তেজৰ আঙুলিত পবিত্ৰতাধন্য পিনাক
ববী দত্ত
টীয়ক
অতুলনীয় অনুকৃতিৰে হৃদয়ৰ উম সনা
হাঁহিবোৰ সাৱটি
আপুনি ক'ৰ পৰা আহিল ?
আপোনাৰ স্বচ্ছ কল্পনাৰ দ্যুতিৰে দিপ্তীমান হ'ল মোৰ আবেলিৰ শইছ!
নিসংগ ৰূপৰ অযুত অনুজ্জ্বল ছবি আঁকি আপুনি কি পাব ?
মৰচেওঁৰাই ঢাকি ৰখা মোৰ শৰীৰৰ ভাঁজে ভাঁজে তেজৰ চেঁকুৰা
জীৱন জিজ্ঞাসাৰ গভীৰতাইহে মোক উশাহৰ যোগান ধৰে সুলভ মূল্যত।
বাস্তৱৰ হাতুৰী আঘাতত সমগ্ৰ অমলিন স্বপ্ন নিঃশেষ হোৱাৰ পাছত মই সম্প্ৰতি এজোপা জয়াল কেকটাছ।
তথাপি মই শুৱনি মনোমত বাগিচাত।
প্ৰজ্ঞা বুদ্ধিৰ অধিকাৰী আৰু মৰম আকুলতাৰে
সমৃদ্ধ আপুনি হেনো এজন দুৰ্দান্ত সেউজ প্ৰেমিক
ভাৱনাৰ নিৰন্তৰ যতিহীন উৎস।
মই নিচেই দৰিদ্ৰ !
মানুহৰ কবি
"My theme
No other than the very heart of man"
হৃদয়তকৈ গভীৰ আৰু কি হব পাৰে?
আক্ষৰিক অনুকৃতিৰে হৃদয় পটত
অমেয় সৌন্দৰ্যৰ সাঁচ বহুৱাই
উজুটি খালেও আমি বগাব পাৰো
কঠিন শিলাখণ্ডৰে
এইয়া জিলিকি উঠিছে চাওক
তেজৰ আঙুলিত পবিত্ৰতাধন্য পিনাক।


No comments:
Post a Comment