শান্তি সতী ৰাধিকা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 1, 2023

শান্তি সতী ৰাধিকা

 

শান্তি সতী ৰাধিকা


চিত্ৰলেখা মহন্ত


       পূণ্যভূমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মহিয়সী নাৰীসকলৰ ভিতৰত আমাৰ অসমভূমিত জন্মা সতী ৰাধিকাও অন্যতম। কৈৱৰ্ত কুলত  সতী ৰাধিকা উপজিছিল ১৪৫৬ চনৰ ব'হাগ মাহৰ পূৰ্ণিমা তিথিত। কোনো কোনোৰ মতে ভাদ মাহৰ পূৰ্ণিমা তিথিত। ৰাধিকা নামটো মহাপুৰুষ শঙ্কৰদেৱে দিছিল। পিতৃ-মাতৃ প্ৰদত্ত নাম আছিল সুমথিৰা। বিয়াৰ সময়ত নাম থোৱা হৈছিল জয়ন্তী। কিন্তু স্বামীয়ে মাতিছিল তৰাৱতী বুলি। নদীয়াল মাছমৰীয়া পূৰ্ণানন্দ ৰাধিকাৰ স্বামীৰ নাম। নলচা গাঁৱৰ বাসিন্দা আছিল পূৰ্ণানন্দ। 


      নগাঁৱৰ পশ্চিম প্ৰান্তত পৱিত্ৰ বৰদোৱা থান অৱস্থিত। বৰদোৱাত শঙ্কৰদেৱ থকা দিনৰে কথা। বৰদোৱা থানৰ ওচৰতে টেম্বুৱানী নামে এটা জান আছিল। বাৰিষা কালত মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী ফেনে ফোটোকাৰে বাঢ়ি টেম্বুৱানী জানত পৰেহি।দুকুল উপচি পৰা টেম্বুৱানী জানৰ পানীয়ে প্ৰতি বছৰে বৰদোৱাত বানৰ বিভীষিকা নমাই ধ্বংসলীলা আৰম্ভ কৰিছিল। গোটেই বৰদোৱাখন জলমগ্ন কৰি খেতি পথাৰ পানীৰে বুৰাই ৰাইজৰ দুখ কষ্টৰ কাৰক হৈ পৰিছিল। সেই দুখ দুৰ্দশাৰ পৰা মুক্ত হ'বলৈ ৰাইজ সাজু হ'ল টেম্বুৱানী জানত বান্ধ দিবলৈ। কিন্তু কেইবাবাৰো বান্ধ দিবলৈ চেষ্টা কৰাৰ  পাছতো ৰাইজ সফল নহ'ল। প্ৰৱল সোঁতে বান্ধ ছিঙি টুকুৰা- টুকুৰ কৰি উটুৱাই লৈ যায়। উপায়বিহীন হৈ তেওঁলোকে সেই সময়ত বৰদোৱাতে থকা মহাপুৰুষ শঙ্কৰদেৱৰ ওচৰলৈ যোৱাটোকে ঠিৰাং কৰিলে। গুৰুজনাক সকলো কথা ভাঙিপাতি কোৱাত গুৰুজনাই শান্তি সতী এগৰাকীয়ে পলৰে পানী আনি জানত দিলে বান্ধ দিব পাৰিব বুলি সমিধান দিলে। গুৰুজনাৰ কথা শুনি সমবেত জনতাই শান্তি কন্যাৰ অৰ্থ জানিব বিচাৰিলে। তেতিয়া শঙ্কৰদেৱে ক'লে--- যি গৰাকী কন্যাই সহস্ৰ বিন্ধা থকা পলৰে নদীৰপৰা পানী আনোতে এটোপালো পানী সৰকি নপৰাকৈ আনিব পাৰিব তেওঁৱেই শান্তি কন্যা বুলি প্ৰমাণিত হ'ব। সেই পানী ব্ৰহ্মপুত্ৰৰ পৰা আনিব লাগিব।মাছ ধৰা সঁজুলি পলত অসংখ্য বিন্ধা আছে, তেনেক্ষেত্ৰত এটোপালো পানী নসৰাকৈ পানী অনাটো কেনেকৈ সম্ভৱ হ'ব ? গুৰুজনাৰ কথাত ৰাইজ হতাশ হ'ল। 

            

       শান্তি কন্যাৰদ্বাৰাহে জানত বান্ধ দিব পৰা যাব কথাষাৰ ইকাণ সিকাণকৈ সহস্ৰ কাণ বাগৰি গোটেইখনতে জনাজাত হৈ পৰিল। উচ্চ বৰ্ণৰ বহু গৃহিনীয়ে নিজকে শান্তি কন্যাৰূপে পৰিগণিত কৰিবলৈ আহিছিল যদিও বিফল হ'ল। 


