মালিনী থান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 1, 2023

মালিনী থান

 



মালিনী থান 


নৱজ্যোতি বৰা

    জুলাই তিনি তাৰিখে ডিম্পুলে মোক চিলাপথাৰলৈ লৈ গ'ল। চিলাপথাৰৰ  কাষতে আছে মালিনী থান। মানিলী থান হৈছে অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ অসম -অৰুণাচলৰ সীমাৱতী অঞ্চল লিকাবালিৰ নাতিদূৰৈত অৱস্থিত শক্তিপীঠ ৰুপে খ্যাত এটি পৱিএ ধৰ্মীয় স্থান । তাহানিতে প্ৰাচীন কামৰূপৰ সীমাৰ ভিতৰত এই থান অন্তভূক্ত আছিল ।সপ্তম শতিকাত ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত প্ৰাচীন কামৰূপ ৰাজ্যৰ পূৱ-সীমাই বৰ্তমানৰ মালিনী থান আছিল। এই থান কেতিয়া কোন ৰাজবংশৰ দিনত নিৰ্মাণ কৰা হৈছিল তাক ঠাৱৰ কৰা টান যদিও পুৰাতত্ত্বিক গৱেষকসকলে খ্ৰীষ্টীয় দশম শতিকাৰ পৰা দ্বাদশ শতিকা পৰ্যন্ত প্ৰাচীন কামৰূপৰ ৰাজত্ত্ব কৰা পালবংশীয় ৰজাসকলে এই মালিনী থান নিৰ্মাণ কৰে বুলি অনুমান কৰিছে ।

    ইতিহাসৰ পৃষ্ঠা মেলি চালে আমি বুজিব পাৰোঁ যে ইয়াত একালত এটি মন্দিৰতে দূৰ্গা , শিৱ ,   লক্ষী-সৰস্বতীকো উপাসনা কৰা হৈছিল । এনেকৈয়ে এটা সময়ত কিবা কাৰনত এই মন্দিৰটো ভাগি ছিগি ধ্বংসস্থুপত পৰিনত হৈছিল আৰু ইয়াৰ মূৰ্তি , বিগহ আদিবোৰ মাটিত পোট গৈছিল ।সেয়ে বুৰঞ্জীবিদ ড° লীলা গগৈয়ে মতপোষণ কৰিছে যে----' অনেক দিন এইদৰে থকাৰপিছত এই শতিকাৰ তৃতীয় দশকত ডব্লিউ এইচ কালভাৰ্ট নামেৰে পাছিঘাটৰ সহকাৰী পলিটিকেল অফিচাৰ এজনে মালিনী থান পৰিদৰ্শন কৰে আৰু এই ঠাইত থকা সন্ন্যাসী এজনক তাৰপৰা খেদি পঠায়। সেই সময়লৈকে এই ঠাইত ভালেমান দেৱ-দেৱীৰ মূৰ্তি অক্ষত অৱস্থাত আছিল ; কিন্তু আগেয়ে উল্লেখ কৰা সন্ন্যাসীজনে কিছুমান মূৰ্তি ভাঙি পেলায় । সম্ভৱতঃ তেওঁৰ নিজৰ বিশ্বাসসন্মত কোনোবা দেৱতাক প্ৰতিষ্ঠা কৰিব খুজিছিল । তাৰ পিছত বছৰছেৰেক নীৰৱতাৰ মাজেদি পাৰ হৈ যায় ।ভাৰতবৰ্ষ স্বাধীনতা পোৱাৰ পিছত পুনৰ দুজনমান চৰকাৰী বিষয়াই মালিনী থান পৰিদৰ্শন কৰি যোনীপীঠৰপৰা বিচ্ছিন্ন হৈ থকা এটি শিৱলিংগ , তিনিডোখৰ হৈ ভাগি থকা দুৰ্গাৰ দশভূজা মূৰ্তি , গণেশৰ মূৰ্তি আদিৰ উপৰি কিছুমান ভগা-ছিগা মূৰ্তি দেখিবলৈ পায় । ১৯৬৮-৬৯ চনতে অৰুণাচল চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই ঠাইডোখৰ পৰিষ্কাৰ কৰি প্ৰয়োজনীয় খনন কাৰ্য চলায় আৰু কিছুমান ঐতিহাসিক দিশৰপৰা গুৰুত্বপূৰ্ণ বস্ত উদ্ধাৰ কৰে ।' এই উদ্ধাৰ হোৱা মূৰ্তি আৰু বিগ্ৰহসমূহ পুনৰ সংস্থাপনৰ যোগেদিয়েই বৰ্তমানৰ থানখনৰ অস্তিত্ব তথা স্থাপনৰ কাৰ্য সমাপন হৈছিল।


   মালিনী থান নামটো কেনেকৈ হ'ল তাক সঠিককৈ কোৱা টান । মাৰিনী থান নামটো উৎপওিৰ অন্তৰালত কেইবাটাও আখ্যান জড়িত হৈ আছে । হৰিবংশ আৰু বিষ্ণুপুৰাণৰ মতে কুণ্ডিলৰ ( বৰ্তমান শদিয়া ) ৰজা ভীস্মকৰ পৰমাসুন্দৰী কণ্যা ৰুক্সিণীক দ্বাৰকাৰ শ্ৰীকৃষ্ণই হৰণ কৰি লৈ গৈ থকাৰ কথা শিৱ-পাৰ্বতীয়ে গম পাই এই থানৰ  পুস্পবনতে তেওঁলোকক আদৰণি জনাবৰ বাবে অপেক্ষা কৰি থাকে । শ্ৰীকৃষ্ণয়ো পাহাৰৰ ওপৰত দিব্য উপবনত হৰ-পাৰ্বতীক দেখি ৰথ ৰখাই তেওঁলোকৰ ওচৰ চাপি আহিল । আহোতেই ফুলনিত ফুলৰ মালা গাঁথি থকা পাৰ্বতীক শ্ৰীকৃষ্ণই মালিনী দেৱী বুলি সম্বোধন কৰিলে । তেতিয়াৰে পৰা সেই নাম অনুসৰিয়েই ঠাইখনৰ নাম মালিনী থান নামে জনসাধাৰনৰ মাজত জনা-জাত হ'য় ।আন এক আখ্যান মতে••• এসময়ত এই অঞ্চলটোত নানান ফুলেৰে এখন উপ-বন আছিল আৰু ফুলনিখন পৰিচালনা কৰিবৰ বাবে তাত কেইগৰাকীমান মালিনী আছিল ।ইয়াৰে এগৰাকী মালিনী মহাদেৱ শিৱৰ প্ৰেমত পৰা কথা পাৰ্বতীয়ে জানিব পাৰি মালিনিক অভিশাপ দিয়ে ।পাৰ্বতীৰ শাপত মালিনীয়ে এই ঠাইতে মস্তক হেৰুৱাছিল আৰু তাৰ পিছৰে পৰা এই ঠাইখনৰ নাম মালিনী থানৰুপে পৰিচিত হ'ল । মালিনী থানৰ মূল মন্দিৰৰ উওৰে এশফুটমান উচ্চতাত ৰুক্সিণী মন্দিৰ নাামৰ এটা সৰু মন্দিৰ আছে । কথিত আছে যে শ্ৰীকৃষ্ণ আৰু ৰুক্সিণীৰ বিৰ্বাহকাৰ্য সম্পন্ন হোৱাৰ পাছত এই স্থানতে এৰাতি কটাই পিছ দিনা দ্বাৰকালৈ যাএা কৰিছিল ।         

         ঐতিহাসিক দৃষ্টিকৈণৰপৰা মালিনী থানত খনন কাৰ্যত উদ্ধাৰ হোৱা সামগ্ৰীবোৰ দেখি কোনো সুনিপুণ ভাস্কৰ্য শিল্পীৰ হাতৰ পৰশত প্ৰাণ পোৱা যেন লাগে । ঐতিহাসিক দৃষ্টিৰে চালে এই ঠাইত নিৰ্মিত স্থাপত্যবোৰ প্ৰাক্‌ আহোম যুগৰ স্থাপত্য শিল্পৰ উজ্বল নিদৰ্শন ।  খ্ৰীষ্টীয় অষ্টমৰপৰা দশম শতিকাৰ মাজভাগত অসমলৈ হোৱা আৰ্য ধৰ্মীয় সোঁতৰ প্ৰভাৱত প্ৰাচীন অসমৰ বৌদ্ধ আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰভুত্বক আঁতৰাই শাক্ত ধৰ্মই নিজৰ স্থিতি সবল কৰি তুলিছিল । এই বিশেষ সময়ছোৱাতেই শাক্ত ধৰ্মৰ বহু ধৰ্মীয় পিঠ বা স্থান গঢ় লৈ উঠিছিল ।মালিনী থানৰ খনন কাৰ্য্যত কাত্যয়নী ৰূপত এটি দেৱীমূৰ্তি পোৱা গৈছে ।গ্ৰেনাইট শিলেৰে নিৰ্মিত এই মুৰ্তিটোৰ জোখ হ'ল ওখই ১৪৮ চেন্টিমিটাৰ আৰু প্ৰস্থই ৭৭ চেন্টিমিটাৰ ।দেৱীয়ে সিংহ বাহনৰ ওপৰত ভৰি মেলি বহিছে ।ভৰিৰ তলত আছে ম'হৰ কটা মূৰ যাৰ ডিঙি অংশৰ পৰা মহিষাসুৰ দৈত্যৰ আবিৰ্ভাৱ ঘটিছে । ইয়াৰ লগতে ৫০ চেন্টিমিটাৰ ওখ  সৰস্বতীৰ মূৰ্তিও পোৱা গৈছে । দেৱী সৰস্বতীৰ দুয়োখৰ হাতেৰেই বিশেষ ভংগীত এখন বীণা বুকুৰ পোনত ধৰি আছে । খনন কাৰ্য্যত উদ্ধাৰ হৈছে এটি সূৰ্য মূৰ্তিৰো । বগা গ্ৰেনাইট শিলৰ সূৰ্য মূৰ্তিটো অতিশয় সুসজিত আৰু অলংকৃত কিন্ত মূৰ অংশটো নাই । সূৰ্য মূৰ্তিটোৰ জোখ ওখই ১১১ চেন্টিমিটাৰ আৰু প্ৰস্থই ৫০ চেন্টিমিটাৰ হ'ব ।মালিনী থানত নৃত্যৰত আৰু বহি থকা অৱস্থাত কেইবাটাও গণেশৰ মূৰ্তি পোৱা গৈছে । নৃত্যভঙ্গীত থকা মূৰ্তিটোৰ জোখ হ'ল ওখই ৯৬ চেন্টিমিটাৰ আৰু প্ৰস্থই ৪৮ চেন্টিমিটাৰ ।পুৰাতত্ত্ব বিভাগে ধ্বংসস্তুপৰ মাজৰ পৰা উদ্ধাৰ হোৱা মূৰ্তিবোৰ এটি সুন্দৰ সংগ্ৰহালয় নিৰ্মাণ কৰি তাতে ৰখাৰ বেৱস্থা কৰিছে । মালিনী থানলৈ উঠি যোৱা সুউচচ্চ খটখটিৰ প্ৰতিচলা শিলতেই ফুলাম কাৰু কাৰ্য কৰা আছে ।


  ইফালে সেই সময়ছোৱাতে শদিয়াত তাম্ৰেশ্বৰীৰ উখান ঘটিছিল আৰু শদিয়া সেই সময়ত চুতিয়াসকৰ শাসনৰ মুখ্য ৰাজধানি আছিল । এই কথাৰ পৰা এক অনুমান কৰিব পাৰি যে  চুতীয়াসকল শাক্ত গোসাঁনী তাম্ৰেশ্বৰী-কেঁচাইখাতীৰ অনুগামী আছিল , তাত কাৰোৰে দ্বিমত নাই। অন্যহাতে মালিনী থানত প্ৰতেক বছৰে পালন কৰি আহা বাসন্তি পূজা আৰু দুৰ্গা পূজাৰ পৰা এক অনুমান কৰিব পাৰি যে শাক্ত পূজাথলী তামেশ্বৰীৰ লগতে মালিনী থানৰ ওচৰ সম্পৰ্ক আছিল আৰু সেয়ে হেতু মালিনী থানখনো হয়তো কোনোবা চুতীয়া ৰজাৰ শাসন কালত নিৰ্মিত শাক্ত ধৰ্মৰে এটি শক্তিশালী পীঠ স্থান আছিল।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages