বিষণ্ণ সময়
দীপ হেষ্টিংছ বৰি
হঠাৎ কেতিয়াবা অকাৰণতে
অচিনাকি বেজাৰ এটাই
বুকুৰ আলহী হয়হি
নুসুধু নামাতো, তথাপি ফেৰপাতি ৰৈ থাকে
বহু পৰলৈ ৷ আৰু যোৱাৰ পিছত
মই তাক বৰকৈ মনত পেলাওঁ
প্ৰিয় বন্ধুৰ দৰে..
ইযে মোৰ ভাঙি পৰা মনত
চেতনাৰ উন্মেষ জগায়
বুকুৰ চিঞৰটোক জোকাই যায়
যেন শিমলু আগত জুই লগোৱা দুষ্ট ফাগুন
আহিনৰ সেউজীয়া আভাক চুই বৈ যোৱা
মৃদু সমীৰণ..


No comments:
Post a Comment