       শান্তি কন্যাৰ সন্ধানত ৰাইজে দিহিঙে দিপাঙে খবৰ কৰিল যদিও আশাহত হ'ল। এদিন ৰাইজে আকৌ একগোট হৈ এই বিষয়ে আলোচনা কৰি আছিল জানৰ পাৰত বহি। ঠিক সেই সময়তে ৰাধিকাই গিৰীয়েকৰ সৈতে নাৱেৰে ভটিয়াই গৈ আছিল। মানুহৰ সমাগম দেখি ৰাধিকাই গিৰীয়েকক সোধাত গিৰীয়েকে ৰাইজৰ পৰা কথাটো গম পাই ক'লে --- গুৰুজনাই জানটো বান্ধিবৰ বাবে শান্তি কন্যা বিচাৰিবলৈ দিছিল। কিন্তু তেওঁলোকে ক'তো শান্তি কন্যা বিচাৰি নাপালে। সেই হেতুকে কি উপায়েৰে জানটো বান্ধিব পাৰি তাৰেই আলোচনা কৰিবলৈ ৰাইজ গোট খাইছে। 


        গিৰীয়েকৰ কথা শুনি ৰাধিকাৰ চকুত বাৰিষা কালত টেম্বুৱানী জানৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা জনসাধাৰণৰ দুখ কষ্টৰ ছবিখন ভাহি উঠিল।তেওঁ জানটো বান্ধিবৰ বাবে প্ৰয়োজন হোৱা শান্তি কন্যা হ'বলৈ হাবিয়াস কৰিলে। যিহেতু তেওঁৰ সতীত্বৰ ওপৰত দৃঢ় আত্মবিশ্বাস আছিল। পৱিত্ৰ, সৰলমনা ৰাধিকাই গিৰীয়েকক মনৰ কথাষাৰ ক'লে। ৰাধিকাৰ কথা শুনি পূৰ্ণানন্দই না না ধৰণে তিৰস্কাৰ কৰিলে। ৰাধিকাই গিৰীয়েকৰ তিৰস্কাৰত গুৰুত্ব নিদি অতি বিনম্ৰতাৰে আৰু দৃঢ়তাৰে ক'লে-- মই জীৱনত কেতিয়াও কোনো অপকৰ্ম কৰা নাই। আপোনাৰ বাহিৰে মই কাৰো ছাঁ টোও চোৱা নাই। মনলৈ কাৰো কথা অনা নাই।সেইবাবে মই সতীত্বৰ যিকোনো পৰীক্ষাতেই কৃতকাৰ্য্য হ'ম। এই লৈয়ে দুয়োৰে মাজত নাৱতে বাক- বিতণ্ডা হ'ল। তেওঁলোকৰ কথা জানৰ পাৰত গোট খোৱা মানুহৰ কৰ্ণগোচৰ হোৱাত তেওঁলোকে গুৰুজনাক কথবোৰ ক'লেগৈ। ৰাইজৰ কথা শুনি গুৰুজনাই এখন সভাৰ আয়োজন কৰি দুয়োকে তেওঁৰ ওচৰলৈ লৈ  আনিবলৈ ক'লে। সভালৈ তেওঁলোক দুয়ো আহিল। গুৰুজনাই কেনেকৈ শান্তি কন্যা হ'ব ৰাধিকাক বুজাই দিলে। সেই অনুসৰি ৰাধিকাই  ব্ৰত উপবাস পালন কৰি পিছদিনা ৰভাতল পালেহি পৰীক্ষা দিবলৈ শান্তি কন্যা বুলি। পলৰেনো কেনেকৈ ব্ৰহ্মপুত্ৰৰ পানী আনিব ! নীহকুলীয়া ৰাধিকা কেনেকৈনো শান্তি কন্যা হ'ব তাকে চাবলৈ ৰভাতলি লোকে লোকাৰণ্য হৈ পৰিল। 


        ৰাধিকাই ইষ্ট দেৱতাক স্মৰণ কৰি স্বামীৰ ভৰিত ধৰি সেৱা জনাই পলৰে পানী আনিবলৈ গ'ল। আচৰিত ধৰণে ৰাধিকাই পলৰে পানী লৈ আনিলে। তিলমানো পানী সৰকি নপৰিল। ৰাইজে হৰিধ্বনি দিলে। কিন্তু গুৰুজনাই পলৰ পানী পৰীক্ষা কৰি চাৰি আঙুল পানী কম পালে। তেতিয়া তেওঁ ৰাধিকাক সুধিলে পানী চাৰি আঙুল কম আহিল কিবা পাপ কৰিছিলানেকি? বা কিবা দোষণীয় কামত লিপ্ত হৈছিলা নেকি? যদি কৰিছিলা কোৱা আমি তোমাৰ দোষ মৰিষণ কৰিম। তেতিয়া ৰাধিকাই  স্বীকাৰ কৰিলে যে -- এদিন ভণীজোঁৱাই আহোঁতে ভাত খাবলৈ কৈছিলোঁ। ভাত খাবৰ বাবে কলপাত কাটিব দিছিলোঁ ঘৰত কোনো নথকাৰ বাবে। কলপাত কাটিবলৈ কাঁচিখন দিওঁতে মূৰৰ ওৰণিখন খহি পৰিছিল। চকুৱে চকুৱে পৰাত ক্ষন্তেকৰ বাবে অসহজ হৈ পৰিছিলোঁ। সেইয়া কিন্তু তেওঁৰ অজানিতে হোৱা পাপ। নিজ ইচ্ছানুসৰি সেই কাম কৰা নাছিল। অতীতত ঘটা ঘটনাটো সমজুৱাকৈ অকপটে স্বীকাৰ কৰাবাবে সেইয়া কোনো পাপ নহয় বুলি কৈ গুৰুজনাই ৰাধিকাক আকৌ পানী আনিবলৈ পঠিয়ালে। পুনৰাই ৰাধিকাই পানী আনিবলৈ গ'ল। আচৰিত ধৰণে এইবাৰ পলটো পানীৰে পূৰ্ণ হোৱাৰ উপৰিও চাৰি আঙুল পানীৰ চকৰি এটা উঠি আহিল। সেই পানী শঙ্কৰদেৱে টেম্বুৱানী জানৰ নিৰ্দিষ্ট ঠাই এটুকুৰাত ঢালিবলৈ দিলে। ৰাধিকাইও গুৰুজনাৰ নিৰ্দেশত দেখুৱাই দিয়া স্থানত ভক্তিভাৱেৰে পানী ঢালিলে। পানী ঢলাৰ লগে লগেই পানীৰ তীব্ৰ সোঁত ধীৰ হৈ গ'ল। চাৰিওকাষে থকা জনতাই ৰাধিকাক উদ্দেশ্যি জয়ধ্বনি দিবলৈ আৰম্ভ কৰিলে। সতীৰ মহিমা দেখি ৰাইজে তৱধ মানিলে। শঙ্কৰদেৱে সেই স্থানতে মাটি কেইচপৰামান দিবলৈ ৰাধিকাক ক'লে। গুৰুজনাৰ আদেশ মানি ৰাধিকাই মাটি দিয়াৰ পাছত উপস্থিত সকলে চাঙি, পাচিৰে ওখ ঠাইৰ মাটি কাটি আনি জাপি দিবলৈ আৰম্ভ কৰিলে। খুব সোনকালে টেম্বুৱানী জান সম্পূৰ্ণ হৈ উঠিল। টেম্বুৱানী জানৰ বান্ধ চিৰস্থায়ী হ'ল। তেতিয়াৰ পৰা টেম্বুৱানী জানৰ নাম সতী ৰাধিকাৰ নামেৰে শান্তিজান হ'ল।ৰাধিকাৰ সতী গুণৰ দ্বাৰা সেই অঞ্চলৰ ৰাইজৰ বৃহৎ সমস্যা এটাৰ অন্ত পৰিল। উপস্থিত ৰাইজে গুৰুজনাক সেৱা কৰাৰ লগতে সতী ৰাধিকাক ভূয়সী প্ৰশংসাৰে উপচাই পেলালে। ৰাধিকাৰ এই মহৎ কাৰ্য্যত সন্তুষ্ট হৈ কৃতজ্ঞতাৰ চিন স্বৰূপে বৰদোৱাত গুৰুজনাৰ কীৰ্ত্তনঘৰৰ চৌহদৰ কাষতে মাটিবাৰী দি পূৰ্ণানন্দ আৰু ৰাধিকাক ভকতৰূপে স্থান দিয়ে জ্যেষ্ঠ ভূঞাসকলে। নিষ্কলুষ মন, প্ৰৱল আত্মবিশ্বাস, ঈশ্বৰভক্তি আৰু পতিব্ৰতাৰ গুণত নীহ কুলীয়া ৰাধিকাই ব্ৰাহ্মণ, কায়স্থ কুলৰ বধুয়ে  কৰিব নোৱাৰা অসাধাৰণ অলৌকিক কাৰ্য্য এটি সমাধা কৰি কাললৈ খ্যাতি ৰাখি গ'ল। 

Doksiri দকচিৰি, অক্টোবৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages