰা নকৰিব।
দ্বিতীয়তে, আপোনালোকৰ তুলাচনীত জীৱনৰ ভৰপূৰ বয়সত অগা-পিছাকৈ বাইদেউ-ভিনদেউৱে এৰি থৈ যোৱা ঘাত মাউৰা ভাগিন মাধুৰী, পা:লু(দেৱ শংকৰ) আৰু লাকীক মানসিক, শাৰীৰিক আৰু আৰ্থিকভাৱে সমৰ্থন তথা মাহীয়েকৰ মৰমৰপৰা বঞ্চিত নকৰিব।
তৃতীয়তে, মোৰ জীৱনৰ আদৰ্শ (শিৱসাগৰ দিখৌমুখৰ জীয়াৰী, ডিব্ৰুগড়ত বিয়া ঠিক কৰিও, একমাত্ৰ দেউতা আৰু শিক্ষা গুৰুসকলৰ আদৰ্শক শিৰত লৈ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত শিক্ষকতাৰ বাবে নিযুক্তি লাভ কৰিও হেলাৰঙে ত্যাগ কৰি, বৰ্তমান কৰ্মৰত মহাবিদ্যালয়ৰ মূৰৰপৰা গেলি যোৱা, দুৰ্নীতিৰ আশ্ৰয়ত শিক্ষকৰ কিনা-বেচাৰ কৰাৰপৰা উদ্ধাৰ কৰাৰ স্বাৰ্থত, ২০০৫ চনৰ গুৱাহাটী হাই কৰ্টত এটা আইনলৈ ৰূপান্তৰ কৰি ন্যায় প্ৰতিষ্ঠা কৰি) শিক্ষকতাৰ সেৱাৰে মৰমৰ ছাত্ৰ-ছাত্ৰীৰ সান্নিধ্য, যিয়ে মোৰ পৰিশ্ৰম কৰাৰ বিনিময়ত মানসিক শান্তি দিয়ে তাৰপৰা মোক নিলগাই নাৰাখিব।
চতুৰ্থতে, শৈশৱতে(চতুৰ্থ শ্ৰেণীত পঢ়ি থকা সময়তে) মাৰ মৰমৰপৰা বঞ্চিত হোৱাৰ সময়ৰেপৰা মোক এই জীৱনৰ পথ দেখুওৱা পিতৃ স্বৰূপ মইনাচি(হেমন্ত ৰঞ্জন) আৰু মাতৃ স্বৰূপ মাম(নবৌ, মনেশ্বৰী)ৰ সপোনবোৰ বাস্তৱায়িত কৰাৰপৰা বঞ্চিত নকৰিব।
পঞ্চমতে, প্ৰতিৱেশী, আত্মীয়-স্বজন, সহকৰ্মীৰ সান্নিধ্য তথা দুখীয়া- নিচলাসকলৰ হৈ কিঞ্চিৎ সহায় কৰাৰ পৰিকল্পনাৰপৰা বঞ্চিত কৰি তেওঁলোকক আৰু নিঠৰুৱা নকৰিব। এয়াই আপোনালোকৰ ওচৰত মোৰ বিনম্ৰ সেৱাৰে অনুৰোধ।
ইমান সময় নিৰৱে শুনি থকাৰ পিছত সকলোৱে একেলগে মোৰ মূৰত হাত থৈ আশীৰ্বাদ দি ক'লে "তথাস্তু"।
তাৰ পিছত সাৰ পাইছোঁ আৰু দাস চাৰে মোক সুধিলে - আপোনাৰ নামটো কওঁকচোন। মই উত্তৰ দিলোঁ - গভীৰ টোপনিৰপৰা কোৱাৰ দৰে সেমেকা মাতেৰে জোৰকৈ ড: মৃণালী কাগয়ুং। চাৰে ক'লে অপাৰেশ্যন চাকছেছ। তিনি ঘণ্টা পয়ত্ৰিশ মিনিট জোৰা অপাৰেশ্যনত আমি সফল হৈছোঁ। আপুনি সোনকালে আৰোগ্য লাভ কৰিব পাৰিব।
তাৰ পিছত মোক নিৰীক্ষণ কোঠাত দুঘণ্টা সময় ৰাখিলে। ভাল নালাগিল। হুলস্থলীয়া এটা পৰিৱেশ পালোঁ। তাত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কোনেও কাৰো কথা শুনাৰ ধৈৰ্য নাই। সেই নিৰীক্ষণ কোঠাত অশান্তিৰ মাজতে এটা নামে মোক আকৰ্ষণ কৰিলে। আইমণি চেতিয়া। চিঞৰি ক'লে আইমণি চেতিয়াৰ ভাল খবৰ। ল'ৰা এটা হৈছে। নামটো শুনি মই আনন্দত নাচি উঠিছোঁ। এই মোৰ জীৱন যুদ্ধৰ সময়ত মোৰেই বিশ্ববিদ্যালয়ৰ আটাইতকৈ প্ৰিয় বান্ধৱী আইমণি চেতিয়াৰ ল'ৰা জন্ম হৈছে বুলি ভাবি ললোঁ। ভাৱিয়ে ভাল লাগিল। কি সম্পৰ্ক। সেই সময়তে দাস চাৰে প্ৰথম দৰ্শনৰ বাবে এওঁক পঠিয়াইছে। এওঁৰ হাতৰ স্পৰ্শত মনত এক অদম্য শক্তি পাওঁ, যি শক্তিয়ে মোক কাণে কাণে কৈ গ'ল - তুমি সোনকালেই ভাল পাই যাবা।
তাৰ পিছত জা লক্ষ্যহীৰা বাইদেউ আহিল।গেঙেৰা মাতেৰে ৰখীয়া এজনে ক'লে এতিয়া বেমাৰী লগ কৰিবলৈ নাহিব।
তাৰ পিছত মোক ৩০৬ নং কোঠালৈ অনা হ'ল। সোণ, মাইনা আৰু এওঁ আছে। এওঁলোক মোক লৈ ব্যস্ত হৈ পৰে। সেই ৰাতি এনাছ্থেছীয়াৰ জালত বিশেষ বিষ অনুভৱ নকৰিলোঁ। মাজ ৰাতিৰপৰা ডিঙিৰ কটা ডোখৰত আৰু মূৰৰ পিছফালে অত্যন্ত বিষ অনুভৱ কৰোঁ। লাহে লাহে বেছি হৈছে। উচপিচাই আছোঁ। প্ৰতিটো পল অনুপলে পৰিচাৰিকাসকলে দায়িত্ব পালন কৰি আছে। দুখৰ ৰাতি নুপুয়ায় যেন লাগিছে। মোৰ লগত ৰাতিটো সোণ, মাইনা আৰু এওঁ এচিকুট টোপনি যাবলৈ নাপালে। মোৰ অপাৰেশ্যনৰ পিছত হোৱা যন্ত্ৰণাৰ বাবে। পৰিচাৰিকাসকলে মাজে মাজে দৰৱ, বিষৰ বেছি, এন্টিবাইটিক দি নিৰীক্ষণ কৰিছে।
পিছদিনা ৰাতিপুৱাৰপৰা পানী অলপ অলপকৈ খাবলৈ দিছে। যমৰ যন্ত্ৰণা এতিয়াহে উপলব্ধি কৰিছোঁ। কালিৰ দীঘলীয়া সময়ৰ বাবে অপাৰেশ্যন কৰাৰ যন্ত্ৰণা এতিয়াহে পাইছোঁ। বিচনাত যন্ত্ৰণাকাতৰ অৱস্থাত এওঁৰ আলপৈচান ধৰাৰ ৰূপ দেখি ইমান দিনে চিনি পোৱা মানুহ গৰাকীৰ বেলেগ ৰূপ এটা উপলব্ধি হৈছে। পুৰুষ মানুহে ইমানখিনি যত্ন ল'ব পাৰে বুলি কল্পনাই কৰা নাছিলোঁ। কাৰণ আজিলৈকে এনেকৈ আলপৈচান ধৰা ব্যক্তি মই পোৱা নাছিলোঁ।
দ্বিতীয়দিনা দিনৰ দিনটো বিচনাতেই এক প্ৰকাৰ পাৰ কৰিলোঁ। দাস চাৰে ভিজিট দি ক'লে যে সকলো ঠিকেই আছে কালিলৈ যাব পাৰিব। মোৰ বিশ্বাস হোৱা নাই, কাৰণ মই নিজে আনৰ সহায় নোলোৱাকৈ উঠিব নোৱাৰাজনী কেনেকৈ কালিলৈ যাবগৈ পাৰিম। মনটো ভাল লগাবলৈকে চাৰে কৈছে বুলি গণ্য কৰোঁ। এওঁ যত্ন লোৱাৰ দৰে মাইনাতুও যত্ন লোৱা দেখি মোৰ চকুপানী ওলাইছে। মোৰ বাবে কিমান কষ্ট কৰিবলগীয়া হৈছে। বেমাৰবোৰ মানুহক কিয় দিয়ে বাৰু? মই আনৰ যত্ন লৈ ভাল পাওঁ আৰু আনে মোৰ যত্ন ললে কিবা সহজ হ'ব নোৱাৰোঁ। মানুহ পৰিস্থিতিৰ দাস। গতিকে নিজে বেয়া পোৱা বিষয় এটাও চাই থাকিব লগা হয়।
পৰিচাৰিকা, চুইপাৰ, ৰেচিডেঞ্চ ডাক্তৰ, দাস চাৰ আদিয়ে সময়ে সময়ে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। ইমান পৰিপাটি, ইমান সুন্দৰ ব্যৱহাৰ, আচাৰ- আচৰণ মই কোনো হস্পিটেলত পোৱা নাই। প্ৰতিগৰাকী ব্যক্তিৰ আচৰণত এক সেৱাৰ মনোভাৱ দৃষ্টিগোচৰ হৈছে। মাদাৰ টেৰেছাৰ প্ৰতিচ্ছবি ভাঁহি উঠিছে। সকলো চিকিৎসা কৰ্মী আৰু চিকিৎসক এনে হোৱা হ'লে পৃথিৱীখন কিমান সুন্দৰ হ'লহেতেন।
এওঁ অলপ ওলাই গৈছিল। মাইনাতু "পাটকাইৰ সিপাৰে" উপন্যাসখন পঢ়ি আছিল। মই অলপ শুই আছিলোঁ। তেনে সময়তে মোৰ গালখন লৰি থকা যেন লাগিল। মোহাৰি চালোঁ। একেই অনুভৱ কৰোঁ। লাহে লাহে হাত-ভৰিত টানি টানি ধৰা যেন লাগিল। মাইনাতুক লগে লগে পেহাকক আৰু চিকিৎসকক মাতিব দিওঁ। মুহুৰ্ততে হাত-ভৰিৰ কঁপনি আৰু টানি টানি নিয়া যেন দেখি চাৰে জৰুৰীকালীন ভাৱে কিনিবলৈ দিয়া কেলছিয়ামৰ ড'ছটো দিয়াবলৈ পৰিচাৰিকাক নিৰ্দেশ দিয়ে। তেওঁ চেষ্টা কৰিছে কিন্তু মোৰ সিৰ এডালো বিচাৰি পোৱা নাই। লগে লগে নাৰ্ভৰ বিশেষজ্ঞ ৰাজখোৱা উপাধিৰ চাৰ এগৰাকী আহি ভৰিত চিলাইন দিবলৈ কোৱাত মোতকৈ এওঁৰ ভয়টো বেছি লগা দেখি পৰিচাৰিকা ফুল বাইদেউৱে ধমক দিয়ে। ৰোগীতকৈ গাৰ্জেন নাৰ্ভাছ হ'লে কেনেকৈ হ'ব। সঁচাকৈয়ে এওঁ যথেষ্ট ভয় খাইছে। ভয় খোৱাটো স্বাভাৱিক। অপাৰেশ্যনৰ আগতে দাস চাৰে দিয়া চুক্তি পত্ৰত এই লক্ষণটো স্পষ্টকৈ লিখা আছে। এওঁৰ অৱস্থা দেখি যিমান পাৰোঁ নিজক নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰোঁ। কেলছিয়ামৰ ড'ছটো দিবলৈ মোৰ হাতৰ চাৰি-পাঁচ ঠাইত খোছাৰ পিছত সিৰডাল বিচাৰি পাই চেলাইন দিয়াৰ প্ৰায় আধা ঘন্টামানৰ পিছত লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহে। তথাপি মোৰ গোটেই ঘৰটো লৰি থকা যেন অনুভৱ হয়। সেই ৰাতি এওঁ আৰু মাইনাতু চকুৰে টিপ এটাও নামাৰিলে।জানোছা আকৌ হয় সেই ভয়ত। মোৰ নিজৰো বৰ অৱশ যেন অনুভৱ কৰোঁ।
তাৰ পিছদিনাৰপৰা প্ৰতিটো ক্ষণ চিকিৎসক, পৰিচাৰিকা, তেজৰ নমুনা লৈ কেলচিয়াম পৰীক্ষা কৰা আদিৰ বাবে আহি আছে। তেওঁলোক যেন একো একোগৰাকী দেশৰ সীমামূৰীয়া অঞ্চলত পহৰা দিবলৈ সাজু হৈ থকা সৈনিকহে। দেশৰ বাবে নিজকে উচৰ্গা কৰা চিৰনমস্য সেনানীহে। মোৰ নিজকে ভিআইপি যেন লাগিছে। ইমান যত্ন, মোক লৈ ইমান ব্যস্ত। কিছুমান মানুহে অসমৰ চিকিৎসা আৰু চিকিৎসকৰ বিষয়ে ধাৰণা কৰাৰ বিপৰীত দৃশ্য দেখি নিজকে অসমীয়া বুলি ক'বলৈ সাহস আৰু বিশ্বাস বাঢ়িছে। এচাম অসমৰ অসমীয়াই বাহিৰৰ চিকিৎসাহে ভাল বুলি মাটি-বাৰী বন্ধকত দি ঢাপলি মেলাও দেখিবলৈ পাইছোঁ। মনে মনে ভাবোঁ তেনে ব্যক্তিসকলে এই স্বনামধন্য চিকিৎসক, চিকিৎসা কৰ্মী আৰু পৰিচাৰিকাসকলক দেখিবলৈ পোৱা হ'লে ভাল আছিল। অন্ততঃ অসমৰ চিকিৎসা বিজ্ঞানৰ আগতকৈ বিকাশ আৰু প্ৰসাৰ হোৱাৰ লগতে অৰ্থনৈতিক দিশত ইতিবাচক ইন্ধন যোগাব পাৰিলেহেঁতেন।
ৰোগী আৰোগ্য হোৱাৰ বাবে সঠিক চিকিৎসা, ঔষধ, পৰিচাৰিকা আৰু আত্মীয়-স্বজনৰ অনুপ্ৰেৰণা অপৰিহাৰ্য। মই এই অপ্ৰত্যাশিত অপাৰেশ্যনৰ যুদ্ধত সঁচাকৈয়ে ভাগ্যৱতী। সাতে-সোতৰই মিলি মই সকলোখিনি পাইছোঁ। আমাৰ গৃহস্থ অতন্দ্ৰ প্ৰহৰী। দিন-ৰাতি একাকাৰ কৰি মোক সোনকালে আৰোগ্য হোৱাৰ বাবে যত্ন লৈছে। এয়া মোৰেই সৌভাগ্য।
মোৰ জীৱন সংগী নিৰ্বাচন সঠিক আছিল। অচিনাকী এওঁ আমাৰ ঘৰলৈ অকলে বিয়াৰ প্ৰস্তাব লৈ যাওঁতে ফৰিং কাই (কৃতি শিক্ষকৰূপে অসম চৰকাৰৰ বঁটা লাভ কৰা বিমল দা) মনে মনে কৈছিল তই না নকবি। অভিনেতা যতীন বৰাৰ দৰে ধুনীয়া। কথা বতৰা ভাল। স্পষ্টবাদী। প্ৰথম লগ পায়েই অনুমান কৰিব পাৰি যে সি প্ৰকৃততে তোৰ সুখ-দুখৰ জীৱন সংগী হ'ব পাৰিব। এই কথাষাৰ আজি মনত পৰি গৌৰৱ অনুভৱ কৰিছোঁ। মোক অট্টালিকা, দামী গাড়ী, ধন-দৌলত একো নালাগে। লাগে মোক সেই ফৰিং কাই কোৱা বা চিনি পোৱা মানুহজনক। আজি এই অপ্ৰত্যাশিত অপাৰেশ্যনৰ সফলতাৰ বাবে ভগৱানৰ ওচৰত শৰণাপন্ন হোৱাৰ লগতে এওঁৰ দৰে ব্যক্তিৰ সান্নিধ্যই মোক সম্পূৰ্ণ আৰোগ্য হোৱাত অনুপ্ৰেৰণা দিছে।
এইদৰে এসপ্তাহ দিন এওঁ ক'ভিড মহামাৰীৰ তৃতীয় ঢৌৰ মাজেদি ঘৰ, কলেজৰ দায়িত্ব আৰু হস্পিটেলত নিয়াৰিকৈ চম্ভালি ৰখা দেখি তবথ মানিছোঁ। অকণো ভাগৰ, এলাহ নাই।সকলো স্বামীৰ এনে ভূমিকা থকা হ'লে নিশ্চয় অসমীয়া সমাজত নতুনকৈ গ্ৰাস কৰা বৈবাহিক জীৱনৰ মনোমালিন্যবোৰৰ পৰিমাণ বেছি নহলহেঁতেন।
বৰ্তমান মই শাৰীৰিক ভাৱে সুস্থ যদিও দাস চাৰে চুক্তি পত্ৰত লিপিবদ্ধ কৰা মতে মোৰ কন্ঠস্বৰ এতিয়াও আগৰ অৱস্থালৈ ঘূৰি অহা নাই। চাৰৰ মতে আৰু ছমাহমান লাগিব।
ইতিমধ্যে ছমাহ পাৰ হৈছে মোৰ অপাৰেশ্যন কৰা। কন্ঠস্বৰ আগতকৈ ভাল হৈছে। মোৰ বিশ্বাস মোৰ ছাত্ৰ- ছাত্ৰীসকলক শিক্ষা দান কৰাৰ বাবেই ভগৱানে মোৰ মাতটো সম্পূৰ্ণ ৰূপে ঘূৰাই দিব। এয়াই মোৰ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা।
No comments:
Post a Comment