ভোগালীৰ সম্পৰ্কে অলপমান লেখা
মিনু হাজৰিকা
পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয় ৷ পুমাহৰ হাড় কপোৱা জাৰে মেলানি মাগে ৷ উত্তাপৰ আগমন হয় এই মাঘ মাহতেই। চেঙেলীয়া সকলে পথাৰত থকা শুকান নৰাবোৰ গোটাই ফূৰ্তিৰে ভেলা ঘৰ সাজে ৷ নামনিৰ কোনো কোনো ঠাইত গছৰ ডালপাতেৰে মেজি ঘৰ সাজে ৷ উদ্দেশ্য শীতৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ অগ্নি দেৱতাক পূজা কৰা ৷
এই বিহু এক কৃষি ভিত্তিক অনুষ্ঠান ৷ ৰাতিপুৱাই দোকমোকালিতে গা-পা ধুই এজনে এযোৰ পাণতামোল আৰু এটকা মেজিটোৰ তলত দি জয়ধ্বনিৰে অগ্নিদেৱতাক পূজা কৰি প্ৰাৰ্থনা কৰে আৰু মেজি জ্বলাই ৷ কণ কণ ল’ৰাছোৱালীহঁতে নতুন সাজ পৰিধান কৰি পিঠা লাৰু মাহ কৰাই আনি প্ৰথমতে জ্বলি থকা মেজিটোলৈ আগবঢ়াই আৰু পিছত উপস্থিত থকা ৰাইজক বিলাই দিয়ে ৷ অৱশ্যে মেজি জ্বলোৱাৰ আগতে ল’ৰাহঁতে ভেলাঘৰ জ্বলাই দিয়ে ৷
মাঘ বিহুৰ পৰম্পৰা অতি পুৰণি ৷ বহুতে ক’ব বিচাৰে যে অসমলৈ পোন প্ৰথমে অগ্নি পূজাৰ পৰম্পৰা নেগ্ৰীতু ( নাৰ্দীক) জাতিৰ আংগামী নগাসকলে কঢ়িয়াই আনিছিল ৷ বড়ো ভাষাৰ মাজী শব্দৰ পৰা মেজি শব্দৰ উৎপত্তি হৈছে বুলি বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অভিহিত কৰিছে ৷
ধনী দুখীয়া সকলোৰে ঘৰত এই সময়ত খাবলৈ বুলি কিছু নহয় কিছু ভোগৰ খাদ্য থাকে । বিহুৰ সময় চোৱাত বিভিন্ন ধানৰ পৰা নানা ধৰণৰ পিঠা পনা ,সান্দহ , চিৰা ,দৈ , আখৈ , হুৰুম আদি তৈয়াৰ কৰা হয়। এই বিহুত খোৱা-বোৱাকে বিশেষ ভাবে গুৰুত্ব দিয়া হয়।
মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা । সেই সময়ত সূৰ্য মকৰ-ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই বিহুক সংক্ৰান্তি বা দোমাহীৰ মকৰ সংক্ৰান্তি বোলা হয়। প্ৰকৃততে আদিম চিকাৰ যুগৰ পৰা ক্ৰমে কৃষি যুগৰ অৱস্থালৈ উত্তৰণ ঘটিলেও , তেতিয়াৰ সমূহীয়া চিকাৰ প্ৰথা এই বিহু উৎসৱত এক পৰম্পৰা ৰূপে ৰৈ গ'ল। সেয়ে আধুনিক বা মধ্য যুগৰ ফালে চিকাৰ প্ৰথাৰ এক বিকল্প ৰূপে মৎস্য চিকাৰ কৰাৰ প্ৰথা ৰক্ষা কৰা হ'ল । বিল , নদী , পুখুৰী বা জলাশয়ত গাওঁ বা চুবুৰীৰ ৰাইজে আজিও সমূহীয়াকৈ মাছ ধৰে । জাতি , বৰ্ণ , ধৰ্ম নিৰ্বিশেষে সেই মাছেৰে সকলোৱে মিলি উৰুকাৰ ভোজ ভাত খায়।
চুতীয়া আৰু আহোম স্বৰ্গদেউ সকলৰ ৰাজত্ব কালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হৈছিল। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা মাঘ বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিশেষ খেল ধেমালী জী- জন্তুৰ যুঁজ , মল্লযুঁজ আদি আৰু নানা তৰহৰ ৰং ৰহইচৰ আয়োজন কৰা হৈছিল ।ৰজাই ডা-ডাঙৰীয়া সকলৰ সৈতে সেই সকলোবোৰ বাকৰিত উপভোগ কৰিছিল। সেই দিশৰ পৰা তুলনা কৰি চালে ৰংঘৰ আৰু ইয়াৰ বাকৰিক ৰোমান কলছিয়ামৰ সমতুল্য বুলিব পাৰি।
উৰুকাৰ নিশাৰ পিচত ৰাতি পুৱাৰ লগে লগে গা - পা ধুই মেজিত জুই লগোৱা হয়। নৰা বা কাঠ বাঁহেৰে জাপি সজা মেজিৰ ওপৰত আগলি বাঁহ আৰু কলপাত এখিলা দিয়া হয় । মেজি এটা শৈৱ আচাৰৰ প্ৰভাৱ আৰু প্ৰতীক বুলিও ধৰা হয়।
ইয়াৰ পিচত জ্যেষ্ঠ জনক আৰু গুৰুজনাক সেৱা কৰি ন-ধানৰে তৈয়াৰী জা- জলপান আদি খুৱাই আশীৰ্বাদ লোৱা হয় আৰু বাকী সকলোৰে মাজতো খোৱা-বোৱাৰ পৰ্ব আৰম্ভ হয়। এইদৰে আনন্দ ফুৰ্তিৰ মাজেৰে অসমীয়া সমাজে হেপাহৰ ভোগালী বিহুটিক বুকুৰ মাজত ৰাখি মনৰ উলাহেৰে বছৰে বছৰে পালন কৰি আহিছে আৰু যাউতী যুগীয়া ৰূপেৰে এই বিহুৰ পৰম্পৰাই অসমীয়া খনক সদায় নিশ্চয় একতাৰ বান্ধোনেৰে বান্ধি ৰাখিব..।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment