অহংকাৰে পতনৰ মূল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 1, 2023

অহংকাৰে পতনৰ মূল


 

অহংকাৰে পতনৰ মূল


নন্দেশ্বৰ মিলি



    হংকাৰ সৃষ্টি হয় অহং ভাৱৰপৰা।মইবৰ ভাবে অহং সৃষ্টি কৰে।ফ্ৰয়ডে মনোবিশ্লেষণাত্মক তত্ত্বত ইড,ইগো আৰু চুপাৰ ইগো নামেৰে মনক তিনিটা ভাগত ভাগ কৰা হৈছে।ইড নিম্নতম স্তৰ।ইয়াত মানুহৰ প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয়।ইগো ইডৰ অলপ উন্নত স্তৰ।ই ইড আৰু চুপাৰ ইগোৰ মধ্যৱৰ্তী হিচাপে কাম কৰে।তথাপি ইয়াত মানুহৰ ভাল-বেয়া,উচিত-অনুচিত আদি বিচাৰ কৰাৰ সামৰ্থ্য নাথাকে।ইয়াত মানুহৰ আত্মকেন্দ্ৰিক দিশটো জড়িত হৈ থাকে।চুপাৰ ইগোত মূল্যবোধৰ কথা জড়িত হৈ থাকে।আৰু ই মনৰ শীৰ্ষতম স্তৰ।


অহংকাৰে জীৱনৰ পতনৰ মূল।অহংকাৰে মানুহক অন্ধ কৰি তোলে।ই নিজকে চিনি পাবলৈ আৰু আন ব্যক্তিকো চিনি পোৱাত অন্ধ কৰি তোলে।প্ৰতিজন ব্যক্তিৰৈ নিজস্ব জ্ঞান-কৌশলৰে এক নিৰ্দিষ্ট সীমা থাকে।ব্যক্তিজনে সৰ্ব-বিশেষজ্ঞ,সৰ্বগুণসম্পন্ন হ'ব নোৱাৰে।কিন্ত্ত সেই অহংকাৰে নিজস্ব গুণ-দক্ষতাক চিনি পোৱাত আৰু নিজৰ সীমাৱদ্ধতাক বুজি পোৱাত বাধা জন্মায়।সকলো ক্ষেত্রতে বিশেষজ্ঞ পণ্ডিত,সৰ্বশক্তিমান হিচাপে নিজকে ভাবিবলৈ বাধ্য কৰি তোলে।তেনে মনোভাবে মানুহজনক পতন নিশ্চিত কৰি তোলে।


     অহংকাৰে মইবৰ ভাব জন্মায়।মই,মোৰ ধৰণৰ শব্দবোৰে অহংকাৰৰ সৃষ্টি কৰে।কোনোবাই যদি অহংকাৰী হৈ পৰে তেন্তে আনক সন্মান,শ্ৰদ্ধা,ভক্তি কৰাৰ দৰে সু-গুণবোৰ বিকাশৰ ক্ষেত্রত প্ৰত্যাহ্বান জন্মায়।আন ব্যক্তিৰ গুণ,দক্ষতা,সামৰ্থ্যৰ ওপৰত ভেঙুচালি কৰিবলৈও পিছ নোহোকে।আনৰ জ্ঞান-কৌশলক অৰ্থহীন,অপ্ৰয়োজনীয় বুলি বিবেচিত কৰিবলৈ মনত ভাব জন্মায়।আনৰ ভাল বা উন্নতি হোৱাৰ ক্ষেত্রত শুভেচ্ছা,আন্তৰিকতা প্ৰকাশ কৰিবলৈও টান পায়।কোনোবাই সহায় কৰিলেও তাক ধন্যবাদ এটি জনাবলৈও ইচ্ছা নকৰে।


      অহংকাৰী লোকক কোনেও ভাল নাপায়।তেওঁক কোনেও শ্ৰদ্ধা নকৰে।তেওঁ সমাজৰ এলাগী হৈ যায়। তেওঁক কোনেও সংগ দিব নোখোজে।তেওঁলোকে সমাজৰ নীতি-নিয়মৰ লগত মিলিব নোখোজে। তেওঁলোক সমাজখনৰ লোকসকলক মানুহ বুলি গণ্যই নকৰে।নিজে নপতা ফুকন হৈ সমাজখনত জীৱন নিৰ্বাহ কৰে।সেয়ে ক্ৰমে সমাজখনৰপৰা ফালৰি কাটি আহে।সমাজখনেও তেওঁলোকক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।শেষত তেনেকৈয়ে তেওঁ নিঃসংগতাত ভুগি জীৱনটোৰ শেষ পৰ্যায়ত উপনীত হয়গৈ।


      বৰ্তমান সময়ত মানুহক ধন-দৌলত,ক্ষমতা আদিয়ে অহংকাৰী ভাব জন্মাইছে।তেওঁলোকে ক্ৰমে নিজৰ ক্ষমতা লাভালাভৰ কথাহে দিনে-ৰাতিয়ে চিন্তা-চৰ্চা কৰে।ব্যস্ততাময় আৰু কৃত্রিম জীৱনবোধে মানুহবোৰক আত্মকেন্দ্ৰিক,ক্ষমতালোভী আৰু ভোগবাদী জীবনবোধ গঢ়ি তুলিবলৈ বাধ্য কৰিছে। মানুহে নিজৰ প্ৰাপ্য নাপালে কোনো কামতে আগবাঢ়ি আহিবলৈ ইচ্ছা নকৰে।তেনেবোৰ মনোভাবৰ ফলত আমাৰ সুন্দৰ সামাজিক সম্পৰ্কবোৰৰ মাজত বৰ্তমানে ঘূণে ধৰিছে।বিভিন্ন অসামাজিক,অনৈতিক কাৰ্যবোৰ দিনক দিনে বাঢ়ি আহিবলৈ ধৰিছে।


