দুৰ্গাপূজা
মিনু হাজৰিকা
হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গাপূজা বা দুৰ্গোৎসৱ ৷ চ’ত অৰ্থাৎ বসন্ত কালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গাপূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত ৷ ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গাপূজা পালন কৰে ৷
সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ ৷ এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী মহাসপ্তমী , মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত ৷ এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায় ৷ পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা যায় , আৰু পূৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় ৷
পৌৰাণিক উপাখ্যানত উল্লেখ থকা অনুসাৰে এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ ৷ দুৰ্গাপূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো
এই পুৰাণত পোৱা যায় । কোৱা উচিত যে , এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই ৷
দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্ত্তি নিৰ্মাণ কৰি আৰাধনা কৰে ৷ আৰু এই সময় খিনিত তেওঁ তিনি বাগভব বীজ জপ কৰে ৷ লগতে আহাৰ শ্বাস গ্ৰহণ পৰিত্যাগ কৰি বছৰ বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিলে “ হে মহাবাহু “ তোমাৰ বিষয় দান কৰিছোঁ ৷ বৎস ! তোমাৰ ৰাজ্য নিষ্কন্টক হওঁক আৰু তুমি পুত্ৰ লাভ কৰা ৷
দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে দেখা যায় ৷ এই মূৰ্তিসমূহৰ মধ্যস্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ ৷ আনহাতে বাঁওফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক ৷ কলিকতাত পোনপ্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই পথাৰ প্ৰচলন কৰিছিল ৷
“ দুৰ্গা“ শব্দটোৰ এক মহত্ত্ব পূৰ্ণ অৰ্থ আছে ৷ ’দ’ আখৰে দৈত্যনাশক ’উ’-কাৰে বিঘ্ননাশক, ’ৰেফ’ ৰোগনাশক ’গ’ আখৰে পাপনাশক আৰু ’আ’কাৰে ভয় তথা শত্ৰুনাশক ৷ অৰ্থাৎ দৈত্য , বিঘ্ন , ৰোগ , পাপ আৰু ভয় ৷ শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা।


No comments:
Post a Comment