শৰৎ
চন্দ্রিকা দলে
নয়াবজাৰ,মাজুলী
শুভ্র শেৱালিৰ দলিচা পাৰি
এদিন তেওঁ আহিছিল;
মিঠা মিঠা লগা বেদনাবোৰ
সাৰ পাইছিল অশ্রুহৈ জিলিকা নিয়ৰত ।।
আহিনৰ অভিমানী আবেলিবোৰে কৰা
স্নিগ্ধ জোনাকৰ ধেমেলিত
মুক্ত কহুঁৱাৰ দৰে মৰমবোৰ
বৈ আহিছিল এছাতি বতাহ হৈ....।।
শুকুলা ডাৱৰৰ পতাকা উৰুৱাই
উলটি নহাৰ প্রতিশ্রুতিৰে উৰি গৈছিল এজাক শৰালি
য'ত শূন্যতাত দিশহাৰা সপোনে
স্থিতি লৈছিল সীমাহীন আকাশত ।।


No comments:
Post a Comment