      অহংকাৰে মনত ভাল চিন্তা-চৰ্চা,সুস্থ মনোভাব আদি বিকাশ হোৱাত বাধা জন্মায়।তেনে চিন্তাধাৰাই আমাৰ মনত থকা সু-গুণবোৰ বিকাশৰ ক্ষেত্রত এক প্ৰত্যাহ্বানমূলক বিষয় হৈ পৰে।কাৰণ তেনে অহংবোধে মানুহক অন্ধ কৰে। নিজৰ ভাল-বেয়া, উচিত-অনুচিত,ন্যায়-অন্যায় ধৰণৰ বিচাৰবোৰ মনলৈ আহিবলৈ অৱকাশ নিদিয়ে।তেওঁলোক নিজক লৈয়ে ব্যস্ত থাকে,নিজৰ মাজতে কেন্দ্ৰীভূত কৰি ধ্যান-ধাৰণা, কৰ্মবোৰ চলি থাকে।


   অহংকাৰে এজন ব্যক্তিক এক সংকীৰ্ণ পৃথিৱীত ডুবাই ৰাখে।যিহেতু তেওঁলোক নিজৰ ইচ্ছা-অনিচ্ছা, আশা-আকাংক্ষাৰ বাদে আনৰটো গ্ৰহণ কৰিব নোখোজে।নিজকে একেবাৰে শুদ্ধ আৰু সৰ্বেসৰ্বা বুলি ভাবি লোৱাৰ পিছত তাৰ নতুনত্ব আৰু মৌলিকতা তথা গঠনাত্মক চিন্তা বিকাশৰ কোনো মনোভাব নাথাকে।যাৰ বাবে নিজৰ ভুল-ক্ৰটিসমূহক চিনাক্তকৰণ কৰি তাক পৰিশোধিত কৰাৰ দৰে সুযোগো তেওঁৰ একেবাৰে নাথাকে। 


   অহংকাৰে নিজৰ বিকাশ আৰু প্ৰগতিত তলা লগাই বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব।কাৰণ অহংকাৰে নিজৰ সামাজিক পৰিকাঠামোৰ সম্পৰ্কবোৰ ভাঙি দিয়ে।অহংকাৰে নিজৰ সীমাৱদ্ধতা,ভুল-ক্ৰটীসমূহক চিনি পোৱাত আৰু তাক পৰিশুদ্ধি ঘটোৱাত ব্যৰ্থ কৰি তোলে।অহংকাৰে আন ব্যক্তিৰ গুণ-দক্ষতাসমূহক স্বীকাৰ কৰি আৰু তাৰপৰা কিবা শিকি নিজকে সবলভাৱে গঢ়ি তোলাটো বাধা জন্মায়।মইবৰ স্বভাৱে নিজকে এটি সংকীৰ্ণ পৃথিৱীত আৱদ্ধ কৰি ৰাখে।অত্যধিক আত্মকেন্দ্ৰিকতাই নিজকে নতুন ধ্যান-ধাৰণা,জ্ঞান-অভিজ্ঞতা,কলা-কৌশল আদিত বিনিময় আৰু আদান-প্ৰদানত প্ৰতিবন্ধকতা সৃষ্টি কৰি তোলে।অহংকাৰে ব্যক্তিক সময়ৰ গতিত তাল মিলাই চলোৱাত আৰু গতিশীল জীৱন ধাৰণৰ ক্ষেত্রত বাধা আৰোপ কৰে।ই জীৱনটোক স্থিতিশীল কৰি তোলে।যাৰ বাবে অহংকাৰী লোকসকলে জীৱনত অপচয় আৰু লোকচানৰ বাদে আন একো লাভজনক সুবিধা আহৰণ কৰিবলৈ সুযোগ নাপায়।


     মানুহৰ জীৱনটো তেনেই দুদিনীয়া।ধনী-দুখীয়া, জাতি,বৰ্ণ, ধৰ্ম,ভাষা,লিংগ নিৰ্বিশেষে সকলোৱে এদিন সেই পৃথিৱীখনক এৰি যাবই লাগিব।গতিকে এনেহেন খন্তেকীয়া জীৱনটোত অহংকাৰ কৰি কিবা লাভ আছে জানো? নিশ্চয় নাই।এই  জীৱনটোত আমি অহংকাৰৰ দৰে নেতিবাচক আৰু ধ্বংসমুখী দিশটোক গুৰুত্ব দিয়াৰ বাদে সমাজৰ লগত একেলগে মিলিজুলি থাকি ভাল ভাল কাম কৰি আগবাঢ়ি যাব পৰ‍া ব্যক্তি হিচাপে নিজকে গঢ়ি তোলাটোহে আমি চিন্ত‍-চৰ্চা কৰাটো দৰকাৰ।অহংকাৰে ব্যক্তিৰ সামাজিক অৱস্থান আৰু স্থিতি অৱনমিতহে কৰি ৰাখে, উত্তৰণত অকণো সহায় নকৰে।সেয়ে আমি নিজকে কোনো ক্ষমতা,ধন-দৌলত আদিৰ দৰে ক্ষণস্থায়ী বস্তুক লৈ অহংকাৰ কৰাটো বাদ দি এক সুস্থ আৰু সামাজিক ব্যক্তিত্বৰ অধিকাৰী মানৱ হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ হওঁ আহক।



Doksiri দকচিৰি, অক্টোবৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages